• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিন গাৰ্গৰ সন্ধানত : সমুদ্ৰ কাজল শইকীয়া

সমুদ্ৰ কাজল শইকীয়া by সমুদ্ৰ কাজল শইকীয়া
September 21, 2025 6:45 am
172
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সংগীত জগতৰ ইতিহাসত জুবিন গাৰ্গ চিৰদিনৰ বাবে এটা ট্ৰেজেডী হৈ ৰ’ব। কথাষাৰ বিতৰ্ক-উদ্ৰেককাৰী আৰু অখজা লাগিলেও এই কথাষাৰ কেনেকৈ আৰু কিয় ক’ব লগা হ’ল তাৰ আঁতি-গুৰি বিচাৰিয়েই কিছু কথা আলোচনা কৰিম।

আজিৰ পৰা কুৰি বছৰৰো আগতে, বিংশ শতিকা আহি যেতিয়া শেষ প্ৰান্তত উপনীত হৈছিলহি,  তেনে সময়তে হঠাতে ১-২-৩-৪ [বিৰতি], ১-২-৩-৪ [বিৰতি]… এনে এক ছন্দেৰে বাছ গীটাৰৰ (Bass Guitar) শব্দ এটাৰে অসমৰ আকাশ বতাহ মুখৰিত হৈ উঠিল। এটা সম্পূৰ্ণ অচিনাকি prelude, পূৰ্বৰংগ। কিবা এটা যেন হ’বলৈ গৈ আছে, কিবা এটা যেন আহি আছে। সেই উৎকণ্ঠা আৰু কৌতুহল উদ্ৰেককাৰী বেছ গীটাৰৰ শব্দৰ আঁত ধৰিয়েই আহিল ইলেক্ট্ৰিক গীটাৰৰ নিসি- শব্দ উঠিল উচ্চাংগলৈ। যেতিয়া ভাঁহি আহিল “বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা (নুমুৱাবা)/ মৰমৰ বৰষাৰে অনামিকা” বুলি যেতিয়াই বাজিল, এৰা-পথাৰত ক্ৰিকেট খেলি থকা ল’ৰাবোৰে দূৰণিৰ ক’ৰবাত সেই শব্দ শুনি ঢাপলি মেলিলে ক’ৰ পৰা আহিছে এই এক নতুন শব্দৰ উৎস বুলি। সেয়াই আছিল আৰম্ভণী। যাৰ আগমণী আছিল সেয়া আছিল সঁচাই সাংঘাতিক। হাতে হাতে গীটাৰ লৈ মঞ্চত গীত পৰিবেশনৰ অংগী ভংগী কৰিলে ল’ৰাহঁতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ। যাৰ গীত মুখৰিত হৈছিল অসমৰ আকাশে বতাহে তাকে শুনি কিমান প্ৰেমৰ গল্প, প্ৰেমৰ কবিতা আৰু প্ৰেম পত্ৰ লিখা হ’ল তাৰ হিচাপ নাই। অসমৰ আকাশ বতাহ কঁপাই তোলা সেই সুৰ, কণ্ঠ আৰু ব্যক্তিত্বই আছন্ন কৰি থাকিল অসমৰ সংগীত জগত। সেয়াই জুবিন গাৰ্গ।

Apply Now

আজি আৰু জুবিন গাৰ্গক নতুনকৈ চিনাকি কৰাই দিয়াৰো প্ৰয়োজন নাই অথবা অসমৰ সংগীতৰ জগতখনলৈ অৱদান কি তাকো ব্যাখ্যা কৰাৰ সকাম নাই বুলিলেই হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদানটো সম্ভৱ সাংস্কৃতিক জগতখনৰ কৰ্মী সকলৰ মাজত জাগ্ৰত কৰা অদম্য কৰ্মানুৰাগ আৰু নিৰবিচ্ছিন্ন ভাবে অহৰহ গান গাই যোৱাৰ এক ধৰণৰ বডি লেংগুৱেজ। ইয়াৰ আগতে সম্ভৱ ভূপেন হাজৰিকাক বাদ দি এনে মনোবৃত্তি দেখা নগৈছিল। সচৰাচৰ অসমৰ শিল্প-সাহিত্য আৰু সাংস্কৃতিক জগতত কৰ্মীসকলক এমেচাৰ হিচাপেই দেখা যায়। ধৰক অমুকে অমুকত অধ্যাপনা কৰে আৰু মাজে মাজে লেখা মেলা কৰে। তমুকে অমুক চাকৰী কৰে মাজে মাজে গীতচৰ্চা কৰি থাকে। সেই সূত্ৰে এই প্ৰজন্মৰ অন্যতম অগ্ৰণী প্ৰফেছনেল কৰ্মী হ’ল – জুবিন।

