DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পঞ্জাৱৰ একেটা শৰীৰতে সংযুক্ত যমজ ভাতৃদ্বয়ে লাভ কৰিলে চৰকাৰী চাকৰি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2021 7:57 pm
Sohna and Mohna
230
VIEWS
Share on FacebookShare on Twitter

অমৃতসৰৰ সংযুক্ত যমজ সন্তান চোহনা-মোহনাই লাভ কৰিছে এক অনন্য কৃতিত্ব। সদায়ে আত্মনিৰ্ভৰশীল হ’বলৈ আগ্ৰহী ১৯ বছৰীয়া যুৱক দুজনে পঞ্জাৱ ষ্টেট পাৱাৰ কৰ্পোৰেচন লিমিটেড (পিএছপিচিএল)ত চাকৰি লাভ কৰিছে।

আইটিআইৰ পৰা ডিপ্লোমা (ইলেক্ট্ৰিচিয়ান) ধাৰণ কৰা চোহনা-মোহনাই ৬৬-কেভি পিএছপিচিএল কাৰ্যালয়ত নিয়মীয়া টি মেট হিচাপে তেওঁলোকৰ কৰ্তব্যত আনুষ্ঠানিকভাৱে যোগদান কৰে। তেওঁলোকে যোগান নিয়ন্ত্ৰণ কক্ষত কাম কৰিব বুলি কাৰ্যালয়ৰ এজন বিষয়াই কয়।

“আমি জানিব পাৰিছিলো যে আটাইতকৈ বিৰল বিশেষ ভাৱে সক্ষম যুৱক দুজনে আইটিআইত ডিপ্লোমা কৰি আছিল আৰু ইলেক্ট্ৰিচিয়ান হিচাপে কেৰিয়াৰ গঢ়িব বিচাৰিছিল। আমি তেওঁলোকৰ কাষ চাপিছিলো আৰু তেওঁলোকক অতি সক্ৰিয় যেন অনুভৱ কৰিছিলো। যমজ যুৱকদ্বয়ৰ ভাল কাৰিকৰী জ্ঞান আছে। সেয়েহে, আমি তেওঁলোকক সহানুভূতিৰ ভিত্তিত বিশেষ ভাৱে সক্ষম ব্যক্তিৰ কোটাৰ অধীনত আমাৰ বিভাগত নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছো।” পিএছপিচিএলৰ চিএমডি বেণু পাৰচাদে কয়।

চোহনা-মোহনাই কয় যে তেওঁলোকক এই সুযোগ প্ৰদান কৰাৰ বাবে তেওঁলোক পঞ্জাৱ চৰকাৰৰ ওচৰত কৃতজ্ঞ। “আমি অতি আন্তৰিকতা আৰু নিষ্ঠাৰে কঠোৰ পৰিশ্ৰম কৰিম।” চোহনাই কয়।

“আমি পিঙ্গালৱাৰা প্ৰতিষ্ঠানৰ প্ৰতি গভীৰভাৱে কৃতজ্ঞ যিয়ে আমাক ডাঙৰ-দীঘল কৰিছে, আমাক শিক্ষিত কৰিছে আৰু আমাক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিছে।” মোহনাই কয়।

উল্লেখ্য যে যমজ ভাতৃদ্বয়ৰ দুটা হৃদযন্ত্ৰ, দুযোৰ বাহু, বৃক্ক আৰু মেৰুদণ্ড আছে, কিন্তু এটা যকৃত, পিত্তথলী, প্লীহা আৰু এযোৰেই ভৰি আছে। ২০০৩ চনৰ ১৪ জুনত নতুন দিল্লীৰ সুচেতা কৃপলানি চিকিৎসালয়ত জন্ম গ্ৰহণ কৰা তেওঁলোকক তেওঁলোকৰ পিতৃ-মাতৃয়ে এৰি দিছিল।

পিছত তেওঁলোকক এইমছলৈ স্থানান্তৰ কৰা হৈছিল য’ত চিকিৎসকসকলে তেওঁলোকক পৃথক নকৰাৰ সিদ্ধান্ত লৈছিল। পৃথক কৰিলে যিকোনো এজনৰ জীৱন হেৰুওৱাৰ লগতে ভাস্কুলাৰ আৰু স্নায়বিক ক্ষতি হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰে চিকিৎসকে।

Recent News

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ULFA-I commander killed in encounter

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)-আৰক্ষীৰ সংঘৰ্ষ: আলফা কামাণ্ডাৰ উদয় অসম নিহত

cow hug day

‘গো আলিংগন দিৱস’লৈ সঁহাৰি সঞ্জয় ৰাউটৰ: আদানীক বিজেপিৰ পবিত্ৰ গৰু আখ্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd