• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৰ্ণাটক নিৰ্বাচনৰ ফলাফলঃ বিজেপি অনিবাৰ্য আৰু অপ্ৰতিৰোধ্যনে?‎

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 15, 2023 3:50 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়া চাৰিওফালে কেৱল কৰ্ণাটক নিৰ্বাচনৰ কথা। ইয়াৰ আগতে, ৰাজ্য এখনৰ নিৰ্বাচনী ফলাফলে ইমান হুলস্থূল সৃষ্টিকৰা মনত নপৰে। কিন্তু, নিৰ্বাচনৰ ফলাফল ওলোৱাৰ আগলৈকে, সাধাৰণ মানুহৰ কথা নকওঁ, ৰাজনৈতিকভাৱে সজাগ লোকৰ মাজতো কৰ্ণাটকৰ নিৰ্বাচন সম্পৰ্কে এক নিৰ্বিকাৰ আৰু নৈৰাশ্যৰ ভাৱ গঢ়ি উঠিছিল। যিসকলে কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল বা দূৰৈৰ পৰা নিৰ্বাচনী হাৱা লক্ষ্য কৰি আছিল তেওঁলোকৰ কথা বেলেগ।

ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন মানুহৰ মাজতো এতিয়া নিৰ্বাচন সম্পৰ্কে এক  নৈৰাশ্য কিয় গা কৰি উঠিছে? বহুতে ভাবিয়ে লৈছে, অহা নিৰ্বাচন আহিব, যোৱা নিৰ্বাচন যাব  আৰু ভাৰতীয় জনতা পাৰ্টিয়ে হিন্দুত্ব আৰু  প্ৰধানমন্ত্ৰী মোদীৰ যাদুৰ বলত  নিৰ্বাচন জিকিয়ে থাকিব। মুক,বধিৰ জনতা নহয়, ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন লোকৰ মাজত এই ধৰণৰ ভাগি পৰা, হতাশাৰ মানসিকতা এটা গঢ় লৈ উঠাটো কম চিন্তনীয়নে? আৰু যিটো ৰাজনৈতিক দলে এনে এটা অনিবাৰ্যতাৰ মনোভাব মানুহৰ মাজত আনি দিব পাৰিছে, সেইটো তেওঁলোকৰ কাৰণে কম এক সফলতানে? কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ দিশটো হ’ল ভাৰতীয় জনতা পাৰ্টি আৰু মোদী যে অপ্ৰতিৰোধ্য নহয়  সেইটো প্ৰমাণ কৰা। সংকটৰ সময়ত সুস্থিৰ চিন্তাৰ প্ৰয়োজন। কি হয়, হাবিত, প্ৰকাণ্ড অজগৰ সাপ এটাৰ আগত যদি হঠাৎ শহাপহু এটা ওলায়, শহাপহুটো দৌৰি পলোৱাৰ সলনি সি ভয়তে হিতাহিত জ্ঞান হেৰুৱাই অজগৰটোৰ আগত নিশ্চল হৈ অজগৰৰ চিকাৰ হৈ পৰে। বিজেপিৰ বিজয় ৰথে যেন বহুতৰে সেই অৱস্থা কৰিছিল। কংগ্ৰেছৰ কৰ্ণাটকৰ বিজয়ে সেই তন্ময়তা ভাঙি পেলালে।কিন্তু, আমি বি জে পিক যিমান শক্তিশালী বুলি ভাবোঁ বি জে পি সঁচাকৈয়ে সিমান শক্তিশালী হয় নে? সেই কথাৰ আলোচনা পিছলৈ থৈ মই আকৌ কৰ্ণাটকলৈ উভতি গৈছোঁ। কৰ্ণাটকত বিজেপিৰ কিয় পৰাজয় হ’ল?

Apply Now

সকলোৱে কৈছে যে উপকূলীয় কৰ্ণাটকত বাহিৰে কৰ্ণাটকত বিজেপিৰ চাবেক ভোট ভিত্তি তেনেকৈ নাই। কৰ্ণাটকত বিজেপি চৰকাৰলৈ আহিছিল তনচুকী কৰি, দুই নম্বৰ ৰাস্তাৰে।তাৰ আগতে তাত কংগ্ৰেছ আৰু জনতা দলৰ যৌথ চৰকাৰ আছিল। আকৌ, তাৰ বিজেপি চৰকাৰ ইমানেই অস্থিৰ আছিল যে তেওঁলোকে তিনিবছৰত দুজনকৈ মুখ্যমন্ত্ৰী সলাব লগা হৈছিল। তেওঁলোকে সাধাৰণ মানুহৰ সমস্যাৰ প্ৰতি পিঠি দি কেৱল ধৰ্মীয় মেৰুকৰণৰ কথাবোৰত, যেন  লাভ জিহাদ, হিজাব, টিপু চুলটান আদিতহে জোৰ দিছিল। সৰ্বোপৰি, তেওঁলোকৰ চৰকাৰখন আকন্ঠ দুৰ্নীতিত নিমজ্জিত আছিল।সকলোৱে চৰকাৰখনক ৪০% চৰকাৰ  খিতাপ দিছিল, অৰ্থাৎ কামৰ বিনিময়ত মানুহৰ পৰা ৪০% কমিচন বিচৰা চৰকাৰ বুলি কৈছিল। বিজেপিৰ শাসনত কৰ্ণাটকৰ জনসাধাৰণৰ আত্মমৰ্যাদাক স্বীকৃতি দিয়াৰ সলনি উত্তৰ ভাৰতীয় হিন্দী আৰু হিন্দুত্বৰ আধিপত্য কৰ্ণাটকৰ মানুহৰ ওপৰত জাপি দিয়াৰ প্ৰবণতা এটা গঢ়ি উঠিছিল। কৰ্ণাটকৰ সাধাৰণ মানুহে কথাটো বেয়া পাইছিল। বিজেপিৰ এই নেতিবাচক কথাবোৰৰ সলনি কংগ্ৰেছে মানুহক কি আশা দিছিল? তাৰ আগতে আমি ক’ব লাগিব ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো যাত্ৰা’ৰ কথা। সমগ্ৰ দেশতে বিজেপিৰ অপশাসনৰ বিৰুদ্ধে, বিশেষকৈ বিজেপিৰ জনবিৰোধী অৰ্থনৈতিক নীতি আৰু সামাজিকভাৱে বিভাজনবাদী কাৰ্যসূচীৰ বিৰুদ্ধে অৰ্থনৈতিক সমতা আৰু জনসাধাৰণৰ সকলো অংশৰ মাজত সদ্ভাব গঢ়ি তুলিবলৈ কন্যা কুমাৰীৰ পৰা কাশ্মীৰলৈ ৰাহুল গান্ধীয়ে এক পদযাত্ৰা কৰিছিল। ‘ভাৰত জোড়ো যাত্ৰা’ই সাধাৰণ মানুহৰ মাজতে যে এক জাগৰণ আনিছিল তেনে নহয়, ই কংগ্ৰেছকো সাংগঠনিকভাৱে পুনৰুজ্জীৱিত কৰিছিল। কংগ্ৰেছৰ কৰ্ণাটকৰ স্থানীয় নেতৃত্বই মৰোজীওঁ সোঁ আধিকৈ নিৰ্বাচনী যুঁজত নামি পৰিছিল।ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, কংগ্ৰেছ সভাপতি, মল্লিকাৰ্জুন খাৰ্গে, আৰু  কৰ্ণাটক কংগ্ৰেছৰ শক্তিশালী নেতা – ছিদ্দাৰামায়া আৰু ডি কে শিৱকুমাৰে নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্ব দিছিল।’ভাৰত জোড়ো অভিযান’ৰ লগত জড়িত নাগৰিক সমাজৰ এচাম স্বেচ্ছাসেৱকো দিন-ৰাতি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিল। কংগ্ৰেছে সাধাৰণ মানুহৰ জীৱন চুই যোৱা  পাঁচটা প্ৰতিশ্ৰুতি দিছিল। তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ আছিল জনমুখী।তাৰ বিপৰীতে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ আছিল ৰাজকীয় আৰু বিভাজনবাদী। প্ৰধানমন্ত্ৰী মোদীৰ পথ-প্ৰদৰ্শনীবোৰৰ ধৰণটো আছিল গণতান্ত্ৰিক মূল্যবোধৰ পৰিপন্থী ৰাজ অভিষেক সদৃশ। কাৰ প্ৰচাৰ কিমান সফল আছিল নিৰ্বাচনৰ ফলাফলে স্পষ্টকৈ দেখুৱাই দিলে।

এতিয়া ঘূৰি আহিছোঁ বিজেপি অনিবাৰ্য আৰু অপ্ৰতিৰোধ্য বুলি গঢ়ি উঠা ধাৰণাটোলৈ। হয়, দক্ষিণ ভাৰতৰ মাটি কালি আৰু জনসংখ্যা উত্তৰ ভাৰততকৈ কম। কিন্তু, দক্ষিণ ভাৰতৰ কথা নভবাকৈ আমি ভাৰতৰ কথা ভাবিব পাৰিমনে? কেতিয়াও নোৱাৰোঁ। অথচ, যি বিজেপি অনিবাৰ্য আৰু অপ্ৰতিৰোধ্য বুলি আমি জ্ঞাতসাৰে বা অজ্ঞাতসাৰে ভাবি আহিছোঁ এতিয়া  সেই বিজেপিৰ অস্তিত্ব দক্ষিণ ভাৰতত শূন্য? দক্ষিণ ভাৰত এতিয়া বিজেপি মুক্ত। দক্ষিণ ভাৰতৰ কথা বাদ দিয়ক, গোটেই ভাৰততে অবিজেপি ৰাজ্য বেছি নে বিজেপি ৰাজ্য বেছি? এইবোৰ কথা ব্যাখ্যা কৰা কিছুমান মেপ এইকেইদিন চাৰিওফালে ঘূৰি ফুৰিছে। বিজেপিৰ প্ৰচাৰবোৰলৈ মনত পৰিলে কেতিয়াবা ভাব হয়, আমি মধ্য যুগত আছোঁ নে একবিংশ শতিকাত আছোঁ? হয়, এতিয়াও আমাৰ সমাজৰ  একাংশ লোক মধ্যযুগীয়া, এলান্ধুকলীয়া চিন্তা আৰু ধৰ্মীয় গোড়ামীৰ বশৱৰ্তী? কিন্তু ভবিষ্যতৰ পথ কি? মুক্ত চিন্তা,গণতন্ত্ৰ, অৰ্থনৈতিক সমতা, সামাজিক ন্যায় আৰু সাংবিধানিক প্ৰমূল্য নহয়নে? কৰ্ণাটকে আমাক সেই পথেই দেখুৱা নাই জানো? জনগণৰ জীৱন- জীৱিকাৰ কথা মনত ৰাখি  সুসংগঠিতভাৱে  জনগণৰ ওচৰলৈ গ’লে নিৰ্বাচনত বিজেপিক পৰাভূত কৰাটো একো আচৰিত কথা নহয়। ভাৰতৰ বৰ্তমানৰ ৰাজনৈতিক মানচিত্ৰই ইতিমধ্যে সেইটো সহজ কৰি থৈছে। বিজেপি অনিবাৰ্য, অপ্ৰতিৰোধ্য নহয়। সেইটোৱেই কৰ্ণাটকৰ পৰা ল’ব লগা শিক্ষা।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd