গণতন্ত্ৰ আৰু আইনৰ শাসনৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াত আস্থা জাগ্ৰত কৰাটো অতি জৰুৰী বুলি মন্তব্য কৰি বুধবাৰে উচ্চতম ন্যায়ালয়ে অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক নিৰ্বাচন আয়োগক ৰাজ্যখনৰ ১০০টা স্থানীয় নিকায়ৰ ভিতৰত ১৯টাৰ চূড়ান্ত প্ৰাৰ্থী তালিকা ঘোষণা নকৰিবলৈ নিৰ্দেশ দিছে। বিৰোধী দল ওৱাই এছ আৰ চি পিয়ে উক্ত স্থানসমূহত তেওঁলোকৰ প্ৰাৰ্থীসকলক মনোনয়ন দাখিল কৰাত বলপূৰ্বকভাৱে বাধা প্ৰদান কৰাৰ অভিযোগ তোলাৰ পাছতে সৰ্বোচ্চ ন্যায়ালয়ে এই নিৰ্দেশনা জাৰি কৰে। অৱশ্যে, অহা ২৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ দিন সলনি কৰিবলৈ ন্যায়ালয়ে অস্বীকাৰ কৰে।
ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে ৰাজ্যিক নিৰ্বাচন আয়োগক বৃহস্পতিবাৰৰ ভিতৰত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিছে। বলপূৰ্বকভাৱে মনোনয়ন দাখিলত বাধা দিয়াৰ অভিযোগ তোলা প্ৰাৰ্থীসকলৰ আবেদন বিবেচনা কৰি তেওঁলোকক মনোনয়ন দাখিলৰ বাবে অতিৰিক্ত সময় দিয়া হ’ব নে নিৰ্বাচন পিছুৱাই দিয়া হ’ব, সেই বিষয়ে আয়োগে সিদ্ধান্ত ল’ব লাগিব। ইয়াৰ উপৰি ওৱাই এছ আৰ চি পিৰ হৈ যুক্তি দৰ্শোৱা জ্যেষ্ঠ অধিবক্তা মণিন্দৰ সিঙৰ পৰামৰ্শ গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানক মনোনয়ন দাখিল কেন্দ্ৰসমূহত আৰু প্ৰাৰ্থীসকলক পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।
শুনানিৰ সময়ত বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে মুক্ত আৰু নিকা নিৰ্বাচন সংবিধানৰ মৌলিক গাঁথনিৰ অংশ। ন্যায়ালয়ে কয়, “মনোনয়ন পত্ৰ দাখিলৰ জৰিয়তে এনে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ অধিকাৰ মুক্ত আৰু নিকা নিৰ্বাচনী প্ৰক্ৰিয়াৰে এক অংগ। প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলে যাতে মুক্ত আৰু স্বচ্ছভাৱে মনোনয়ন দাখিল কৰিব পাৰে, সেয়া নিশ্চিত কৰাটো ৰাজ্যিক নিৰ্বাচন আয়োগৰ সাংবিধানিক দায়িত্ব।” ন্যায়ালয়ে লগতে উল্লেখ কৰে যে নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত আয়োগৰ ক্ষমতাক আদালতে সন্মান জনায় যদিও ন্যায়িক সমীক্ষাৰ ক্ষেত্ৰত সাংবিধানিক আদালতৰ ক্ষমতা একেবাৰে অকাৰ্যকৰী বুলি ক’ব নোৱাৰি। শান্তিপূৰ্ণভাৱে মনোনয়ন দাখিলৰ বাবে এক নিৰাপদ পৰিৱেশ নিশ্চিত কৰিবলৈ আৰক্ষী-প্ৰশাসনক নিৰ্দেশ দিয়াটো নিৰ্বাচন আয়োগৰ কৰ্তব্য বুলিও আদালতে সোঁৱৰাই দিয়ে।
ইফালে, আদালতত ওৱাই এছ আৰ চি পিৰ অধিবক্তা মণিন্দৰ সিঙে অভিযোগ কৰে যে ১৩খন পৌৰ নিগম আৰু ৮৭খন পৌৰসভা তথা নগৰ পঞ্চায়তকে ধৰি মুঠ ১০০টা চহৰাঞ্চলীয় স্থানীয় নিকায়ৰ ভিতৰত ১৯টাতে দলটোৰ ৬৩ শতাংশতকৈ অধিক প্ৰাৰ্থীক মনোনয়ন দাখিলত বাধা দিয়া হৈছে বা তেওঁলোকৰ মনোনয়ন পত্ৰ ফালি পেলোৱা হৈছে। ৰাজ্যিক আৰক্ষীয়েও অভিযোগ পঞ্জীয়নৰ ক্ষেত্ৰত উদাসীনতা বা পক্ষপাতিত্বমূলক আচৰণ কৰা বুলি তেওঁ দাবী কৰে।
আনহাতে, অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ হৈ জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ লুথ্ৰাই এই অভিযোগ খণ্ডন কৰি কয় যে ওৱাই এছ আৰ চি পিয়ে নিজেই পঞ্জাৱৰ দৰে দূৰণিবটীয়া ঠাইৰ পৰা অপৰাধী আনি হিংসা বিয়পাইছে আৰু পাছত মিছা অভিযোগ তুলি সহানুভূতি লুটিব বিচাৰিছে। আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা বুলিও তেওঁ আদালতক জনায়। ৰাজ্যিক নিৰ্বাচন আয়োগৰ হৈ জ্যেষ্ঠ অধিবক্তা কে পৰমেশ্বৰেও বিৰোধী দলটোৰ দাবী নস্যাৎ কৰি কয় যে আয়োগে ইতিমধ্যে আৰক্ষীক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰিছে।
প্ৰধান বিৰোধী দলটোৱে দাখিল কৰা হিংসাত্মক ঘটনাৰ প্ৰাথমিক তথ্য-প্ৰমাণৰ প্ৰসংগ উল্লেখ কৰি উচ্চতম ন্যায়ালয়ে কয় যে নিৰ্বাচনী প্ৰক্ৰিয়া যাতে ন্যায়িক হস্তক্ষেপৰ জটিলতাত আবদ্ধ নহয় আৰু নিৰ্ধাৰিত সময়ত এক স্বতন্ত্ৰ সাংবিধানিক কৰ্তৃপক্ষৰ তত্ত্বাৱধানত সম্পন্ন হয়, তাৰ বাবে আদালতে নিৰ্বাচন আয়োগৰ ক্ষমতাক সদায় সন্মান জনাই আহিছে। তথাপিও নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু গণতান্ত্ৰিক মৰ্যাদা বজাই ৰখাৰ স্বাৰ্থতে আদালতে এই হস্তক্ষেপ কৰিবলগীয়া হয়।





