• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০: এক চমু পৰ্যালোচনা

     ভৱানী প্ৰসাদ শৰ্মা by ভৱানী প্ৰসাদ শৰ্মা
July 9, 2022 4:36 pm
307
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ দেশত চলি থকা ১৯৮৬ চনৰ শিক্ষা নীতিৰ এক আমূল পৰিবৰ্তন ঘটাই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ প্ৰৱৰ্তন কৰাৰ এক বিশেষ যো-জা চলি আছে। ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে যোৱা ২৯ জুলাই ২০২০ ইং তাৰিখৰ দিনা ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ক অনুমোদন জনায়।

কেবিনেটৰ উক্ত বৈঠকত মানৱ সংসাধন আৰু বিকাশ মন্ত্ৰালয়ৰ নাম সলাই শিক্ষা মন্ত্ৰালয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি যদি সকলো ঠিকে- ঠাকে থাকে তেন্তে অহা ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হ’ব বুলি জানিব পৰা গৈছে। এটা দীঘলীয়া অন্তৰালৰ পিছত ব্যাপক সালসলনি ঘটাই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰৱৰ্ত্তন কৰিব বিচাৰিছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ এন. ডি. এ চৰকাৰে। ইস্ৰোৰ প্ৰাক্তন বৈজ্ঞানিক কস্তুৰী ৰঞ্জনৰ অধ্যক্ষতাত গঠিত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সে পুৰণি ১০+২ ব্যৱস্থাৰ পৰিবৰ্তে ৫+৩+৩+৪ ব্যৱস্থা গ্ৰহণ কৰিব। সেই মৰ্মে প্ৰথম পাঁচ বছৰক ‘ফাউণ্ডেশ্যন স্তৰ’ (Foundation Stage) বুলি কোৱা হ’ব।

৩ বছৰীয়া কণমানি ল’ৰা-ছোৱালীবোৰক এই ফাউণ্ডেশ্যন স্তৰত নাম ভৰ্তি কৰোৱা হ’ব আৰু ৮ বছৰলৈ কোনো পৰীক্ষা নিদিয়াকৈ কণমানি ল’ৰা-ছোৱালীবোৰে খেল- ধেমালিৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিব। অৰ্থাৎ প্ৰথম ৩ বছৰ সম্পূৰ্ণ খেলা-ধূলাৰ মাজেৰে অতিবাহিত কৰিব আৰু শেষৰ দুবছৰ পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ প্ৰাথমিকভাৱে শিক্ষা গ্ৰহণ কৰিব শিশুসকলে। তাৰ পিছৰ পৰ্যায়ক প্ৰিপাৰে’টৰী স্তৰ (Preparatory Stage) বুলি কোৱা হ’ব। তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে থাকিব এই স্তৰত। পঢ়া শুনাৰ লগতে কিছুমান কৰ্মশীলতা (activities) থাকিব। আঞ্চলিক ভাষাত বা ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰিব পাৰিব ল’ৰা-ছোৱালীবোৰে। ইয়াৰ পিছত আহিব মাধ্যমিক স্তৰ (Middle Stage)। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষাদান দিয়া হ’ব এই স্তৰত। এই স্তৰত কম্পিউটাৰ (Computer Code), বৃত্তিমুখী পাঠ্যক্ৰম (Vocational), গণিত (Mathematics), বিজ্ঞান (Science), ক’লা (Arts), আদি বিষয়সমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব । যিকোনো এটা ভাৰতীয় ভাষা ল’ব পাৰিব শিক্ষাৰ্থীয়ে এই স্তৰত । ইয়াৰ পিছত আৰম্ভ হ’ব মাধ্যমিক স্তৰ ( Secondary Stage)। অৰ্থাৎ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে থাকিব এই মাধ্যমিক স্তৰত । এই স্তৰত কোনো বিজ্ঞান, ক’লা বা বাণিজ্য শাখা নাথাকিব (No Stream) ।

মুঠ আঠটা ষন্মাসিক ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ্থীসকল আগুৱাই যাব লাগিব পৰৱৰ্তী শ্ৰেণীলৈ। বিবিধ বিষয়সমূহ ( Multiple Subjects) থাকিব আৰু বিষয়সমূহ সমালোচনামূলক দৃষ্টি-ভংগীৰে (Critical Thinking) আলোচনা কৰা হ’ব। ছাত্ৰ-ছাত্ৰীয়ে কোনো এটা বিদেশী ভাষা (Foreign Language) বিষয় হিচাপে ল’ব পাৰিব।

স্নাতক পৰ্যায়ৰ শিক্ষা (Graduation)
স্নাতক পৰ্যায়ত চাৰি বছৰীয়া পাঠ্যক্ৰম থাকিব। ইয়াত কোনো বি.এ., বি.এছ.চি. বা বি. কম. বুলি নাথাকিব। প্ৰথম বৰ্ষ উত্তীৰ্ণ হ’লে চাৰ্টিফিকেট সহ স্নাতক (Graduate with Certificate) বুলি কোৱা হ’ব। ঠিক তেনেদৰে দ্বিতীয় বৰ্ষ উত্তীৰ্ণ হ’লে ডিপ্লোমা সহ স্নাতক (Graduate with Diploma), তৃতীয় বৰ্ষ উত্তীৰ্ণ হ’লে ডিগ্ৰী সহ স্নাতক ( Graduate with Digree) আৰু চতুৰ্থ বৰ্ষ উত্তীৰ্ণ হ’লে ৰিচাৰ্ছ সহ স্নাতক (Graduate with Research) বুলি কোৱা হ’ব। প্ৰত্যেক বছৰৰেই মূল্য (Value) থাকিব। অৰ্থাৎ কোনো ছাত্ৰ-ছাত্ৰীয়ে যদি চাৰ্টিফিকেট সহ স্নাতক কৰাৰ পিছত কিবা কাৰণত কলেজ এৰিব লগীয়া হ’ল আৰু এবছৰ/দুবছৰ পিছত আকৌ যদি নাম ভৰ্তি কৰে তেন্তে সেই ছাত্ৰ-ছাত্ৰীয়ে পোনে পোনেই দ্বিতীয় বৰ্ষত অৰ্থাৎ ডিপ্লোমা পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব। তিনি বছৰীয়া ডিগ্ৰী কোৰ্চ সম্পূৰ্ণ কৰিলে যিকোনো চৰকাৰী চাকৰি বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিব।

স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষা (Post Graduate)
স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষা এবছৰীয়া অথবা দুবছৰীয়া হ’ব। যিসকল ছাত্ৰ-ছাত্ৰীয়ে চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম শেষ কৰিছে তেওঁলোকৰ বাবে এবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম থাকিব আৰু যিসকলে তিনিবছৰীয়া পাঠ্যক্ৰম শেষ কৰি স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে দুবছৰীয়া পাঠ্যক্ৰম থাকিব। এম. এ., এম. এছ. চি., এম. কম. বুলি ‘স্ট্ৰীম’ (Stream) নাথাকিব । মাথোঁ থাকিব স্নাতকোত্তৰ (Post Graduate) বুলি। নতুন ব্যৱস্থাত বৰ্তমানে থকা এম. ফিল. নাথাকিব। চাৰি বছৰীয়া পি. এইচ. ডী. ডিগ্ৰী থাকিব নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ত। আমি জনাত পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ কাম পূৰ্ণগতিত চলি আছে বৰ্তমানে।

দেশখনৰ মুঠ ঘৰুৱা উৎপাদনৰ ৬ শতাংশ ব্যয় সাপেক্ষে যুগুত কৰিবলগীয়া এই শিক্ষা নীতিৰ বহুতো ইতিবাচক দিশ থকা আমাৰ দৃষ্টিগোচৰ হৈছে। ভোকেসনেল বা ব্যৱহাৰিক শিক্ষা ব্যৱস্থাই আমাৰ ছাত্ৰ-ছাত্ৰীক বাস্তৱিক জ্ঞান দিয়াৰ লগতে বৃত্তিমুখী কৰি তুলিব যাৰ বাবে বৰ্তমানে ভুগি থকা বেকাৰত্বৰ দুষ্পৰিণামৰ পৰা মুক্ত হ’ব বুলি আমাৰ ধাৰণা তথা বিশ্বাস। ফলাফলত (Result) প্ৰাপ্ত নম্বৰৰ (Marks) ওপৰিও থাকিব নিজে নিজৰ মূল্যায়ন,(Self Assessment) বন্ধু- বান্ধৱীয়ে দিয়া গ্ৰেড,(Grading by the Friends) শিক্ষক – শিক্ষয়েত্ৰীয়ে কৰা মূল্যায়ন (Grading by the Teachers) আদি। ইয়াৰোপৰি প্ৰস্তাৱিত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অন্তৰ্গত বিশ্বমানৰ ৫০ খন বিশ্ববিদ্যালয়ে নিজৰ শাখা ভাৰতবৰ্ষত খুলিব পাৰিব। সেয়া হ’ব আমাৰ বাবে প্ৰত্যাহ্বান স্বৰূপ। এই ঐতিহাসিক শিক্ষা নীতিৰ অন্তৰ্গত চাৰিটা বিভাগ (Department) থাকিব। যেনে- (i)পাঠ্যক্ৰম প্ৰস্তুতি বিভাগ (Syllabus Preparation Section), (ii) শিক্ষক- ছাত্ৰ-ছাত্ৰীৰ নিয়মানুৱৰ্তীতা বিভাগ, (Regularities of Teachers and students Section) (iii) দৰমহা, স্কোলাৰশ্বিপ তথা অনুসন্ধান বিভাগ ( Salary, Scholarship and Research Section), আৰু (iv) ফলাফল প্ৰস্তুতি বিভাগ ( Result Preparation Section) ।

প্ৰস্তাৱিত নতুন শিক্ষা নীতিয়ে গুণগত শিক্ষা প্ৰদানৰ বাবে চাৰিবছৰীয়া শিক্ষক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়াইছে। স্কুলৰ প্ৰত্যেক স্তৰতে খেলা-ধূলা, মাৰ্ছেল আৰ্টছ, নাচ-গান, গাৰ্ডেনিঙ, যোগা আদি ‘এক্সষ্ট্ৰা কেৰিকুলৰ এক্টিভিটি’ও সুনিশ্চিত কৰা হ’ব এই নতুন শিক্ষা নীতিত। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে গুণগত আৰু বাস্তৱমুখী শিক্ষা প্ৰদানৰ উদ্দেশ্যে গ্ৰহণ কৰা সিদ্ধান্তবোৰ বাস্তৱিকত কাৰ্যকৰী হ’লে আমাৰ শৈক্ষিক জগতলৈ এক আমূল পৰিবৰ্তন অহাই নহয়, আমাৰ হেৰোৱা ছন্দ ঘুৰি আহিব বুলি ধাৰণা হয় ।

                 লিখক সহযোগী তথা মুৰব্বী অধ্যাপক, ৰাজনীতি বিজ্ঞান বিভাগ, বঙাইগাঁও কলেজ, বঙাইগাঁও।
                                                                                               ফোনঃ৯৪৩৫১২১৮৯০

(এই লেখাৰ মতামত লেখকৰ সম্পূৰ্ণ নিজা। ইয়াৰ সৈতে সম্পাদনা বিভাগৰ কোনো সম্পৰ্ক নাই)

     ভৱানী প্ৰসাদ শৰ্মা

ভৱানী প্ৰসাদ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

September 16, 2025 11:50 am
প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

September 16, 2025 11:50 am
প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd