NORTHEAST NOW (Assamese)

এল অ’ চিত পাকিস্তানী সেনাৰ যুদ্ধবিৰতি উলংঘাৰে গুলিচালনা; এগৰাকী ভাৰতীয় সেনা শ্বহীদ

September 16, 2020 12:42 pm · এন ই নাও নিউজ

লাইন অফ কন্ট্ৰোলত পাকিস্তান সেনা যুদ্ধবিৰতি উলংঘন কৰি কৰা গুলিচালনত ভাৰতীয় সেনা বাহিনীৰ এগৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে দুগৰাকী জোৱান আঘাতপ্ৰাপ্ত হয়।

বুধবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ ভাৰত-পাকিস্তান সীমান্তত পাকিস্তান সেনাই কৰা গুলিচালনাত ভাৰতীয় সেনা বাহিনীৰ জোৱান গৰাকী শ্বহীদ হয়।

আনহাতে, আঘাতপ্ৰাপ্ত হোৱা জোৱান দুগৰাকীৰ ভিতৰত এগৰাক সেনা বিষয়াও আছে।

বৰ্তমান কাশ্মীৰৰ সেনা চিকিৎসালয়ত আঘাতপ্ৰাপ্ত বিষয়া আৰু জোৱান গৰাকীক চিকিৎসা প্ৰদান কৰি থকা হৈছে।

কেন্দ্ৰই উল্লেখ কৰা অনুসৰি চলিত বৰ্ষত পাকিস্তান সেনাই সীমান্তত ৩,১৮৬ বাৰ যুদ্ধবিৰতি উলংঘন কৰি গুলিচালনা সংঘটিত কৰিছে।

মূলত সন্ত্ৰাসবাদীক ভাৰত ভূমিলৈ পঠোৱাবৰ বাবে পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘা কৰি সীমান্তত গুলিচালনা কৰে।

২০১৯ বৰ্ষৰ আগষ্ট মাহৰ পৰা ২০২০ বৰ্ষৰ আগষ্ট মাহলৈ পাকিস্তানৰ পৰা সীমা অতিক্ৰম কৰি মুঠ ১৭৬ বাৰ সন্ত্ৰাসবাদীয়ে ভাৰত ভূমিত প্ৰৱেশৰ বাবে চেষ্টা কৰিছিল বুলি সদনত কেন্দ্ৰ চৰকাৰে তথ্য দাঙি ধৰে।

Related News