NORTHEAST NOW (Assamese)

১৩ বছৰৰ অন্তত ইৰাণৰ পৰা আঁতৰিল অস্ত্ৰ সৰবৰাহৰ নিষেধাজ্ঞা

October 18, 2020 2:35 pm · এন ই নাও নিউজ
Updated: October 18, 2020 4:29 pm

বিশ্বৰ পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ সমূহৰ ভিতৰত অন্যতম ইৰাণৰ বিৰুদ্ধে ১৩ বছৰ পূৰ্বে ৰাষ্ট্ৰসংঘই আৰোপ কৰা অস্ত্ৰ সৰবৰাহৰ নিষেধাজ্ঞা অৱশেষত আজি বাতিল হ’ল।

আমেৰিকাৰ তীব্ৰ হেঁচাৰ পিছতো ৰাষ্ট্ৰসংঘই আজি ইৰাণৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে।

উল্লেখ্য বিশ্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা পাৰমাণৱিক অস্ত্ৰ উৎপাদন কৰি থকাৰ অভিযোগত ১৩ বছৰ পূৰ্বে আমেৰিকাৰ হেঁচাতে ৰাষ্ট্ৰসংঘই ইৰাণৰ বিৰুদ্ধে অস্ত্ৰৰ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল।

২০১৫ চনত আমেৰিকাৰ সৈতে পাৰমাণৱিক অস্ত্ৰ চুক্তিত স্বাক্ষৰ কৰাৰ পিছতে ইৰাণৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনাই দেখা দিছিল।

২০১৮ চনত তেহৰাণে আন্তঃৰাষ্ট্ৰীয় মহলৰ সৈতে Joint ‘Comprehensive Plan of Action’ (JCPOA) চুক্তিত স্বাক্ষৰ কৰিছিল।

কিন্তু চুক্তি স্বাক্ষৰৰ পিছতো ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰি থকা বুলি আমেৰিকাই অভিযোগ কৰিছিল।

সেই অভিযোগ আমেৰিকাই ৰাষ্ট্ৰসংঘৰ মজিয়াতো উত্থাপন কৰিছিল।

কিন্তু ৰাষ্ট্ৰসংঘই বিভিন্ন দিশ চালি-জাৰি চাই ইৰাণৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে।

এতিয়াৰে পৰা ইৰাণে আন দেশৰ পৰা অস্ত্ৰ ক্ৰয় কৰিব পাৰিব আৰু নিজ দেশতো অস্ত্ৰ নিৰ্মাণ কৰিব পাৰিব।

ইৰাণৰ বৈদেশিক দপ্তৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে বিদেশৰ পৰা ইৰাণে পাৰমাণৱিক অস্ত্ৰ ক্ৰয় কৰাৰ কোনো প্ৰয়োজন নহ’ব। কাৰণ তেওঁলোকৰ নিজৰে এনে অস্ত্ৰ বহু আছে।

Related News