যি আদৰ আৰু উৎসাহেৰে সৈতে জুবিন গাৰ্গক অসমৰ সংগীতপ্ৰেমী ৰাইজে আকোঁৱালি ল’লে সেয়া অছিল সঁচাই ঈৰ্ষণীয়। গায়ক আৰু শ্ৰোতাৰ, সৃষ্টিৰ আৰু দৰ্শকৰ এটা ৰেচিপ্ৰোকেল  সম্পৰ্ক আছে। এজন গায়কে যেনেকৈ তেওঁৰ শ্ৰোতামণ্ডলীক জন্ম দিয়ে বা গঢ় দি লয়, তেনেকৈয়ে শ্ৰোতাসকলৰ ৰুচি, আকাংক্ষা আৰু প্ৰত্যাশায়ো গায়ক এজনক ক্ৰমাগতভাবে গঢ় দি গৈ থাকে। সমগ্ৰ অসম জুৰি, প্ৰথমে এটা উঠি অহা প্ৰজন্মক, আৰু তাৰ পিছত প্ৰজন্মান্তৰকো জুবিনে নিজৰ মতে গঢ় দি ল’লে। অজস্ৰ ফেন-ফল’ৱাৰ যে জন্ম দিলে, জুবিন-পৰৱৰ্তী গায়কসকলৰ গায়কী আৰু আনকি কণ্ঠৰ আৱেদনো যে জুবিনৰ দৰেই হৈ গৈ থাকিল কেৱল সেই কথাই কোৱা হোৱা নাই। লগতে ইয়াকো বুজোৱা হৈছে যে সাংস্কৃতিক আকংক্ষাকো জুবিনে নিজৰ মতে গঢ় দি ল’লে, মানুহৰ প্ৰত্যাশাকো নিজৰ অনুকূলে গঢ়িলে। এতিয়া তাৰ ওলোটা ঘটনাটোও ঘটিল। অসমীয়া মানুহৰ আকাংক্ষাই গঢ় দিলে ক্ৰমাগতভাৱে জুবিনৰ শৰীৰ। অসমীয়া মানুহ বুলিলে যিহেতু মূলতে মধ্যবিত্তীয় অসমীয়া ভাষী মানুহখিনিৰ কথাই বুজোৱা হৈ থাকে, সেইসকল মানুহৰ প্ৰত্যাশা অনুযায়ী জুবিনে এদিন বিহুগীত (নাম?) গাবলৈ আৰম্ভ কৰিলে। অসামান্য প্ৰতিভাধৰ জুবিনে নিজৰ কণ্ঠৰ যাদু ইয়াতো দেখুৱালে আৰু জনপ্ৰিয়তাৰ মাপকাঠিত উত্তীৰ্ণ হ’ল। তেনেকৈয়ে এদিন আৰম্ভ কৰিলে বৰগীত। অসমীয়া মানুহৰ প্ৰত্যাশা সদায়ে এয়ে যে শিল্পীয়ে নিজৰ দেশ, জাতি, সংস্কৃতি আৰু পৰম্পৰাৰ ধ্বজা বহন কৰিব লাগিব। সেই সূত্ৰেই জুবিনে বৰগীতো গালে। প্ৰতিভাধৰৰ শীৰত আশীৰ্বাদ এয়ে আছিল যে ইয়াতো জুবিন জনপ্ৰিয় হ’ল। এই আশীৰ্বাদ যে পোছাকী ৰুপত এক অভিশাপহে আছিল সেই কথা আমি সময়ত আলোচনা কৰিমগৈ। তাৰ পিছত জুবিনে এফালৰ পৰা গাই গ’ল সকলোবোৰ, পূৰণ কৰি গ’ল পৰম নৈপুণ্যৰে এটা এটা কৰি আধুনিক অসমীয়া সমাজৰ আটাইবোৰ প্ৰত্যাশা। আৰু সেইমতেই এই প্ৰতিভাধৰে কাকো নিৰাশ নকৰিলে। কামৰূপীয়া লোকগীত, গোৱালপৰীয়া গীত, বনগীত, নেগেৰা নাম, দেহবিচাৰৰ গীত একো নেৰিলে। জুবিনৰ নিজৰ মুখৰ কথাৰেই ক’বলৈ গ’লে – বিয়ানামৰ বাহিৰে তেওঁ নোগোৱা অসমীয়া গীত নাই। বিয়ানামো হয়তো গালে হেতেন যদি সেয়া মহিলাসকলৰ পৰম্পৰা নহ’লহেতেন। এই সহস্ৰ প্ৰত্যাশা পূৰণৰ পদ্ধতিত আৰু তাৰ সফলতাৰ আঁৰত ঢাক খাই থাকিল এক অনন্য সম্ভাৱনা তথা প্ৰতিশ্ৰুতি, আৰু সেই কথা আজিলৈকে কোনেও প্ৰশ্নও নকৰিলে, দুই দশকৰো আগতে বেছ গীটাৰৰ ঝংকাৰ তুলি অসমৰ আকাশ বতাহ কঁপাই তোলা সেই ল’ৰাটোৰ আচল সম্ভাৱনা বা প্ৰতিশ্ৰুতি কি আছিল? অজস্ৰ গান গোৱাৰ পিছতো, প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অগণিত মানুহৰ হাৰ্ট থ্ৰ’ব হোৱাৰ পিছতো, জনপ্ৰিয়তাৰ শীৰ্ষবিন্দু হৈ উঠাৰ পিছতো, অসমীয়া আধুনিক গীত নামৰ এটা কেটেগ’ৰীৰ পৰা সকলোবোৰ শাখা-প্ৰশাখালৈ সম্প্ৰসাৰিত হৈ চলচ্ছিত্ৰ নিৰ্মাণ আৰু অন্যন্য বিতৰ্কেৰে সকলো সময়তে মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকাৰ পিছতো আজি যদি অসমীয়া গীত আৰু সংগীতৰ গ্ৰগতিৰ ইতিহাসত এজন শিল্পী হিচাপে জুবিন গাৰ্গৰ স্থান নিৰূপনৰ উদ্দেশ্য ৰাখি এবাৰ উভতি চাবৰ চেষ্টা কৰোঁ, তেনেহ’লে দেখা পাম- জুবিন গাৰ্গ ক’ৰবাত নিৰুদ্দিষ্ট হৈ ৰ’ল। Where is Zubin Garg?  

এক সুদীৰ্ঘ কাল ধৰি অনলস চৰ্চাত নিবৃত হৈ অহাৰ পিছতো জুবিন গাৰ্গৰ শৈল্পিক যাত্ৰাৰ পৰ্বান্তৰ চিহ্নিত কৰাটো অলপ দুৰূহ। দুৰূহ বুলি কোৱা হৈছে এই কাৰণে নহয় যে শিল্পীজন জীৱিত আৰু এতিয়াও কৰ্মৰত, এইবাবেই নহয় যে তেওঁৰ কৰ্মৰ বিস্তাৰ আৰু পৰিসৰ ব্যাপক। দুৰূহ এই বাবেহে যে এজন শিল্পী হিচাপে তেওঁ এটা স্থানৰ পৰা অন্য এটা স্থানলৈ গমণ কৰাৰ সম্ভেদ বৰকৈ নিদিয়ে। যাত্ৰা বুলিলে এটা স্থানান্তৰণৰ ধাৰণা থাকিব। এটা দিশ থাকিব। ‘ক’ স্থানৰ পৰা ‘খ’ স্থানলৈ গতি কৰিব লাগিব। এজন ব্যক্তি-শিল্পী হিচাপে চাই জুবিনৰ উত্তৰণৰ যাত্ৰাপথলৈ চকু দিব খুজিলে যি যাত্ৰাৰ উপান পোৱা যায় সেই যাত্ৰাই বৰ বেছি সন্তোষজনক ছবি এখন কিন্তু আমাক নিদিয়ে। সেই “অনামিকা”ৰ বাছ গীটাৰৰ প্ৰিল্যুডেৰে ৰক সংগীতৰ সংবেদনাৰে এসময়ত এক চাঞ্চল্যকৰ আৰম্ভণী কৰা জুবিন গাৰ্গে অসমৰ সংগীত জগতত নিজৰ কুৰিটা বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এটা নতুন এলবাম অসমৰ ৰাইজলৈ উপহাৰ দিলে আৰু যাৰ নাম ৰাখিলে “ৰক” – যিটো হৈ উঠিল আচলতে আমাৰ প্ৰত্যাশাৰ এটা শোচনীয় বিপৰ্যয়।  

“তুমি প্ৰজাপতি হৰিলা ঘুমটি

নুবুজা মোৰ বেদনা…”

– কথাৰ ফালৰ পৰাই হওক বা সুৰৰ ফালৰ পৰাই হওক, কোনোফালেই গীতটোৱে ‘ৰক’ সংগীতৰ সংবেদনশীলতাৰ ওচৰ নাছাপে। একেটা গানতে আছে-

“হৰিণীনয়না তোমাৰ নাই চকুপানী,

কিদৰে বুজাম তোমাক মোৰ কাহিনী…”

হৰিণীনয়না? ‘ৰক’ এলবামৰ গানত ‘হৰিণীনয়না’? সৌ তাহানিতে “বেদনাৰ জ্বলা জুই কিদৰে নুমাবা” বুলি কোৱা অনামিকা গানৰ প্ৰকৃত ৰক আবেদন আহি ধৰাশায়ী হৈ পৰিল কুৰি বছৰৰ পিছৰ ‘ৰক’ নাম ৰখা এলবামৰ “নুবুজা মোৰ বেদনা” কথাষাৰত। “বেদনা”ৰ পৰা আৰম্ভ হৈ “বেদনা”তে শেষ হৈ থাকিল। শব্দচয়নে কোনোফালে গতি তো নকৰিলেই বৰঞ্চ সেই “জ্বলা জুই”কুৰাহে নুমাই থাকিল। এই সময়ৰ এজন অন্যতম জনপ্ৰিয় যুৱ কবিয়ে “যি হ’ব মোৰ প্ৰেয়সী” নামেৰে এটা কবিতা লিখিবৰ পৰত এটা ব্যক্তিগত কথা বাৰ্তাত অসমৰ বৰেন্য কবি হীৰেণ ভট্টাচাৰ্যই, সকলোৰে মৰমৰ হীৰুদাই আমাক কৈছিল- “কিছুমান শব্দ আজিকালি আমি আৰু ব্যৱহাৰ নকৰোঁ। কিছুমান শব্দৰ অৰ্থ সলনি হৈছে, কিছুমানে সময়ৰ লগে লগে ব্যৱহাৰযোগ্যতা হেৰুৱাইছে। এই যে নতুন কবিজনে ‘প্ৰেয়সী’ বুলি লিখিলে, আজিৰ তাৰিখত আমি ভালপোৱাকজনক প্ৰেয়সী বুলি কওঁ জানোঁ?” কথাষাৰ সঁচা, এটা সময়ৰ পিছত কিছুমান শব্দই আৰু ইপ্সিত অৰ্থ প্ৰকাশ কৰিব নোৱাৰা হয়গৈ। শব্দ পুৰণি হয়। অসমীয়া গানত “বেদনা” শব্দটো তেনে এটা বহুব্যৱহৃত হৈ নিজৰ ওজন আৰু মাত্ৰা হেৰুৱাই পেলোৱা শব্দ। আজিৰ তাৰিখত “বুকুৰ বেদনা”, “অবুজ বেদনা”, “জোনাকী ৰাতি”, “উজাগৰী ৰাতি” এইবোৰ অসমীয়া গীতৰ ক্লীছে। জুবিন গাৰ্গৰ যুগ আৰম্ভ হোৱাৰ প্ৰাকক্ষণতেই এই “বেদনা” শব্দটো আটাইতকৈ বেছি ব্যৱহৃত হৈছিল আৰু জনা সকলে জানিব যে সেই সময়ৰ সাংঘাতিক ভাবে জনপ্ৰিয় কুমাৰ শানুৱে তেওঁৰ বিশেষ কম্পন মিশ্ৰিত নাসিক উচ্চাৰণেৰে

“ইমান বেদনা সাবটি,

ৰৈ আছোঁ মই নিজম ৰাতি”,

অথবা

“ইমান বেদনা বুকুৰ মাজত মোৰ

নিৰৱ নদী

তুমি দেখা নাই, তুমি দেখা নাই

দেখা নাই” (সংগীত- জিতুল সোণোৱাল, কথা- খনিন দাস, এলবাম- অঞ্জনা)

এনেধৰণৰ গীত গাই গাই সৌ তেতিয়াই “বেদনা” শব্দটোৰ জাত মাৰি থৈছিল। তাৰ পিছত এটা শতিকাৰ এক চতুৰ্থাংশ সময়কাল পাৰ হৈ যোৱাৰ পিছত জুবিনে “বেদনা” পৰিহাৰ কৰিব নোৱাৰাটো সঁচায়ে বেদনাদায়ক। এই বেদনা হয়তো ৰৈ যাব।

উত্তৰ পূৰ্বাঞ্চলৰ চুবুৰীয়া প্ৰদেশবোৰৰ সৈতে তুলনা কৰিলেও অসমীয়া সংগীতত ৰক সংগীতৰ বৰ শক্তিশালী ইতিহাস এটা কোনোকালেই নাছিল। “অনামিকা” এলবামৰ জৰিয়তে এটা নতুন সম্ভাৱনাৰ উমান অসমৰ শ্ৰোতাই পাইছিল। কিন্তু অসমৰ শ্ৰোতামণ্ডলীয়ে আবেগ-মিশ্ৰিত আৰু মেল’ডিয়াছ ঘৰাণাবোৰৰ সৈতেহে বেছি সম্পৰ্ক স্থাপন কৰিব পাৰে। সেয়েহে কালক্ৰমত ৰকৰ পৰা পপৰ মাজেৰে জুবিন গাৰ্গে যেনি তেনি বাট বুলিবলৈ ধৰিলে। এইখিনিতে মনত পেলাই থোৱা ভাল যে জুবিন সম্পৰ্কে কথা পাতি আছোঁ যদিও, “অনামিকা” আৰু তাৰ পিছৰ ৰক আৰু পপ মিশ্ৰিত সংগীতৰ অনুভৱখিনিক যদি অসমীয়া সংগীত জগতৰ নতুন দিগন্তৰ উন্মেষ বুলি ধৰি লোৱা হয়, সেই দিগন্তৰ উন্মোচক কিন্তু জুবিন গাৰ্গ নহয়। জুবিন গাৰ্গৰ অভ্যুত্থানৰ আগেয়েই জিতুল সোণোৱালে অসমীয়া শ্ৰোতাৰ মাজলৈ এটা নতুনৰ সোৱাদ আনি দি থৈছিল। তবলা, হৰমনিয়াম, ঢোল, বাঁহীৰ সংৰচনাৰ সংবেদনশীলতাৰ পৰিৱৰ্তে পিয়ানো আৰু গীটাৰৰ ভিত্তিত সংৰচনাৰে নতুন যুগৰ ফিটা কাটি থৈছিল জিতুল সোণোৱালে। শব্দযন্ত্ৰৰ সংচয়নৰ লগতে গানৰ কথাৰ ক্ষেত্ৰতো এক্স্প্ৰেছনিষ্ট বা অভিব্যক্তিবাদী এটা মেজাজ আনিছিল যাৰ অবিহনে হয়তো জুবিন গাৰ্গৰ উত্থান ইমান সহজে সম্ভৱ নহ’লহেতেন।

জিতুল সোণোৱালৰ কথা ওলাওতেই আৰু দুটামান কথা কৈ থওঁ। ভূপেন হাজৰিকাৰ সাম্ৰাজ্য ইতিমধ্যেই স্তিমিত আৰু সেই সময়লৈ ভূপেন হাজৰিকাৰ নামত দুই এটা গালি-গালাজ পাৰিব পাৰিলেই গৌৰৱ বোধ কৰা এটা অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ জাগৰণ ঘটিছিল। এয়া জিতুল সোণোৱালৰ ৰাজত্বৰ ঠিক আগৰ অথবা সমসাময়িক কথা। এই সময়খিনিতে অসমীয়া সংগীত জগতত ‘বিহুসুৰীয়া আধুনিক গীত’ নামেৰে এটা আধা সিজা বা ডাঁহেছীয়া বস্তু ওলাইছিল যাৰ পৰা মানুহ বিৰক্ত হৈ পলায়ন কৰিবলৈ বিচাৰিলেও পলাবৰ বাট নাছিল। সেইবোৰ আচলতে বিহুও নাছিল, আধুনিক গীতো নাছিল। অথবা একেসময়তে দুয়োটা আছিল। সন্ধ্যা মেনন, বিজয় ভূঞা প্ৰমুখ্যে কেইজনমান বৰেণ্য শিল্পীৰ কিছুমান কালজয়ী গীতে মানুহক আপ্লুত কৰিছিল যদিও এটা ধাৰা বা Genre হিচাপে সেইবোৰ আছিল সীমাবদ্ধ। হ’ল বুলিনো আৰু চেনাইয়ে লাহৰীলৈ কপৌফুল কিমান আনি থাকিব? এসময়ত কপৌফুল লেৰেলিবই। তোৰে মোৰে মাজত আছে সমাজৰে নৈ। জানোঁ। পিছে এসময়ত নৈয়ে দিশ সলনি কৰিবই। এনে সময়তে শব্দ-মিশ্ৰণৰ এটা নতুন মেজাজ, পশ্চিমীয়া সংগীতৰ দৰে তলে ওপৰে সমান্তৰাল ভাবে চলা নাটকীয় সুৰ বিন্যাস আৰু অভিব্যক্তিবাদী ভাব-ভাষাৰ আমদানীৰে জিতুল সোণোৱালে দিবলৈ চেষ্টা কৰিলে এটা নতুন সোৱাদ। নক’লেও হ’ব যে এই কাৰ্যত জিতুলৰ সন্মুখত পথ সহজ নাছিল। সমাজৰ সকলো স্তৰৰ মানুহেই একে আষাৰতে জিতুলক আদৰি ল’ব বুলি আশা কৰাটোও ভুল আছিল।  জিতুলৰ গানৰ উন্মেষৰ লগতে মন কৰিবলগীয়া আৰু এটা নতুন কথা হ’ল ইপ্সিত দৰ্শকৰ প্ৰতি (টাৰ্গেট অডিয়েন্স) এটা ধাৰণাগত চেতনা আৰু তাৰ লগে লগে এটা নতুন প্ৰজন্মক সন্মুখত ৰাখি আনি দিয়া পাৰফৰ্মেন্সৰ মুড। ‘বিহুসুৰীয়া আধুনিক গীত’ নামৰ শাখাটোৰ জনপ্ৰিয়তাৰ আঁৰত আছিল নতুনকৈ বাঢ়ি অহা বিহুমেলা, বিহুসন্মীলণী, বহাগী-বিদায় আদি অনুষ্ঠানবোৰ। কিন্তু অপ্ৰিয় হ’লেও সত্য যে এই অস্থায়ী মঞ্চ সাজি ওৰে ৰাতি জিলমিলাই থকা লাইট আৰু সাজসজ্জাৰ অনুষ্ঠানবোৰৰ আশা কৰি থকা আৰ্হি হ’ল পশ্চিমীয়া মিউজিক শ্ব’বোৰ, আৰু প্ৰেক্টিকেলি সেইবোৰ আছিল সমসাময়িক পপুলাৰ কালচাৰৰ থলী। লোকায়ত শিল্পৰ অভিধাৰ পৰা সেইবোৰ শতযোজন আঁতৰত। নতুন পুৰুষে তেনে এখন কৃত্ৰিম মঞ্চত বিহু বা বিহুসুৰীয়া শুনিবলৈ আগ্ৰহী একেবাৰেই নছিল। এই পৰিবেশটোৰ সালসলনি এতিয়াও হোৱা নাই। স্থবিৰ অসমীয়া মধ্যবিত্তই স্থিতাৱস্থাকেই ভাল পাই আহিছে। সি যি কি নহওক, জিতুলৰ “বহু ৰাতি হ’ল জানা, বহু গীত আজি হ’ল গোৱা” গীতটোৰ সৃষ্টিৰ আঁৰৰ কাহিনী কি নাজানোঁ। কিন্তু “এতিয়া যাবৰ হ’ল, আকৌ দূৰলৈ, দূৰলৈ দূৰলৈ” বুলি গানটোৱে সেই পৰিবেশটোকে চিহ্নিত কৰে ব্যৱহাৰিক আৰু প্ৰতিকী দুয়ো অৰ্থতেই। শেষ ৰাতিলৈকে চলা সংগীত কেন্দ্ৰিক অনুষ্ঠান এটাত গাবলৈ ভাল এই গীতৰ কথা। লগতে এইটোও কোৱা হ’ল যে এতিয়া আচলতে এতিয়ালৈকে চলি থকাবোৰ দূৰলৈ “যাবৰ হ’ল”।

পূৰ্বসূৰী শিল্পী সকলৰ অসাধাৰণ অৱদানেৰে অসমীয়া সংগীতৰ ইতিহাস চিৰকালৰ বাবেই চহকী হৈ থাকিলেও সময়ৰ লগে লগে ‘পাৰফৰমেন্স’ৰ দিশৰ পৰা পূৰ্বৰ ধৰাণা, বা পদ্ধতি, বা মেজাজবোৰ পিছ পৰি গৈ থাকিছিল। পুলক বেণাৰ্জীৰ দৰে দৰদী আৰু সুৰীয়া কণ্ঠ অসামাণ্য হ’লেও তাৰ পাৰফৰ্মেন্স-ভেল্যু নতুন পুৰুষৰ বাবে উপযোগী আৰু হৈ থকা নাছিল। সেয়েহে “দূৰণিৰ ৰং” চিনেমাৰ “অ’ সোৱৰণী, নিদিবি আমনি” এটা কালজয়ী গীত হৈ থাকিলেও জিতুলৰ “উজাগৰী এই ৰাতি” গীতৰ “নাহিবি সোৱৰণী” বোলা টানটোৱেহে অধিক মঞ্চশুৱনী হৈ উঠিব পৰাৰ সম্ভাৱনা আনি দিলে। নিজৰ কণ্ঠৰ লগতে সেই সময়ৰ সমগ্ৰ দেশৰে জনপ্ৰিয় আৰু আগশাৰীৰ কলা-কুশলীক আনি অসমীয়া গীত গোৱাই জিতুলে এটা নতুন পৰ্বৰ সূচনা কৰিছিল। অসমৰ সংস্কৃতিৰ চৰ্চাৰ সৈতে জড়িত হিমজ্যোতি তালুকদাৰে অলপতে আক্ষেপেৰে কথা এষাৰ উলিয়াইছিল যে ভূপেন হাজৰিকাই যিদৰে মহম্মদ ৰফী, কিশোৰ কুমাৰ, মান্না দে, লতা মংগেশকাৰ, ঊষা মংগেশকাৰ, আশা ভোষলে আদি সৰ্বভাৰতীয় পৰ্যায়ৰ গায়ক আৰু সংগীতশিল্পী সকলক আনি অসমৰ সংগীতজগত চহকী কৰিছিল সেই পৰম্পৰা যেন আজি নোহোৱা হ’ল। সেই পৰম্পৰাটো নতুনকৈ আৰম্ভ কৰিছিল জিতুলে কবিতা কৃষ্ণমূৰ্তি, উদিত নাৰায়ণ, কুমাৰ শানু আদিৰ দৰে শিল্পীৰ হতুৱাই অসমীয়া গীত গোৱাই। বিশেষকৈ “নিৰিবিলি গধূলি” এলবামৰ সময়ৰ গানখিনি অসমীয়া সংগীতৰ ৰুচিবান শ্ৰোতাই কেতিয়াও পাহৰিব নোৱাৰিব। এই নতুন গানখিনিৰ আৰু এটা অৱদান অছিল সেয়া হ’ল- এইবোৰৰ মাজত আছিল ভালেখিনি নতুন ডেন্স আইটেম। “অ’ মৰমী লগৰী, আছা বুকুজুৰি, নাযাবা আঁতৰি, দূৰণিলৈ” গীতটো আছিল সেই সময়ৰ এটা ডেন্স আইটেম। ৰমেন বৰুৱাৰ সৌ তাহানিৰ “ডক্তৰ বেজবৰুৱা”ৰ দৰে গীতবোৰৰ পিছত জিতুল সোণোৱালৰ সময়লৈকে বিহুসুৰীয়া গীতবোৰ, অথবা মেল’ডিয়াছ আধুনিক গীতবোৰৰ বাহিৰে  কণ্টেম্প’ৰেৰী ডেন্স আইটেম প্ৰায় নাছিলেই বুলি ক’লে বৰ বেছি ভুল নহ’ব।  

গায়ন শৈলীত অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰিলেও মঞ্চত পৰিবেশণৰ কলা জুবিন গাৰ্গৰ আয়ত্বত নাই। ব্যক্তি হিচাপে জুবিনৰ বাবে এয়া এক অৰ্বাচীন শুভ লক্ষণ যে মঞ্চত পৰিবেশনৰ বেলিকা তেওঁ বিশেষ দক্ষতা কোনোদিনেই দেখুৱাব নোৱাৰিলেও তেওঁৰ অনুষ্ঠানত হেজাৰ হেজাৰ গুণমুগ্ধ উত্ৰাৱল হৈ উঠে। জুবিনৰ বিপুল জনপ্ৰিয়তাৰ বহু পিছত অংগৰাগ মহন্ত বা পাপনে আত্মপ্ৰকাশ কৰি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় যদিও এটা কথা ক’বই লাগিব যে পৰিবেশনাৰ কলা পাপনৰ সম্পূৰ্ণ আয়ত্বত। বিগত এটা দশকত পাপনৰ ষ্টেজ শ্ব’ বোৰৰ ধৰণ কৰণৰ অগ্ৰগতি সম্পৰ্কে আগ্ৰহী কোনোবাই আলোচনা কৰিব পাৰে। একে ধৰণেৰে “জোনাকী ৰাতি” এলবামৰ প্ৰকাশৰ সময়ৰ গজল ভিত্তিক গীতৰ চৰ্চাৰে আহৰণ কৰা কণ্ঠৰ অণুশীলনৰ পৰা “বানাও বানাও”ৰ দৰে গীতৰ ৰচনালৈকে, আৰু “বানাও বানাও”ৰ পৰা অতি-সাম্প্ৰতিক মিউজিক ভিডিঅ’লৈকে পাপনৰ গীতৰ ধৰ্ম, চৰিত্ৰ আৰু পৰিবেশনৰ মেথ’দ বা পদ্ধতিক এটা যাত্ৰা হিচাপে চাব পৰা যায়। দুজন সমসাময়িক প্ৰতিভাধৰক তুলাচনীত তুলি জোখ মাখ কৰিবলৈ যোৱাটো হয়তো সঠিক নহয়, কিন্তু কথাখিনি বুজাবলৈ ইয়াতকৈ সহজ পথ আৰু নাছিল।

সি যি কি নহওক, জুবিন গাৰ্গৰ যি ৰেপৰ্টোৱা, বা কৰ্ম সমগ্ৰ, তাৰ তুলনা এই সময়ৰ আন কাৰো লগতেই হ‘ব নোৱাৰে। তেওঁৰ প্ৰতিভাৰ উন্মোচনে এক অভিনৱ ব্যাপ্তি পাইছেগৈ যাৰ পৰিধি স্পৰ্শ কৰাটো এই সময়ত জীৱিত কাৰো পক্ষেই সম্ভৱ হৈ উঠা নাই। কিন্তু এই সকলোবোৰৰ পিছতো সকলোখিনি হৈয়ো একো নোহোৱাৰ, সকলোবোৰ পায়ো একো নোপোৱাৰ এক প্ৰতীক হৈ ৰ‘ব – জুবিন গাৰ্গ। সহস্ৰ সহস্ৰ সৃষ্টি কৰ্মৰ মাজত সোমাই জুবিন গাৰ্গ নামৰ মানুহটোক বিচাৰি উলিওৱাটো কিন্তু সম্ভৱ নহয়। শিল্পী এজন তেওঁৰ কামৰ মাজতে সোমাই থাকে বুলি ধৰা হয়। জুবিনক কিন্তু তেনেকৈ পোৱা নাযায়। জুবিনৰ গানৰ মাজেৰে আমি নাজানো জুবিনৰ ঘৰ ক‘ত, ক‘ত থাকে, কি খায়, কি পিন্ধে। আমি জানিব নোৱাৰোঁ জুবিনৰ ভাল লগা বেয়া লগাবোৰ কি। “ইউকেলিপ্টাচৰ দৰে ওখ হ‘ব খোজোঁ মই” বুলি হয়তো কেতিয়াবা গুনুক ঘানাককৈ কোৱা শুনিছোঁ। কোনোবাখিনিত কেতিয়াবা হয়তো গানৰ ভিতৰৰ মানুহটোক অলপমান চুব পৰা যেন লাগিছে কিন্তু মুহূৰ্ততে মানুহটো আকৌ হেৰাই গৈছে “হৰিণীনয়না”, “অৱগুণ্ঠণ”, “ফাগুণ” আদিৰ দৰে কিছুমান কাণ জুৰ পেলোৱা কিন্তু মৰ্মহীন ফুলাম শব্দৰ আঁৰত।

কথাখিনি কওতে আমিও জানো যে এজন গায়কৰ অস্ত্বিত্ব বা আত্মনিষ্ঠা (Subjectivity) মানে গানৰ কথাভাগেই হ‘ব নোৱাৰে। গায়কৰ গায়কী, থেউকি, গায়নৰ মাজতে শ্বাস-প্ৰশ্বাসৰ নিয়ন্ত্ৰণ পদ্ধতি, নাসিক উচ্চৰণ অথবা কণ্ঠৰ গাম্ভীৰ্য, কণ্ঠৰ পিচ্চ আদিবোৰতেই গায়ক এজন সোমাই থাকে। সেই হিচাপে শ্ৰোতা ৰাইজে জুবিন গাৰ্গ নামৰ গায়কজনৰ আঁৰৰ ব্যক্তিজনক কে‘বাবাৰো ওচৰৰ পৰা পাইছে। কিন্তু সেইখিনিতো আহুকাল নুগুছিল। প্ৰথম শত্ৰুটো হ‘ল জুবিন গাৰ্গৰ নিজৰ প্ৰতিভা। জুবিনৰ কণ্ঠ পৰিষ্কাৰ, নিভাঁজ আৰু নিপুণ। অসমীয়া ভাষাত “ফ” আখৰটোৰ উচ্চাৰণক বাদ দি জুবিনৰ অসমীয়া উচ্চাৰণত বিকৃতি নাই- যিটো এটা বিৰল ঘটনা। ৰবীন্দ্ৰসংগীতত যেনেকৈ বৰষা, পৰ্বতীপ্ৰসাদ আৰু ভূপেন হাজৰিকাৰ গীতত যেনেকৈ আহিন, জুবিন গাৰ্গৰ গীতত তেনেকৈ ফাগুণ। সম্ভৱ ফাগুণ জুবিনৰ প্ৰিয় মাহ। কিন্তু ফাগুণ শব্দটো উচ্চাৰণ কৰোতেই জুবিনৰ কণ্ঠত সেইটো ইংৰাজি “এফ” আখৰটোৰ উচ্চাৰণৰ দৰে শুনি। দুখজনক ভাবে জুবিনৰ উত্তৰসুৰী এই সময়ৰ সকলো গায়ক গায়িকায়েই ইংৰাজী F-ৰ দৰে “ফ” ক‘বলৈ লৈছে। তাকে বাদ দি জুবিনে নাকী সুৰেৰে নাগায়, ফটা মাতেৰেও নাগায়। অত্যাধিক মদ্যপানৰ পিছত ভাৰসাম্য হেৰুৱাই পেলাওতেও, খঙৰ ভমকত মঞ্চত পৰিবেশনৰ মাজতে হাতৰ মাইক্ৰ‘ফোন দলিয়াই পেলাওতেও জুবিনৰ কণ্ঠৰ মাধুৰ্য কিঞ্চিত মাত্ৰও ম্লান পৰা নাই। কণ্ঠৰ আৰু সুৰৰ এই যি ফিনিছ (Finish) সি সদায়ে জুবিনৰ কণ্ঠক এটা চিকুণ চিকচিকীয়া বস্তু কৰি ৰাখিছে। কেতিয়াবা আটাইতকৈ সুন্দৰ বস্তু এটাৰো কোনোবা নহয় কোনোবাখিনিত কিবা এটা খুঁত ৰৈ গ‘লে সেই খুঁতটোৰ ভেঁটীতেই ব্যক্তিগত ভালপোৱাখিনি আৰু অলপ জীপাল কৰি ল‘ব পাৰি। এই সম্পৰ্কে শ্লাভ’জ জিজেকৰ বিশ্লেষণ এটা আছে, আগ্ৰহী সকলে খুছৰি চাব পাৰে। জুবিনৰ কণ্ঠৰ এই “ফিনিছ” চৰিত্ৰটোৰ বাহিৰেও গায়কীৰ ক্ষেত্ৰত এটা শুভ হৈয়ো অশুভ দিশ হ‘ল – জুবিনৰ অনায়াস প্ৰয়াস। উধৰ পৰা মূধলৈ সকলো ধৰণৰ গীত গাই গৈ থকোতে কেতিয়ও কোনোটো গানতেই নালাগিল যেন জুবিনে কষ্ট কৰি গাব লগীয়া হৈছে। এই অনায়াস সাধনে শ্ৰোতা মণ্ডলীক চিৰদিনেই অভিভূত কৰি ৰাখিছে সঁচা, কিন্তু সিয়েই আকৌ গায়কজনক এটা নিৰ্দিষ্ট দূৰত্বলৈকো থেলি দিছে।

মঞ্চত পৰিবেশনৰ কুশলতা নথকাৰ দিশটোলৈ চাই ক’ব লগিব জুবিন গাৰ্গ এজন সম্পূৰ্ণ ৰূপে ষ্টুডিঅ’ শিল্পী, অথবা প্লে’বেক গায়ক। আৰু তেনেকৈয়ে হেজাৰ হেজাৰ গীতেৰে তেখেতে মনোৰঞ্জন কৰি গ’ল। কোনো বাচ বিচাৰ নোহোৱাকৈ শ্ৰোতা ৰাইজৰ প্ৰত্যাশা পূৰণ কৰি গৈ থকাৰ ফলত এটা সময়ত জুবিন গাৰ্গ এজন “চাৰ্ভিছ প্ৰভাইডাৰ” শিল্পী হৈ পৰিল। ৰং ৰহইচৰ বাবে বিহু গালে, ভকতিৰ বাবে হৰিনাম গালে। গাড়ীত গৈ থাকোতে শুনিবৰ বাবে, উৰুকাৰ ভোজ খাওতে শুনিবৰ বাবে অজস্ৰ গান দিনে। পুৰণি অসমীয়া গীতবোৰ হেৰাই যাব নেকি বুলি সময়ে সময়ে উঠা উদ্বিগ্নতাখিনিৰ উপসমৰ বাবে পুৰণি শিল্পীৰ গানবোৰো গালে। সংস্কৃতিবান অসমীয়াৰ মন জুৰাবৰ বাবে, ডেকা গাভৰুৰ মন ভাল লগা বেয়া লগাবোৰৰ বাবে, দেশৰ বাবে, দহৰ বাবে গঁড়ৰ বাবে, সৰ্বানন্দ সোণোৱালৰ বাবে, টি ভি চেনেলৰ বাবে, চিনেমাৰ বাবে, বলিউডৰ বাবে, বিহু ফাংচনৰ বাবে, কাৰোবাৰ ৰূপালী জয়ন্তী – সোণালী জয়ন্তীৰ বাবে, কোনোবা নতুন শিল্পীৰ ডেবিউট এলবামৰ বাবে হাজাৰে হাজৰে গান গালে। সকলোকে সমানে চাৰ্ভিছ দি গ‘ল।

এতিয়া কোনোবাই যদি অসমীয়া সংগীতৰ ইতিহাসত জুবিন গাৰ্গৰ অৱদান কি বা অৱস্থান কোনখিনিত বুলি প্ৰশ্ন এটা লৈ উভটি চায় তেতিয়াহে সমস্যাটো হয়। অসমীয়া সংগীতলৈ ৰক অথব পপ সংগীতৰ আমদানী কৰাজন জুবিন নহয়, জিতুলহে। Genre হিচাপে জুবিনৰ নতুন আৱিষ্কাৰ একো নাই, অসমীয়া আধুনিক গীতৰ মেল‘ডী-প্ৰধান ধাৰাটোকে তেওঁ কেৱল বৰ্তাই হে ৰাখিলে। জনমুখী গীতৰ ক্ষেত্ৰত জুবিন সফল হোৱা নাই, মানুহে সেইভাবে তেওঁক কোনোদিনে চাবও খোজা নাই। লোকগীত গালে জুবিনৰ গান মানুহে শুনি ভাল পায় কিন্তু লোকগীতৰ শিল্পী বুলি আখ্যাটো মানুহে জুবিনক নিদিয়ে। জুবিনৰ বিহু মানুহৰ মুখে মুখে চলিলেও বিহুগীতৰ কালিকা বা ‘জাত‘ সেইবোৰত ৰক্ষিত হোৱা নাই বাবেই জুবিনে বিহুৰ ওজা বুলিও স্বীকৃত নাপায়। কথখিনি চালি জাৰি চাই এনেকৈয়ে ক‘ব লাগিব যে এজন শিল্পী হিচাপে জুবিন পৰিপূৰ্ণ হৈ উঠক, অথবা এটা শিল্প-ৰূপত জুবিন ওজা হৈ উঠক সেইটো অসমৰ ৰাইজে কোনোদিনেই বিচৰা নাছিল। সময়ে সময়ে অৱসৰৰ আমোদ প্ৰদান কৰি থাকিবলৈকে অসমৰ মানুহে জুবিনক বিচাৰিলে। 

[ আলোচনাটো “অসমীয়া গীত, সংগীত আৰু ব্যক্তিনিষ্ঠা(Subjectivity)-ৰ ইতিহাস” শীৰ্ষক গ্ৰন্থৰ এটা অধ্যায়ৰ কিয়দংশ]
সমুদ্ৰ কাজল শইকীয়া
(লেখকৰ অনুমতি সাপেক্ষে শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই পুনৰ প্ৰকাশ কৰা হ’ল)

সমুদ্ৰ কাজল শইকীয়া

সমুদ্ৰ কাজল শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

June 7, 2026 3:24 pm
ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

June 7, 2026 3:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd