• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বিশ্ববিদ্যালয় শিক্ষকৰ বাকস্বাধীনতা আছেনে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
February 14, 2024 6:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষক এজনৰ বাকস্বাধীনতা থাকিব লাগে নে নালাগে? বাকস্বাধীনতাৰ অনুশীলন অবিহনে শিক্ষক এজন শিক্ষক হ’ব পাৰেনে? শিক্ষাৰ চালিকা শক্তি কি? অনুসন্ধিৎসা আৰু প্ৰশ্ন কৰাৰ আগ্ৰহ বা অধিকাৰ নহয়নে? শিশু এটিয়ে কি কৰে? অনবৰতে এইটো কি সেইটো কি বুলি ডাঙৰক প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰে। তেনেদৰে প্ৰশ্ন কৰাৰ যোগেদি শিশুটিয়ে নিজৰ চৌপাশৰ জগতখনৰ লগত চিনাকি হয়। ভুলে- শুদ্ধই তাৰ কিবা এটা অৰ্থ কৰে।এয়ে হ’ল শিক্ষাৰ প্ৰাৰম্ভিক আৰু মৌলিক আধাৰ। উচ্চ শিক্ষা কি? শিশু এটাই যে প্ৰশ্ন কৰে তাৰেই গুণগত আৰু পৰিমাণগতভাৱে বৰ্দ্ধিত সংস্কৰণ এটা নহয়নে? শিক্ষাৰ চক্ৰেটিছীয় পদ্ধতি কি? প্ৰশ্নোত্তৰ পদ্ধতি নহয় জানো?

প্ৰশ্ন শুধিবলৈ প্ৰশ্নকৰ্তা কোনো বাধ্যবাধ্যকতাৰ চাপত থাকিব নালাগিব। তেওঁ মুক্তামনা আৰু  স্বতন্ত্ৰ হ’ব লাগিব। এই কথাটোকে যদি আমি সম্প্ৰসাৰিত কৰোঁ, সেইটোৱে হ’ব মুকলি চিন্তাৰ পৰিবেশ। অৰ্থাৎ মুকলি চিন্তাৰ পৰিবেশ অবিহনে শিক্ষা অসম্ভৱ। আকৌ, আমি কি শিকোঁ আৰু কেনেকৈ শিকোঁ দুয়োটাই সমানে গুৰুত্বপূৰ্ণ। ঠিক ন্যায় (Juris Prudence)ৰ প্ৰক্ৰিয়া আৰু উদ্দেশ্যৰ দৰে। বিশেষকৈ,শিক্ষা বুলি যেতিয়া আমি কওঁ পদ্ধতিটোৰ কথাটো মানে, ইংৰাজীত যাক Methods of Education বুলি কোৱা হয় সেইটোৱে আটাইতকৈ গুৰুত্ব পায়। আমি যি পদ্ধতি বা প্ৰক্ৰিয়াৰ কথাই নকওঁ কিয় তাৰ কাৰণে কিন্তু মুক্ত চিন্তা অপৰিহাৰ্য। যি আদৰ্শ, মতাদৰ্শ বা তত্ত্বৰ কথাই নকওঁ লাগে, মুক্ত চিন্তা অবিহনে শিক্ষা অসম্ভৱ।

এই সন্দৰ্ভত মোৰ এখন কিতাপলৈ মনত পৰিছে। সেই কিতাপখন হৈছে Street Fighting Days: An Autobiography of the Sixties।এই কিতাপখনৰ লেখক  তাৰিক আলী। ষাঠীৰ দশকটো কেৱল ইউৰোপ আৰু আমেৰিকাৰ কাৰণেই নহয়, সমগ্ৰ বিশ্বৰ কাৰণে এক উত্তাল দশক আছিল। এই দশকটোৰ তিনিটা বৈশিষ্ট্য আছিলঃ কৃষ্ণাংগ আন্দোলন, সাম্যবাদী আন্দোলন আৰু তৃতীয় বিশ্বৰ দেশ সমূহৰ নিজৰ স্বাধিকাৰৰ জাগৰণ। অন্য জাগৰণৰ লগতে এই দশকটোৱে ইউৰোপ আৰু আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ চৌহদবোৰত কি প্ৰভাৱ পেলাইছিল- তাৰে বিশদ বিবৰণ এই কিতাপখনত।

Apply Now

সেই দশকটোত ভিয়েটনামৰ যুদ্ধ, চে গুৱেভাৰাৰ বিপ্লৱ আৰু প্ৰাগৰ উত্তেজনাই সমগ্ৰ বিশ্বতে তোৰপাল লগাইছিল। ফ্ৰাঞ্চৰ ৰাজধানী পেৰিচত লাখ লাখ ছাত্ৰ ৰাজপথত নামিছিল। প্ৰখ্যাত লেখক, দাৰ্শনিক জ্যা পল চাৰ্তে বিদ্ৰোহী ছাত্ৰ-যুৱক সকলক সম্বোধি বক্তৃতা দিছিল। আমেৰিকাৰ ভিয়েটনাম আক্ৰমণে ভিয়েটনামৰ জনসাধাৰণ আৰু পৰিবেশৰ কিমান হানি কৰিছিল সেই লৈ বাৰ্টণ্ড ৰাছেল আৰু জ্যা পল চাৰ্তেৰ উদ্যোগত ‘ৰাছেল ট্ৰিবুনেল’ বুলি এটা ট্ৰিবুনেল গঠন কৰা হৈছিল। ৰাছেলৰ স্বাস্থ্য পৰি আহিছিল যদিও মনোবল অটুট আছিল। মাৰলন ব্ৰেনড’, মিত জেগাৰৰ দৰে অভিনেতা আৰু গায়কে ছাত্ৰ- যুৱক অনুপ্ৰাণিত কৰিছিল। মেলকম এক্সৰ জ্বালাময়ী বক্তৃতা আৰু বৈপ্লৱিক সত্তাই নতুন পুৰুষৰ মাজত এক অদমনীয় সাহস আৰু উদ্দীপনাৰ সৃষ্টি কৰিছিল।

সেই সময়তে দিল্লী বিশ্ববিদ্যালয় চৌহদত ভিয়েটনামৰ প্ৰতিনিধি দল এটাক আদৰণি জনাবলৈ গঠন কৰা সমিতিৰ সভাপতি আছিল আমাৰ অসমৰে প্ৰখ্যাত অৰ্থনৈতিক ঐতিহাসিক অমলেন্দু গুহ আৰু উপসভাপতি আছিল পিছলৈ অৰ্থনীতিত নবেল বঁটা পোৱা প্ৰখ্যাত অৰ্থনীতিবিদ অমৰ্ত্য সেন।তেওঁলোক দুয়ো তেতিয়া Delhi School of Economicsৰ অধ্যাপক আছিল। অৰ্থাৎ তেতিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ-যুৱক আৰু শিক্ষক সকলৰ বাবে এই প্ৰতিবাদ, বিদ্ৰোহ, বৰ্জনীয় নাছিল বৰং সেইবোৰ বিশ্ববিদ্যালয় চৌহদৰ এক অবিচ্ছেদ্য অংগ আছিল।

মই কিয় এইবোৰ কথাৰ পাতনি মেলিছোঁ? আজি কিছুদিন আগতে ডঃ হীৰেন গোহাঁই সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰীজনে এক অতি অৰুচিকৰ আৰু অসামাজিক মন্তব্য কৰিছিল। ডঃ গোহাঁই কোন? তেওঁ ভাৰতে চিনি পোৱা এজন গণ বুদ্ধিজীৱী(Public Intellectual)। অসমৰ ভিতৰৰ আৰু অসমৰ বাহিৰৰো অজস্ৰজনে মুখ্যমন্ত্ৰীৰ আচৰণক কঠোৰ ভাষাৰে গৰিহণা দিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক সুলেখক আৰু বক্তা ডঃ অখিল ৰঞ্জন দত্তই মুখ্যমন্ত্ৰীৰ আচৰণৰ মাত্ৰ এক মৃদু সমালোচনা কৰিছিল। কিন্তু, তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে দত্তক যি ভাষাৰে যি ধৰণে ধমক দিছিল সি আছিল সম্পূৰ্ণৰূপে মুখ্যমন্ত্ৰীৰ কৰ্তৃত্ব বহিৰ্ভুত, বেআইনী, বিশ্ববিদ্যালয়ৰ স্বতন্ত্ৰতা আৰু অধ্যাপক এজনৰ বাক-স্বাধীনতাৰ ওপৰত দেখদেখ হস্তক্ষেপ।

মুখ্যমন্ত্ৰীৰ এই স্বৈৰাচাৰী দম্ভক ৰাইজে গৰিহণা দিছিল। ছাত্ৰ সমাজৰ একাংশইও তাৰ প্ৰতিবাদ কৰিছিল। কিন্তু, বিশ্ববিদ্যালয়ে কি ক’লে? বিশ্ববিদ্যালয়ৰ অধ্যাপক সমাজে কি ক’লে? তেওঁলোক সম্পূৰ্ণ নীৰৱ হৈ থাকিল। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে টু শব্দ এটা কৰিবলৈও তেওঁলোকৰ সাহস নহ’ল।মুখ্যমন্ত্ৰীয়ে যি কোনো কথা কৈ থাকে বুলি তাৰ অজুহাত আৰু আৱৰণ লৈ তেওঁলোকে তেওঁলোকৰ বাকস্বাধীনতা মুখ্যমন্ত্ৰীৰ ওচৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰিলে। তেওঁলোকে বিশ্ববিদ্যালয় আৰু শিক্ষক সকলৰ স্বায়ত্ততা আৰু বাকস্বাধীনতাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ মানি ল’লে। কি হ’ল? অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক সকলে এই নীৰৱতা আৰু নিশ্চুপতাৰে শিক্ষক হিচাপে তেওঁলোকৰ মৌলিক অধিকাৰ হেৰুৱাই পেলালে। বাক-স্বাধীনতা ৰহিত শিক্ষকে এতিয়া ছাত্ৰ-ছাত্ৰীক কি শিক্ষা দিব? ক’ত Street Fighting Days আৰু ক’ত অসমৰ উচ্চ শিক্ষা! শিক্ষকৰ কাম কি? কেৱল ল’ৰা-ছোৱালীক নেওতা আৰু পদ্য মুখস্থ কৰোৱা? 

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

July 3, 2026 2:55 pm
ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

July 3, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

July 3, 2026 2:55 pm
ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd