• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

ইট ৱাজ জাষ্ট এন এক্সিডেণ্ট

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
January 21, 2026 5:26 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইট ৱাজ জাষ্ট এন এক্সিডেন্ট-জফৰ পনাহিৰ এই চলচ্চিত্ৰখনি বৰ্তমান বিশ্ব চিনেমাৰ জগতত চৰ্চিত এটি নাম। ছবিখনৰ পৰিচালনা জফৰ পনাহিৰ। ইট ৱাজ জাষ্ট এন এক্সিডেন্টৰ কাহিনীভাগৰ লগতে চিত্ৰনাট্যও লিখিছে জফৰ পনাহিয়ে। ছবিখন ২০২৫ বৰ্ষৰ কাঁ‌ চলচ্চিত্ৰ মহোৎসৱত প্ৰথম প্ৰদৰ্শিত হৈছিল। পৰৱৰ্তী পৰ্যায়ত ২০২৫ ৰে ১ অক্টোবৰত ফ্ৰান্সত মুক্তি দিয়ে। ৭৮ সংখ্যক কাঁ‌ চলচ্চিত্ৰ মহোৎসৱত ইট ৱাজ জাষ্ট এন এক্সিডেন্টে,পামে ডি’অ’ৰ(Palme d’or)বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছিলে। লগতেই ৮৩ সংখ্যক গ’ল্ডেন গ্ল’ব বঁ‌টা প্ৰতিযোগিতাত শ্ৰেষ্ঠ চলচ্চিত্ৰ,শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে মনোনীত হোৱা প্ৰথমখন ইৰাণীয়ান ছবি ৰূপে পৰিগণিত হৈছিল। লগতেই ৯৮ সংখ্যক একাডেমি বঁ‌টা প্ৰতিযোগিতালৈ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ শিতানত তালিকাভুক্ত হৈছে। বিদ্ৰোহী ছবি পৰিচালক,অভিনেতা ৰূপে খ্যাত জফৰ পনাহিৰ এই ছবিখন নিৰ্মাণ কৰোতেও তেওঁৰ পূৰ্বৰ কেইখনমান ছবিৰ দৰে ইৰাণৰ চৰকাৰী কতৃপক্ষৰ অনুমতি লোৱা নাছিল। বৰ্তমান এই ছবিখন প্ৰাইম ভিডিঅ’ আৰু মুবি এপত উপলব্ধ।

ছবিৰ আৰম্ভণি হয় নিশাৰ ৰাজপথত। চলন্ত গাড়ীত দুই স্বামী-স্ত্ৰী আৰু তেওঁলোকৰ শিশু কন্যা সন্তান। পত্নী গৰ্ভৱতী। বাটত স্বামী(ৰছিদ)য়ে এটা কুকুৰ খুন্দিয়াই মাৰে। দুৰ্ঘটনাবশতঃ হোৱা এই কথাটোত ছোৱালীজনী(নিলুফাৰ)য়ে খুব অসন্তুষ্টি প্ৰকাশ কৰে। তেতিয়াই পত্নীয়ে কয়-“ইট ৱাজ জাষ্ট এন এক্সিডেণ্ট”বুলি। তেনেতে তেওঁ‌লোকৰ গাড়ীখনে সমস্যা দিয়াত কাষতে পোৱা গেৰেজ এটাত ঠিক কৰাবলৈ সোমাই। গাড়ী ঠিক হয়,পিছে গেৰেজৰ এজন মেকানিক ভাহিদে ৰছিদহঁ‌তৰ গাড়ীখনৰ পিছ লয়। পিছ লৈ লৈ ৰছিদৰ ঘৰ ওলাইগৈ। পিছদিনাৰ কথা-ৰছিদৰ গাড়ীখন ভালকৈ ঠিক কৰাবলৈ লৈ যায়। ভাহিদে পুনৰ অনুসৰণ কৰে। ভাহিদৰ মুখাবয়বত প্ৰচণ্ড খঙ আৰু আক্ৰোশৰ ভাৱ প্ৰকট হৈ পৰে। হঠাৎ ভাহিদে মূলপথতেই ৰছিদক মুৰত টঙনিয়াই মাৰে। মাৰি গাড়ীৰ ভিতৰৰ বাকচত ভৰাই মৰুৰ মাজলৈ লৈ যায় গাত খান্দি পুতিবৰ বাবে। এইখিনিৰ পৰাই কাহিনীলৈ এক তীব্ৰ উৎকন্ঠা আহি পৰে। এক অপ্ৰত্যাশিত মোৰ আহি পৰে। ভাহিদৰ সন্দেহ আছিল যে ভাহিদ ৰাজবন্দী হৈ থকা অৱস্থাত জেইলত ৰছিদ ওৰফে ইকবালে তাক অবৰ্ণনীয় অত্যাচাৰ চলাইছিল। কিন্তু ৰছিদে বাৰম্বাৰ কৈছিলে সি ইকবাল নহয় বুলি। উপায়ন্তৰ হৈ পৰৱৰ্তী পৰ্যায়ত ভাহিদ যায় চালাৰ নামৰ বন্ধু এজনৰ ওচৰলৈ। চালাৰে ফোন নাম্বাৰ দিয়ে এগৰাকী ফটোগ্ৰাফাৰ ছিভাৰ। তেওঁক লগ কৰি থাকোতেই তেওঁৰ ওচৰত ফ’টো উঠিবলৈ অহা এটা দৰা-কইনাৰ যুটীৰ সংস্পৰ্শলৈ আহে। শেষত দৰা-কইনাও ছিভাৰ সহিতে ভাহিদৰ গাড়ীত উঠে। এইবাৰ ছিভাই লগ কৰে হামিদক। হামিদো গাড়ীত উঠে। এই সকলোবোৰৰ ভিতৰত একমাত্ৰ হ’বলগীয়া দৰা আলিৰ বাদে সকলোৱেই ৰাজবন্দী আছিলে,আৰু জেইলত ইকবালে তেওঁলোকৰ চকু বান্ধি নিৰ্মম অত্যাচাৰ চলাইছিলে। গতিকে সিহঁতে অকল ৰছিদৰ কন্ঠস্বৰ আৰু প্ৰেগ-লেগ(প্ৰষ্ঠেটিক লেগ)অৰ্থাৎ লগোৱা ভৰিখনৰ পৰা গাড়ীত বন্দী ৰছিদক ইকবাল বুলি ভাবিছিলে। ছবিখনৰ কাহিনীভাগ আৰম্ভণিৰে পৰাই গতিশীল। ক’তো ৰৈ যোৱাৰ অৱকাশ নাই। বৰঞ্চ উৎকন্ঠা আৰু উত্তেজনাই ছবিখনক ইয়াৰ পৰম ছন্দত তুলি ধৰিবলৈ সক্ষম হৈছে। সু্-সংৰচিত চিত্ৰনাট্যখনৰ কথাও এইখিনিতে উল্লেখ কৰিবই লাগিব। পৰৱৰ্তী সময়ত কি হয়,ৰছিদক শাস্তি দিয়ে নে নিদিয়ে,তাক লৈয়েই কাহিনীভাগ আগবাঢ়ে। আটাইকেইজনৰ মাজত তুমুল তৰ্কাতৰ্কি হয়। এবাৰত হামিদে গাড়ীখনত ৰছিদক লৈ পলাবৰো চেষ্টা কৰে,কিন্তু বিফল হয়। তেনেতে এপাকত ৰছিদৰ ঘৰৰ পৰা কন্যাই ৰছিদৰ ফোনত ফোন কৰি খবৰ দিয়ে যে সন্তানসম্ভৱা মাক অচেতন হৈ পৰিছে। দুবাৰ ভাবি ভাহিদে ৰছিদৰ ঘৰলৈ যায় আৰু ৰছিদৰ অচেতন পত্নীক হস্পিটেলত ভৰ্তি কৰাই। এটি সন্তানো হয় আৰু খৰছো ভাহিদেই দিয়ে। ইফালে ৰছিদ,ভাহিদৰ গাড়ীৰ ভিতৰতেই অচেতন অৱস্থাত। অন্তত গৈ মাত্ৰ ছিভা আৰু ভাহিদেই থাকে ৰছিদৰ লগত। ৰছিদক এখন আওহতীয়া ঠাইলৈ লৈ যায় দুয়ো। সেয়া নিশাৰ কথা। গছ এডালত বান্ধি থোৱা ৰছিদে বাৰম্বাৰ নুই কৰাৰ পিছত,অৱশেষত স্বীকাৰ কৰে যে তেৱেই সেই ইকবাল আছিল।

Apply Now

ছবিখনত পোহৰৰ ব্যৱহাৰ খুব সুন্দৰ হৈছে। চিনেমেট’গ্ৰাফী কৰিছে-আমিন জাফাৰীয়ে। সম্পাদনা কৰিছে আমিৰ ইটমিনানে। চিনেমেট’গ্ৰাফীৰ লগতেই সম্পাদনাৰ দিশটোও প্ৰশংসনীয়। অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব ভাহিদৰ চৰিত্ৰত অভিনয় কৰা ভাহিদ ম’বাছোৰ কথা। সমগ্ৰ ছবিখন জুৰি কম সংলাপত আৰু অধিক দেহভংগীমাৰে তেওঁৰ অভিনয় অনবদ্য। ইট ৱাজ জাষ্ট এন এক্সিডেণ্টৰ আন আন অভিনয় শিল্পীসকলৰো অভিনয় সাৱলীল। ছবিখনৰ অন্তত ভাহিদৰ পিছফালে সেই লেঙেৰাই অহা ভৰিৰ শব্দ কাষ চাপি অহা আৰু ক্ৰমশঃ দূৰলৈ গুছি যোৱাৰ দৃশ্যৰে। অন্তও উৎকন্ঠাৰ মাজেৰেই হয়। কলামোদী দৰ্শকে ছবিখন চাই নিৰাশ নহয়।

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd