• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জৱাহৰলাল নেহৰুৰ সৈতে কি কি গুণৰ মিল আছে ৰাহুল গান্ধীৰ?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
June 27, 2024 9:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওম বিৰলা লোক সভাৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পিছত প্ৰধান মন্ত্ৰী মোদী আৰু বিৰোধী দলপতি ৰাহুল গান্ধীয়ে তেওঁক অভিনন্দন জনোৱা ছৱিখন আপোনালোকে দেখিছে। সেই ছৱিখন ভাৰতৰ গণতান্ত্ৰিক পৰম্পৰাৰ কাৰণে এখন তাৎপৰ্যপূৰ্ণ ছবি। কিন্তু এইজন ৰাহুল গান্ধীক, ২০২২ চনত  ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰাৰ আগলৈ কোনোবাই গুৰুত্ব দিছিলনে? 

আনৰ কথা বাদ দিয়ক, ২০১৮ চনত মোৰ এজন সুচিন্তক বন্ধুৱে মই  ৰাহুল গান্ধীৰ বিষয়ে লিখা প্ৰবন্ধ এটা প্ৰকাশ নকৰাকৈ মোলৈ ওভতাই পঠিয়াইছিল।তেওঁ  কৈছিল- এই প্ৰৱন্ধটো প্ৰকাশ হোৱাৰ পিছত মানুহে আপোনাৰ বিষয়ে কি ক’ব? মই তেওঁক বেয়া পোৱা নাছিলোঁ। পিছত অইন এজন সম্পাদকে প্ৰবন্ধটো প্ৰকাশ কৰিছিল।ৰাহুল গান্ধীক এসময়ত প্ৰায়ভাগ মানুহেই, বিজেপিৰতো কথাই নাই, এতিয়া যিসকলে তেওঁৰ ব্যক্তিত্বত  এজন বিকল্প  ৰাজনীতিকৰ  সন্ধান কৰিছে  তেওঁলোকেও নাকচ কৰিছিল। কংগ্ৰেছৰে এচামে ৰাহুলৰ বিৰুদ্ধে বু বা কৰিছিল। তেতিয়া যিসকলে কংগ্ৰেছৰ নেতৃত্বত এটা বি জে পি বিৰোধী জোঁট গঠন হোৱাটো বিচাৰিছিল, তেওঁলোকেও ৰাহুলৰ গাত নেতৃত্বৰ লেশমানো লক্ষণ দেখা নাছিল৷ মুঠৰ ওপৰত ৰাহুল গান্ধী প্ৰায় সকলোৰে বাবেই ধৰ্তব্য মানুহ নাছিল। ৰাহুলক তেওঁলোক সকলোৱে বহুৱা বুলি গণ্য কৰিছিল।এতিয়াহে আমি  গম পাইছোঁ যে ই আছিল বিজেপিৰ ৰাহুলৰ বিৰুদ্ধে এক গভীৰ ষড়যন্ত্ৰ, এক পৰিকল্পনা।

Apply Now

আচলতে ৰাহুলক নস্যাৎ কৰি তেওঁলোকে সমগ্ৰ বিৰোধী ৰাজনীতিকে  অকামিলা কৰিব বিচাৰিছিল। সেই কাৰণেই ৰাহুলৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ কোটি কোটি টকা খৰচ কৰিছিল।ৰাহুলৰ বিৰুদ্ধে বিজেপিয়ে কৰা পৰিকল্পনা আৰু ষড়যন্ত্ৰত আচৰিত হ’বলগীয়া একো নাই। কিন্তু মোৰ প্ৰশ্ন হ’ল, সেই প্ৰচাৰৰ দ্বাৰা স্বতন্ত্ৰ সাংবাদিক আৰু ৰাজনৈতিক বিশ্লেষক সকল কিয় প্ৰভাৱিত হৈছিল।তেওঁলোকৰ নিজৰ চিন্তা শক্তি নাছিল নেকি? কথাটো অতি চিন্তনীয়।

ৰাহুল গান্ধীক মই এতিয়ালৈকে তিনিবাৰ লগ পাইছোঁ। প্ৰথম লগ পাইছিলোঁ ২০২২ চনৰ ২২ আগষ্টত দিল্লীৰ Constitution Clubৰ নাগৰিক সভা এখনৰ এক মত বিনিময় অনুষ্ঠানত। দ্বিতীয়বাৰ লগ পাইছিলোঁ সেই বছৰৰে ১০ নবেম্বৰত তেলেংগানাৰ হাইদৰাবাদ চহৰৰ সমীপত।সেইদিনা তেওঁ মোৰ লগত এককভাবে প্ৰায় পোন্ধৰ মিনিটমান সময় খুব আন্তৰিকতাৰে কথা পাতিছিল।

তাৰপিছত  ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ সময়ত অসম মেঘালয় সীমান্তত তেওঁক মই এটা প্ৰতিনিধি দলৰে সৈতে লগ পাইছিলোঁ ২০২৪ চনৰ ২৩ জানুৱাৰীৰ দিনা। সেইদিনাও তেওঁ উষ্ণ আন্তৰিকতাৰে আমাৰ লগত কথা পাতিছিল।ৰাহুল গান্ধী আপোনাৰ মোৰ দৰেই ভুলে-শুদ্ধই এজন মানুহ। কিন্তু তেওঁ  জন্মিছে এটা বিশেষ পৰিয়ালত।সেই সূত্ৰেই মানুহে তেওঁক অন্য এক দৃষ্টিভংগীৰে চায়। তাত আপত্তি কৰিবলগীয়া একো নাই। কিন্তু ৰাহুল গান্ধীয়ে ২০১৪ চনৰ পৰা ২০২৪ চনলৈ কি কৰি আছে?

তেওঁ অতি নিৰ্ভীকভাবে মোদী চৰকাৰৰ জনবিৰোধী নীতি আৰু কাৰ্যকলাপৰ বিৰোধিতা কৰি আছে। আমি লক্ষ্য কৰিছিলোঁ ২০২২চনৰ আগলৈ, অৰ্থাৎ ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ  ‘ভাৰত জোড়ো যাত্ৰা’ আৰম্ভ কৰাৰ আগলৈকে তেওঁৰ সমালোচকসকলে তেওঁক গুৰুত্ব সহকাৰে লোৱাই নাছিল। কিন্তু ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত ৰাহুলৰ কৃচ্ছ্ৰসাধন আৰু জনংসযোগে প্ৰথমবাৰলৈ তেওঁৰ শত্ৰু-মিত্ৰ সকলোকে স্তম্ভিত কৰিছিল।তেওঁৰ সমালোচক সকলৰ সমালোচনা ভোটাহৈ গৈছিল।

যিসকল সৎ সাংবাদিক আৰু ৰাজনৈতিক বিশ্লেষকে ইমানদিনে ৰাহুলক গুৰুত্ব দিয়া নাছিল তেওঁলোকে প্ৰথম বাৰলৈ ৰাহুল গান্ধীৰ কথাবোৰ মনোযোগেৰে শুনিবলৈ আৰম্ভ কৰিছিল।মনত ৰাখিব  নৰেন্দ্ৰ মোদী যিমানৰ মানুহ তাতকৈ তেওঁক শত সহস্ৰ গুণ ডাঙৰ কৰি দেখুৱাবলৈ, তেওঁৰ ভাৱমূৰ্তি উজ্বল কৰি দেখুৱাবলৈ ২০১৪ চনৰে পৰা কোটি কোটি টকা খৰচ কৰা হৈছিল।তাৰ ঠিক বিপৰীতটো কৰা হৈছিল ৰাহুল গান্ধীৰ ক্ষেত্ৰত।ৰাহুল গান্ধীয়ে মোদীৰাজৰ নীতি আৰু কাৰ্যৰ বিৰোধিতা কৰাৰ লগ লগে দেশৰ কৃষক, শ্ৰমিক, গৰীৱ আৰু সামাজিকভাবে পিছপৰা জনসাধাৰণৰ  কথা বাৰম্বাৰ সামাজিক বিতৰ্কলৈ আনিবলৈ চেষ্টা কৰিছিল। তাত তেওঁ সফলো হৈছিল। ৰাহুল গান্ধীয়ে দুটা কাম সমান্তৰালভাবে কৰিছিল।এটা হ’ল তেওঁ জনসাধাৰণৰ মৌলিক সমস্যাবোৰ যেনে মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আদিৰ কথা বাৰে বাৰে ৰাইজৰ সন্মুখলৈ আনিছিল। আৰু তাৰ লগে লগে বিজেপি বিৰোধী ৰাজনৈতিক শক্তিবোৰক ঐক্যবদ্ধ কৰাৰ কাৰণেও তেওঁ উদ্যোগ লৈছিল। বিৰোধী ৰাজনৈতিক দলবোৰৰ কাৰণে তেওঁ অনুঘটকৰ ( Catalyst) ৰ দৰে কাম কৰিছিল। ইণ্ডিয়া এলায়েঞ্চ গঢ়াত তেওঁৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ।

ৰাহুল গান্ধী মতিলাল নেহৰু, জৱাহৰলাল নেহৰুৰ আজুনাতি। নেহৰু- গান্ধী পৰিয়ালৰ ইতিহাস যিসকলে পঢ়িছে তেওঁলোকে জানে যে ৰাহুল গান্ধীক ইন্দিৰা গান্ধী নহয়, ৰাজীৱ গান্ধী নহয় জৱাহৰলাল নেহৰুৰ লগতহে তুলনা কৰা উচিত। ইন্দিৰা গান্ধীয়ে বেংক ৰাষ্ট্ৰীয়কৰণকে আদি কৰি দেশৰ দৰিদ্ৰ জনসাধাৰণৰ কাৰণে অলেখ কল্যাণমূলক আঁচনিৰ প্ৰৱৰ্তন কৰিছিল। কিন্তু জৰুৰীকালীন অৱস্থা বলবৎ কৰি চিৰদিনলৈ তেওঁ নিজৰ গাত কালিমা সানিছিল।ৰাজীৱ গান্ধী অতি সহজ সৰল আৰু প্ৰগতিশীল চিন্তাৰ ব্যক্তি আছিল। কিন্তু শ্বাহ বানু গোচৰত লোৱা তেওঁৰ ভূমিকা আছিল নেতিবাচক। তাৰ ক্ষতিপূৰণ কৰিবলৈ বাবৰি মচজিদৰ তলা খুলি তেওঁ আওপকীয়াকৈ ভাৰতত সাম্প্ৰদায়িক ৰাজনীতিত সাৰপানী যোগোৱাত সহায় কৰিছিল। তাৰেই পৰিণাম আমি এতিয়াও ভুগি আছোঁ।

ইন্দিৰা গান্ধীয়ে নহয় ৰাজীৱ গান্ধীও ভালেমান ৰাজনৈতিক কূট কৌশলত  লিপ্ত হৈছিল। নীৰজা চৌধুৰীৰ ‘How Prime Ministers Decide’ কিতাপত তাৰ সবিশেষ পোৱা যায়। কিন্তু ৰাহুল হৈছে নেহৰুৰ দৰে আপোচহীন, নীতিনিষ্ঠ আৰু আদৰ্শবাদী ৰাজনীতিক। ৰাহুল গান্ধীৰ ৰাজনৈতিক জীৱন শেষ কৰিবলৈ বিজেপি আৰু বিজেপিৰ বহতীয়া প্ৰচাৰ মাধ্যমে কি কৰা নাছিল? অবিচল আদৰ্শবাদ, নীতিনিষ্ঠা আৰু কৃচ্ছ্ৰসাধনৰ দ্বাৰা ৰাহুলে সেই অগ্নি পৰীক্ষা পাৰ হৈছে। লোক সভাৰ বিৰোধী দলপতিৰ দায়িত্ব ৰাহুললৈ এনেয়ে অহা নাই। তেওঁ তাক আৰ্জি লৈছে।

আশাকৰোঁ দেশৰ এই সন্ধিক্ষণত সদনত বিৰোধী পক্ষৰ দলপতি হিচাপে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি ৰাহুল গান্ধীয়ে দেশৰ ৰাজনীতিলৈ এক সুদূৰপ্ৰসাৰী পৰিবৰ্তন আনিব।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd