• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনবৰতে ফোন পিটিকি আমি কি কৰি থাকোঁ

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
August 20, 2023 7:51 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগতে মানুহে পুৱা বাতৰিকাকত পঢ়িছিল। কোনোবাই এখন, কোনোবাই দুখন কি তিনিখন। আমি বেছিভাগেই যিহেতু দ্বিভাষিক, অসমীয়াৰ লগতে ইংৰাজী বাতৰিকাকত এখন বা ৰুচি অনুযায়ী কোনোবাই দুখনো লওঁ। মই নিজে তিনিখন বাতৰিকাকত লৈছিলোঁ। The Telegraph অসমৰ পৰা ওলোৱা বন্ধ হোৱাৰ পিছত সেইখন এতিয়া বাদ পৰিছে। বাতৰিকাকত এখন পঢ়োতে কিমান সময় লাগে?  বৰ বেছি দহ মিনিট বা তাতোকৈ ক’ম? কেতিয়াবা সম্পাদকীয় পৃষ্ঠাত ভাল প্ৰবন্ধ এটা ওলালে অলপ বেছি। আজিকালি সম্পাদকীয় পৃষ্ঠাৰ প্ৰবন্ধবোৰো সেৰেকা। অসমীয়া কি ইংৰাজী কাকতৰ প্ৰবন্ধৰে সোৱাদ নোহোৱা হ’ল।কিন্তু, আগতে The Hindu বা অৰুণ শ্বোৰী সম্পাদক হৈ থাকোতে The Indian Express বা গিৰীলাল জৈন সম্পাদক হৈ থাকোতে The Times of India ওৰমূৰি পঢ়িবলৈ সময় লাগিছিল।

ভাল বাতৰিকাকত এখন মনোযোগ দি পঢ়াটো বৰ সহজ কথা নহয়। কিয়? এখন ভাল বাতৰিকাকতত বেলেগ বেলেগ বিষয়ৰ বেলেগ বেলেগ খবৰ থাকে। সেয়ে, বাতৰিকাকত এখন পঢ়ি থকা সময়ত সততে পঢ়ুৱৈ এজনৰ মনটো বিষয়ৰ পৰা বিষায়ন্তৰলৈ গতি কৰে। এই যে মিনিটে মিনিটে এটা বিষয়ৰ পৰা অইন এটা বিষয়লৈ মনটো ঢপলিয়াই ফুৰে, বাতৰিকাকতখন এনকৈ পঢ়াৰ পিছত মনটো ভাগৰুৱা হৈ পৰে।মনলৈ অৱসাদ আহে। অৱশ্যে বাতৰিকাকত এখনত বিভিন্ন শিতান থাকে যদিও পঢুৱৈয়ে কিন্তু নিজৰ ৰুচি মতেহে বাতৰিকাকত পঢ়ে। কোনো কোনোৱে কোনো কোনো শিতান বাদ দি যায়।

যিয়ে নহওক, ফোনটোতে বাতৰি পোৱাৰ আগলৈ বাতৰি পঢ়া আমাৰ পুৱাই শেষ হৈছিল। পুৱাৰ বাতৰি পুৱাতে এৰি আমি সকলোৱে নিজৰ নিজৰ কামত মন দিছিলোঁ। তৎসত্বেও সেই তেতিয়াই, কুৰি শতিকাৰ আৰম্ভণিতে টি এচ এলিয়টে কৈছিল Where the knowledge is lost in information, কিন্তু এতিয়া কি হৈছে? সাৰে থকা সকলো সময়তে আমি খবৰ পঢ়ি থাকো, চাই থাকো, শুনি থাকো। এই যে খবৰ আৰু শব্দ সৰ্বোচ্চ জীৱন, ই আমাক ক’লৈ লৈ যাব বা ইতিমধ্যে ক’লৈ লৈ গৈছে? মোবাইল ফোনটোৱে যেতিয়ালৈকে ফোনৰ কামহে কৰিছিল তেতিয়ালৈকে পৰিস্থিতি ইমান সংকটজনক নাছিল।কিন্তু, এতিয়া মোবাইলতে কত কিমান কি? সেয়ে, এতিয়া  মোবাইলটো এৰি আমি এখন্তেকো থাকিব নোৱাৰোঁ। এতিয়া আপুনি য’লৈকে  নাযাওক, দেখিব মানুহে অনবৰতে মোবাইল পিটিকি আছে।

Apply Now

এইখিনিতে অইন  এটা কথালৈ আহিছোঁ। শিশু এটাই কিয় মোবাইল ইমান ভালপায়? তেওঁলোকে ইয়াত ৰং, ৰস, শব্দৰ এখন চলমান আৰু বৈচিত্ৰ্যপূৰ্ণ কৃত্ৰিম জগত আৱিষ্কাৰ কৰে। যিখন জগতত তেওঁলোক আত্মবিভোৰ হৈ পৰে। কিন্তু, অলপ ভাবি চাওকচোন শিশুতো শিশুই, আমি প্ৰাপ্তবয়স্ক সকলে কি কৰোঁ? কিমান সময় প্ৰয়োজনত, দৰকাৰত ফোনটো চাওঁ আৰু কিমান সময় অদৰকাৰত ফোনটো চাওঁ? শিশু সকলৰ দৰে বহু সময়ত আমি ফোনটো আমাৰ আমোদ প্ৰমোদৰ বাবে ব্যৱহাৰ নকৰোনে?

এই যে ফোনটো আৰু সামাজিক মাধ্যমৰ বিভিন্ন মঞ্চ যেনে, ফেচবুক, টুইটাৰ, হোৱাট্চএপ, ইউ টিউব, ইনষ্টাগ্ৰাম আদিৰ যোগেদি আমি  খবৰ, ভিডিঅ’ আদি অনবৰতে পাই আছোঁ, চাই আছোঁ, পঢ়া কথাটো বাদ দি এইবোৰ সঁচাই আমাৰ কাৰণে ইমান প্ৰয়োজন নে? এইবোৰ নহ’লে আমি থাকিব নোৱাৰিমনে? প্ৰযুক্তি দুমুখীয়া তৰোৱাল। কিন্তু প্ৰযুক্তিয়ে আমাৰ জীৱন এতিয়া সুচল কৰিছেনে আমি সকলো প্ৰযুক্তিৰ দাস হৈ পৰিছোঁ? এই যে অনবৰতে ফোনটো চাই থাকো, ফোনটো নহ’লে যে জীৱন অসম্পূৰ্ণ যেন লগা অনুভৱ এটা হৈছে, সেইটো এটা ভয়াবহ কথা নহয়নে?

শিশু সকলে কি কৰে, ফোনটো স্ক্ৰল কৰে, মানে তাৰ পৰ্দাখন তল ওপৰ কৰি থাকে। আমিও সেইটোকে নকৰো জানো? এতিয়া যেন জীৱনৰ অন্য এটা নাম স্ক্ৰল।ই আমাক কি কৰিছে? ইয়াৰ মনোবৈজ্ঞানিক প্ৰভাৱৰ বিষয়ে ইতিমধ্যে নানা ধৰণৰ গবেষণা আৰম্ভ হৈছে। ফোনটোত গীত এটা শুনা, চিনেমা এখন চোৱা, বক্তৃতা এটা চোৱা আৰু শুনা, আলোচনা এটা শুনা, বা প্ৰবন্ধ এটা পঢ়াত একো আপত্তিৰ কথা নাই। কিন্তু মনত ৰাখিব, ভাল মিউজিক চেষ্টাম এটাত গীত এটা শুনা আৰু ফোনত শুনাৰ মাজত পাৰ্থক্য আছে, ঠিক তেনে দৰে হলত চিনেমা এখন চোৱা আৰু ফোনত চোৱা একে নহয়, আলোচনা চক্ৰ বা পঢ়াৰ ক্ষেত্ৰতো একে কথা।

ই বুকৰ জনপ্ৰিয়তা কিয় কমিব ধৰিছে? ফোনটো জীৱনৰ অভিনয়হে (Simulation), জীৱন নহয়। মানুহ এজনৰ ঘৰলৈ গৈ খবৰ এটা লোৱা আৰু ফোনত খবৰ এটা লোৱাৰ মাজত আকাশ পাতাল প্ৰভেদ। ফোনৰ অভিজ্ঞতা আৰু প্ৰকৃত অভিজ্ঞতাৰ মাজত কিমান তফাৎ? ফোনটোত আবদ্ধহৈ থাকিলে ল’ৰা-ছোৱালীয়ে প্ৰকৃত জীৱন আৰু প্ৰকৃতিৰ পৰা আঁতৰি থাকিব। জীৱনৰ প্ৰতিফলন বা simulationৰ সীমাবদ্ধতা বহু। জীৱনৰ প্ৰকৃত অভিজ্ঞতা আৰু প্ৰকৃতিয়েহে আমাক উজ্জীৱিত আৰু উদ্বুদ্ধ কৰে। কি শিশু কি বয়সস্থ সকলোৰে কাৰণে তাৰ শিক্ষা একে।

আৰু এটা কথা, ফোনটোৱে যে আমাক সকলোকে বহুজাতিকৰ ব্যৱসায়ৰ লগত সাঙুৰি পেলাইছে সেইটোৱেই নহয়, ই আমাৰ ৰুচি, অভিৰুচি নিয়ন্ত্ৰণ কৰি শাৰীৰিক আৰু মানসিকভাবে আমাক কোঙা, বিভ্ৰান্ত আৰু বিকৃত কৰি পেলাইছে। ফোন বিপ্লৱটো আৰম্ভ হৈছেহে, তাতেই সমাজত ইয়াৰ কি কু প্ৰভাৱ পৰিছে আমি দেখা পাইছোঁ। ই ভৰপক হ’লে সমাজ কোন ফালে গতি কৰে ঠিকনা নাই। ফোনটো আমাক লাগে, কিন্তু ফোনটোৱে আমাক নিয়ন্ত্ৰণ কৰিব নে আমি ফোনটো নিয়ন্ত্ৰণ কৰিম?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd