• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিলি, চুইডেনত উজলিল ৰাজেন দাস পৰিচালিত অসমীয়া চিনেমা ‘লাইফ ইন্‌ এ পাপেট’

পুতলা নাচ আধাৰিত অসমীয়া চলচ্চিত্ৰলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
February 18, 2021 12:48 pm
IMG-20210217-WA0009
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ থলুৱা লোককলা পুতলা নাচ আধাৰিত তথা ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ লাইফ ইন্‌ এ পাপেট-এ পুনৰ বিদেশৰ ভূমিৰ পৰা অসমবাসীলৈ কঢ়িয়াই আনিছে গৌৰৱৰ বতৰা৷

দক্ষিণ আমেৰিকাৰ সাংস্কৃতিক ভাৱে চহকী ৰাষ্ট্ৰ চিলি আৰু ইউৰোপ তথা বিশ্বৰ চলচ্চিত্ৰ জগতলৈ অনবদ্য বৰঙনি আগবঢ়োৱা ৰাষ্ট্ৰ চুইডেনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত উজলি উঠিছে অসমৰ পুতলা নাচ ভিত্তিক চলচ্চিত্ৰ লাইফ ইন্‌ এ পাপেট-এ৷

Apply Now

দুয়োখন চলচ্চিত্ৰ সমাৰোহতে বিশ্বৰ নামী দামী আৰু বিগ বাজেটৰ চলচ্চিত্ৰৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ লাইফ ইন্‌ এ পাপেট-এ-এ লাভ কৰা সাফল্য অসমৰ চলচ্চিত্ৰ জগতৰ বাবে এক যোগাত্মক খবৰ হিচাপে চিহ্নিত হৈছে৷

উল্লেখ্য যে দক্ষিণ আমেৰিকাৰ সাংস্কৃতিক দিশত অতি চহকী ৰাষ্ট্ৰ চিলিৰ ৰাজধানী চাণ্টিয়াগ’ৰ নাতিদূৰৰ বাৰ্গোচ ৰাংচাগুৱাত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক তথা ৪১ সংখ্যক  South Film and Arts Academy Festival চমুকৈ SFAAF আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত অতি কঠিন প্ৰতিদ্বন্দ্বিতাৰ মাজত বাছনি লাভ কৰা শ্ৰেষ্ঠ সাতখন চলচ্চিত্ৰৰ মাজত মনোনয়ন লাভ কৰিছে অসমৰ ৰাজেন দাস পৰিচালিত লাইফ ইন্‌ এ পাপেট-এ৷

১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত SFAAF আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত বিশ্বৰ বিভিন্ন দেশৰ বিভিন্ন ভাষাৰ চলচ্চিত্ৰৰ মাজৰ পৰা জুৰী মণ্ডলীয়ে শ্ৰেষ্ঠ হিচাপে বাছনি কৰা এই মনোনীত সাতখন চলচ্চিত্ৰৰ তথ্য সমাৰোহখনৰ অ’ফিচিয়েল ৱেৱচাইটত সদৰি কৰিছে ফেষ্টিভেল ডাইৰেক্টৰ গুস্তাভ’ আলফ’নচ’ ন’ৰিয়েগা-এ৷

চিলিৰ সমান্তৰালভাৱে লাইফ ইন্‌ এ পাপেটৰ জৰিয়তে চুইডেনৰ পৰাও অসমৰ বাবে আহিছে ভাল খবৰ৷চুইডেনত অনুষ্ঠিত Lulea International Film Festivalত ছেমিফাইনেলিষ্টৰ সন্মান লাভ কৰিছে ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ লাইফ ইন্‌ এ পাপেট-এ৷

তৃতীয় বাৰ্ষিক এই চলচ্চিত্ৰ সমাৰোহত যোগদান কৰা অসমীয়া চলচ্চিত্ৰ লাইফ ইন্‌ এ পাপেটক জেমছড কাঁ, লাৰ্ছ এৰিক লাৰছন, ল’ল’ জাৰ্নেব্ৰিঙ্ক, বাইৰ’ৰ নেলচনৰ দ্বাৰা গঠিত নিৰ্বাচক মণ্ডলীয়ে ছেমিফাইনেলিষ্ট ট্ৰফীৰ বাবে বাছনি কৰি মনোনয়ন প্ৰদান কৰিছে৷

চলচ্চিত্ৰ সমাৰোহখনৰ অ’ফিচিয়েল পেজত এই তথ্য সদৰি কৰিছে ভাৰ্চুৱেল প্লেটফৰ্মত অনুষ্ঠিত হোৱা Lulea International Film Festivalৰ কতৃপক্ষই৷

বিদেশ ভূমিৰ পৰা অহা এই সাফল্যৰ বাবে অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰি পৰিচালক ৰাজেন দাসে কয়-“বিদেশী অভিজাত চলচ্চিত্ৰৰ  সৈতে প্ৰতিদ্বন্দ্বিতা কৰি অসমীয়া চলচ্চিত্ৰই স্বীকৃত হোৱাটো আমাৰ বাবে প্ৰেৰণাদায়ক খবৰ৷অসমৰ থলুৱা লোককলা পুতলা নাচৰ এক সুকীয়া মৰ্যাদা আছে৷বিলুপ্তপ্ৰায় পুতলা নাচক আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰতিষ্ঠা কৰিবলৈ কৰা আমাৰ প্ৰয়াস এজন সাধাৰণ অসমীয়া যুৱক হিচাপে আমাৰ দায়বদ্ধতা পালনৰ চেষ্টা মাথোন৷অসমৰ ৰাইজৰ আশীৰ্বাদেই আমাৰ সাহস আৰু মূলধন।”

উল্লেখ্য যে অহা ৫ মাৰ্চত অসমীয়া চলচ্চিত্ৰ লাইফ ইন্‌ এ পাপেট-ৰ এক বিশেষ প্ৰদৰ্শন হ’ব কলকাতাত৷

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm
‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

June 4, 2026 8:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd