NORTHEAST NOW (Assamese)

বোকাখাতত মন্ত্ৰী অতুল বৰাৰ সৈতে মিচিং ছাত্ৰ সংগঠন টি এম পি কেৰ সৌহাৰ্দপূৰ্ণ আলোচনা

June 11, 2020 9:28 am · উত্তম শইকীয়া
Updated: June 11, 2020 9:33 am
ফটো : নৰ্থ-ইষ্ট নাও

বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাৰ বিধায়ক আৰু মন্ত্ৰী পদ খাৰিজৰ দাবীত বোকাখাতৰ মহকুমাধিপতিৰ জড়িয়তে অসম বিধান সভাৰ অধ্যক্ষলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা  মিচিং ছাত্ৰ সংগঠন টি এম পি কে ৰ গোলাঘাট জিলা সমিতিয়ে আজি বোকাখাতৰ আৱৰ্ত ভৱনত মন্ত্ৰী অতুল বৰাৰ লগত এক আলোচনাত মিলিত হয়।

আলোচনাত বোকাখাত মহকুমাৰ এলেংমাৰীৰ অঞ্চলৰ কৃষকৰ সমস্যা বিধায়ক অতুল বৰাক অৱগত কৰাৰ অপৰাধতেই বোকাখাতৰ বিধায়ক কৃষি মন্ত্ৰী অতুল বৰাই দেহৰক্ষী লগাই মিচিং ছাত্ৰ সংগঠনটোৰ গোলাঘাট জিলাৰ দুগৰাকী সদস্যক শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাৰ সন্দৰ্ভত এক বুজাবুজিত উপনীত হয় দুয়ো পক্ষ৷

৬ জুনত দিচৈ পঞ্চায়তত সংঘৰ্টিত ঘটনা এক ভুল বুজা বুজিৰ বাবে হোৱা বুলি মন্তব্য কৰি সমষ্টিৰ উন্নয়নৰ বাবেই মন্ত্ৰী গৰাকীৰ সৈতে আলোচনাত মিলিত হোৱা বুলি কয় টি এম পি কেৰ গোলাঘাট জিলাৰ সভাপতি প্ৰসেন লইঙে।

আজিৰ আলোচনাৰ পাছত মন্ত্ৰী অতুল বৰাও সজাগ আৰু সচেতন থাকিব লাগিব বুলিও সভাপতি গৰাকীয়ে মন্তব্য কৰে।

ইফালে আজিৰ সৌহাৰ্দপূৰ্ণ আলোচনাৰ বাবে টি এম পি কে নামৰ মিচিং ছাত্ৰ সংগঠনক ধন্যবাদ জনায় মন্ত্ৰী অতুল বৰাই। ৬ জুনৰ ঘটনা এক ভুল বুজা বুজিৰে ফল বুলিও স্বীকাৰ কৰে অতুল বৰাই৷

এলেংমাৰী জান আৰু অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ সম্পৰ্কতো ছাত্ৰ সংগঠনতোৰ সতে আলোচনা কৰে। আলোচনাত মন্ত্ৰী অতুল বৰাৰ লগতে মিচিং ছাত্ৰ সংগঠনৰ গোলাঘাট জিলাৰ বিষয় ববীয়া আৰু এম এম কেৰ কৰ্মকৰ্তাও উপস্থিত থাকে

Related News