• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

দহলাখ গছ কৰ্তন! আন্তঃৰাষ্ট্ৰীয় কন্টেইনাৰ ট্ৰান্সশ্বিপমেণ্ট বন্দৰ আৰু প্ৰকৃতিৰ বিনাশ!

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 9, 2026 8:44 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় পৰম্পৰাত প্ৰকৃতিক সদায় পৱিত্ৰ জ্ঞান কৰি অহা হৈছে। প্ৰকৃতি আৰু মানুহ বা অন্য জীৱ আৰু হাবি-বনৰ মাজত কোনো পাৰ্থক্য কৰা হোৱা নাই। এইটো আমাৰ এটা অতি সমৃদ্ধ অদ্বৈতবাদী পৰম্পৰা। ‘সৰ্বং খল্বিদং ব্ৰহ্ম‘ৰ অৰ্থটো কি? ইয়াৰ অৰ্থ হ’ল— মানুহ, গছ-লতা, তৰু-তৃণ সকলো ব্ৰহ্মময়। দেখাত এইটো অন্ধবিশ্বাস যেন লাগে, কিন্তু ইয়াৰ তাৎপৰ্য অতি গভীৰ। ই মানুহৰ জীৱনৰ হাজাৰ হাজাৰ বছৰৰ অভিজ্ঞতাৰ পৰা উৎপত্তি হোৱা এক বিশ্বাস। মন কৰিব, প্ৰথমে জীৱনৰ অভিজ্ঞতা, পিছতহে বিশ্বাস।

আদিম মানুহৰ সম্বল কি আছিল? তেওঁলোকৰ জীৱন কিহৰ ওপৰত নিৰ্ভৰশীল আছিল? পানী, মাটি, অৰণ্য আৰু জীৱকুল। এইবোৰ নোহোৱাকৈ তেওঁলোকে বাচি থাকিব পাৰিলেহেঁতেন নে? কেতিয়াও নোৱাৰিলেহেঁতেন। সেইকাৰণেই তেওঁলোকে প্ৰকৃতিক জীৱ জ্ঞান কৰিছিল, যিটো ১০০ শতাংশই শুদ্ধ। তেওঁলোকে প্ৰকৃতি আৰু মানুহৰ মাজত কোনো ব্যৱধান ৰখা নাছিল। আমাৰ এই পৰম্পৰাটো বেদ, উপনিষদত অতি স্পষ্ট। বৌদ্ধ আৰু জৈন ধৰ্মতো আমি সেইটোৱেই দেখিবলৈ পাওঁ। এই যে আমি কওঁ ‘অভয়াৰণ্য‘, তাৰ অৰ্থ কি? ভয়হীন অৰণ্য, য’ত চিকাৰ কৰা আৰু গছ কটা নিষিদ্ধ। সেই ধাৰণাটোৰ পৰাই আজিৰ অভয়াৰণ্যৰ ধাৰণাটোৰ জন্ম।

Apply Now

এতিয়া কোনোবাই প্ৰশ্ন কৰিব পাৰে— পাশ্চাত্যত বা ইউৰোপত এই ধাৰণাটো নাছিল নেকি? আছিল। কিন্তু সেইটো তুলনামূলকভাৱে আমাতকৈ বহু পিছৰ। তাৰ আৰম্ভণি হৈছিল ১৭ শ শতিকাত ডাটচ্ দেশত জন্মগ্ৰহণ কৰা  স্পিনোজাৰ দাৰ্শনিক চিন্তাত। কিন্তু আমাৰ দৰেই প্ৰকৃতিক মানুহৰ লগত অভিন্ন বুলি বিবেচনা কৰা মতামত এটা আফ্ৰিকীয় পৰম্পৰাত সদায় আছিল। তাৰে শেহতীয়া প্ৰকাশ ঘটিছিল কুৰি শতিকাত জনপ্ৰিয় হৈ উঠা ‘নিগ্ৰিটিউড‘ নামৰ সাহিত্য আন্দোলনটোত।

কিন্তু এই সকলোবোৰ তল-ওপৰ হৈ গ’ল ইউৰোপত আৰম্ভ হোৱা নৱজাগৰণ আৰু শিল্প বিপ্লৱৰ সময়ত। তাৰ আৰম্ভণি হয় ৰেনে ডেকাৰ্টৰ দ্বৈতবাদী ‘মন আৰু শৰীৰক বেলেগে চোৱা‘ৰ দৃষ্টিভংগীত। তাৰ পিছত আহে বিজ্ঞান-প্ৰযুক্তি বিপ্লৱ, যিয়ে জন্ম দিয়ে ঔপনিবেশিকতাবাদৰ। ঔপনিবেশিকতাবাদ মানে কি? বহিঃদেশত কৰা সম্পদৰ শোষণ। এই সম্পদৰ শোষণে আফ্ৰিকা আৰু এচিয়াত কি ৰূপ লৈছিল, আমি সকলোৱে দেখিছিলোঁ। দাদাভাই নৌৰজী আৰু ৰমেশ চন্দ্ৰ দত্তৰ কিতাপত আমি তাৰ আচল স্বৰূপ দেখিবলৈ পাওঁ।

এইবোৰ কথাৰ মই কিয় অৱতাৰণা কৰিছোঁ? ভাৰতীয় জনতা পাৰ্টিয়ে হিন্দু ধৰ্মৰ কথা কয়, হিন্দু পৰম্পৰাৰ কথা কয়। তেওঁলোকে ভূমি পূজা নকৰাকৈ কোনো নিৰ্মাণকাৰ্যৰ আধাৰশীলা স্থাপন নকৰে। কিন্তু সঁচাকৈয়ে তেওঁলোকে ভূমিৰ প্ৰতি, প্ৰকৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে নে? নকৰে। কৰা হ’লে তেওঁলোকে সমগ্ৰ ভাৰতবৰ্ষখন খান্দি-কুৰি তচনচ কৰি নেপেলালেহেঁতেন। তেওঁলোকে বন আইন সংশোধন কৰি বন ধ্বংসত আগভাগ নললেহেঁতেন। তেওঁলোকে গ্ৰীন ট্ৰিবিউনেলত এনে থৰকবৰক আৰু সোপাঢিলা মানুহ নবহালেহেঁতেন। বিজেপি ঔপনিবেশিকতাবাদৰ অৱসান নিবিচাৰে, তেওঁলোক আচলতে এক নব্য-ঔপনিবেশিক শক্তি। তেওঁলোকে উত্তৰ ভাৰতীয় ৰাজনৈতিক সম্প্ৰসাৰণবাদ বিয়পাই দি তাৰ যোগেদি আদানী, আম্বানী আৰু আন বহুজাতিক কোম্পানীৰ অৰ্থনৈতিক স্বাৰ্থ পূৰণ কৰিব বিচাৰে।

তাৰ একেবাৰে শেহতীয়া উদাহৰণ হৈছে আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ গালাথিয়া আন্তঃৰাষ্ট্ৰীয় কন্টেইনাৰ ট্ৰান্সশ্বিপমেণ্ট বন্দৰ। এই প্ৰকল্প নিৰ্মাণত প্ৰায় ৭২,০০০ কোটিৰ পৰা ৯২,০০০ কোটি টকা খৰচ হ’ব বুলি কোৱা হৈছে। বন্দৰটোৰ লগতে তাত এটা গ্ৰীণফিল্ড আন্তৰ্জাতিক বিমানবন্দৰ, এখন নগৰ স্থাপন, বিদ্যুৎ কেন্দ্ৰ (গেছ আৰু সৌৰশক্তি ভিত্তিক, প্ৰায় ৪৫০ এমভিএ) আৰু অন্যান্য আন্তঃগাঁথনি (পথ আদি) নিৰ্মাণ কৰাৰ আঁচনি লোৱা হৈছে।

এই প্ৰকল্পটোৰ বাবে তাৰ বৰ্ষাৰণ্যৰ কিমান গছ কাটিব? প্ৰায় দহ লাখ। এই দহ লাখ গছ কটাৰ পিছত কি হ’ব? ইয়াৰ প্ৰভাৱ জলবায়ু নিয়ন্ত্ৰণ, বৰষুণ আৰু জীৱবৈচিত্র্যৰ ওপৰত নপৰিবনে? নিশ্চয় পৰিব। ইয়াৰ ফলত সাগৰীয় আৰু উপকূলীয় পৰিৱেশ ধ্বংসৰ মুখত পৰিব। তাত থকা প্ৰৱাল প্ৰাচীৰ অবলুপ্ত হ’ব। চামৰা-পিঠীয়া সাগৰীয় কাছৰ বংশবৃদ্ধি বাধাগ্ৰস্ত হ’ব। গছ-বিৰিখ নোহোৱা হ’লে উপকূলীয় সুৰক্ষা কমি গৈ অঞ্চলটো ভঙ্গুৰ আৰু বিপদসংকুল হৈ পৰিব। ই ভয়ানকভাৱে অঞ্চলটোৰ জীৱবৈচিত্র্যৰ ক্ষতি কৰিব। তাত ভূমিকম্প আৰু প্ৰাকৃতিক দুৰ্যোগৰ বিপদ বৃদ্ধি পাব।

এইবোৰ কাৰণতে তাৰ স্থানীয় বাসিন্দা সকলে প্ৰকল্পটোৰ বিৰোধিতা কৰিছে। কিন্তু চৰকাৰে তেওঁলোকৰ বিৰোধিতা আৰু প্ৰতিবাদক কোনো গুৰুত্বই দিয়া নাই।বৰং জোৰজৱদস্তি কৰি, বিভিন্ন উপায়েৰে তেওঁলোকৰ অনুমতি আছে বুলি দেখুৱা হৈছে। প্ৰকল্পটো কৰিব নালাগে বুলি ২০২৫ চনৰ ২৭ অক্টোবৰৰ দিনা ভাৰতৰ প্ৰায় ৭০ গৰাকী বিশিষ্ট পণ্ডিত, বিজ্ঞানী, পৰিৱেশবিদ, সমাজবিজ্ঞানী, গৱেষক, অৱসৰপ্ৰাপ্ত আমোলা, এক্টিভিষ্ট, আইনজীৱী আৰু বুদ্ধিজীৱীয়ে চৰকাৰলৈ এখন মুকলি চিঠি লিখিছিল। কিন্তু চৰকাৰে কাৰো কথাতে গুৰুত্ব নিদিলে। নেচনেল গ্ৰীন ট্ৰিবিউনেল (NGT)-এও ২০২৬ চনৰ ১৬ ফেব্ৰুৱাৰীৰ দিনা এই প্ৰকল্পটোৰ সপক্ষেহে ৰায়দান কৰিলে। কেন্দ্ৰীয় চৰকাৰ নামৰ সদাগৰটোৱে এই প্ৰকল্পটোৰ কি নাম দিছে জানেনে? ‘Holistic Development of Great Nicobar Island’। ‘Holistic’ মানে সৰ্বাংগীন। কিন্তু এই প্ৰকল্পটোৰ দ্বাৰা তাৰ মানুহৰ কোনো সৰ্বাংগীন উন্নতি নহয়, তেওঁলোকৰ সমূহীয়া বিনাশহে হ’ব। এই প্ৰকল্পটো কাৰ্যকৰী হোৱাৰ পিছত বৃহত্তৰ আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ চাবেক মানুহবোৰ তাত থাকিবনে নাই, সেইটো সন্দেহজনক। তাৰ পৰিৱেশতন্ত্ৰ যে নাথাকে, সেই সম্পৰ্কে কোনো সন্দেহেই নাই। গতিকে, এইটোৱেই হৈছে বিজেপিৰ তথাকথিত ‘পৰম্পৰা প্ৰীতি’।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 15, 2026 3:54 pm
উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 15, 2026 3:54 pm
উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd