• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাকিস্তানৰ কৰাচীত প্ৰাচীন হনুমান মন্দিৰসহ ২০ হিন্দু পৰিয়ালৰ বাসগৃহ ধ্বংস : চাওক llVIDEOll

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2020 4:20 pm
index.jpg11

ফ'টো সৌজন্য- ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমাৎ ধৰ্মোদ্মাদ বৃদ্ধি পাইছে দেশে বিদেশে। যেন পাহৰি গৈছে মানৱতাই পৰম ধৰ্ম! কি জনতা! কি শাসক! সকলোৱে যেন একে পথৰে পথিক!

বিশ্বত ক’ৰ’নাই মানৱ সভ্যতালৈ নমাই অনা দুৰ্যোগৰ মাজতো ভাৰত, পাকিস্তান, তুৰস্ক আদি কিছুমান দেশত বৃদ্ধি পায়ে আছে সাম্প্ৰদায়িক মনোবৃত্তি।

Apply Now

কিছুদিন পূৰ্বে কোভিড সন্ত্ৰাসৰ মাজতে ভাৰতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ভূমি পূজন কৰা হ’ল ৰাম মন্দিৰৰ। উল্লেখ্যে যে এই ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে কেবা শতিকাজুৰি থিয় দি থকা বাবৰি মছজিদক ধ্বংস কৰি।

ইয়াৰ কিছুদিন পূৰ্বে তুৰস্কত এটা ঐতিহাসিক গীৰ্জাক মছজিদলৈ ৰূপান্তৰ কৰিছে দেশখনৰ শাসকে।

কোভিড সন্ত্ৰাসৰ মাজতে সেই তুৰস্কৰে বন্ধু ৰাষ্ট্ৰ পাকিস্তানৰ কৰাচীস্থিত হিন্দুসকলৰ ঐতিহ্যপূৰ্ণ এটা হনুমান মন্দিৰ ধ্বংস কৰা হৈছে।

Ancient Hanuman Mandir Liyari Karachi Sindh was destroyed in a night by a Pathan settler and he building a house . Ancient antiques and valuable statues are missing . #StopDestroyingMandirs #stopReligiousOppression @pragnabharati @TarekFatah @USCIRF @State_SCA @StateDept @ANI pic.twitter.com/SjUXCrtpLY

— Zafar Sahito (@widhyarthi) August 17, 2020

কৰাচী চহৰৰ লিয়াৰি অঞ্চলত অৱস্থিত প্ৰাচীন হনুমাদ মন্দিৰটো ভাঙি দিয়া হৈছে বুলি প্ৰকাশ পাইছে পাক সংবাদ মাধ্যমত।

ইমানেই নহয়, মন্দিৰৰ আশে পাশে থকা ২০ টা হিন্দু পৰিয়ালৰ বাসগৃহও ভাঙি দিয়া হৈছে বুলি দাবী কৰিছে পাক সংবাদ মাধ্যমে।

স্থানীয় হিন্দু লোকৰ উদ্ধৃতিৰে পাক সংবাদ মাধ্যমসমূহে প্ৰকাশ কৰিছে যে, উক্ত হিন্দু মন্দিৰটোৰ চাৰিও কাষৰ ভূমি ক্ৰয় কৰি এজন নিৰ্মাতাই তাত এক বৃহ আট্টালিকা নিৰ্মাণ কৰিবলৈ বিচাৰিছে।

নিৰ্মাতাজনে স্থানীয় হিন্দু লোকসকলক প্ৰতিশ্ৰুতি দিছিল যে তাত থকা হনুমান মন্দিৰটোৰ কোনো ধৰণৰ ক্ষয়-ক্ষতি কৰা নহয়, মন্দিৰটো নিৰাপদে থাকিব।

কিন্তু কোভিড মহামাৰীৰ বাবে দেশখনত লকডাউন চলি থকাৰ সময়তে উক্ত নিৰ্মাতাজনে বুলড’জাৰেৰে প্ৰাচীন হনুমান মন্দিৰটোৰ লগতে তাৰ আশে পাশে থকা ২০ টা হিন্দু পৰিয়ালৰ বাসগৃহও ভাঙি পেলাইছে।

ইয়াৰ পিছতে স্থানীয় হিন্দুসকল এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ উঠিছে। প্ৰাচীন মন্দিৰটোৰ ধ্বংসস্তুপৰ চাৰিও কাষে স্থানীয় হিন্দু লোকসকলে প্ৰতিবাদ সাৱ্যস্ত কৰে।

প্ৰতিবাদৰ পিছতে স্থানীয় আৰক্ষীয়ে পৰিস্থিতি শান্ত কৰোৱাৰ স্বাৰ্থত উক্ত নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বিবাদমান অঞ্চলটো ছীল কৰি দিছে।

ইফালে পাক প্ৰশাসনৰ এক প্ৰশাসনিক বিষয়াই কৈছে যে, উক্ত অঞ্চলটোত এটাই নহয় দুটা হিন্দু মন্দিৰ আছিল আৰু পূৰ্বে এটা মন্দিৰ ধ্বংস কৰা হৈছিল।

ইফালে স্থানীয় হিন্দুসকলৰ প্ৰতিবাদৰ ফলস্বৰূপে প্ৰশাসনে নিৰ্মাতাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰাৰ লগতে হিন্দুসকলক সুৰক্ষা দিয়া হ’ব বুলি প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd