• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৫ বছৰে মুক্তি অপেক্ষাত থকা ‘তোমাৰ খোজৰ ধূলি’ নামৰ গীতৰ সংকলন মুকলি পাপনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2019 6:05 pm
Angarag Papan Mahanta

তোমাৰ খোজৰ ধূলি এলবামৰ কভাৰ পেজ। উৎস-ফেইচবুক

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম তথা ভাৰতৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই ২৫ বছৰ আগতে কণ্ঠদান কৰা এমুঠিমান গান শ্ৰোতাসকলৰ বাবে মুকলি কৰি দিয়ে। ২৫ বছৰ আগতে বাণীবদ্ধ হোৱা কিন্তু বিভিন্ন কাৰণত মুক্তি নোহোৱা ‘তোমাৰ খোজৰ ধূলি’ নামৰ গীতৰ এলবামটোত কণ্ঠদান কৰিছিল কিশোৰ পাপন আৰু মাতৃ অৰ্চনা মহন্তই। সংকলনটোৰ প্ৰযোজনা কৰিছিল পাপনৰ পিতৃ খগেন মহন্তই।

উল্লেখযোগ্য, পাপনে হঠাৎ গানৰ সংকলনটো উদ্ধাৰ কৰিছিল আৰু আধুনিক পদ্ধতিৰে গীতসমূহ পুৰণি টেপ ৰেকৰ্ডাৰৰ পৰা সংগ্ৰহ কৰি নৱ প্ৰজন্মৰ বাবে মুকলি কৰি দিয়ে। এতিয়া য়ু টিউবত উপলব্ধ হ’ব ‘তোমাৰ খোজৰ ধূলি’ৰ গীতসমূহ।

Apply Now

আনহাতে, বহুবছৰ ধৰি পৰি থকা গীতকেইটা শ্ৰোতাৰ বাবে মুকলি কৰি দিব পাৰি আনন্দিত হয় পাপন। গুৱাহাটীৰ নিজা বাসগৃহত অৰ্চনা মহন্ত আৰু পাপনে গীতকেইটা মুকলি কৰে।

সাংবাদ মাধ্যমৰ আগত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে দেউতাকৰ স্মৃতিৰোমন্থন কৰি আবেগিক হৈ পৰাৰ লগতে কেশৱ মহন্ত, চিদা দাস, ড০ নিৰ্মল প্ৰভা বৰদলৈ আদিৰ দৰে ব্যক্তিয়ে ৰচনা কৰা আৰু খগেন মহন্ত, হীৰালাল বেনাৰ্জী, জিতেন দেৱ আদিৰ দৰে সংগীতজ্ঞই সুৰ কৰা গীতকেইটা শুনাৰ বাবে দৰ্শকক অনুৰোধ কৰে।

নিজৰ ফেইচবুক একাউণ্টত পাপন সংগীত অনুৰাগীসকলৰ বাবে এনেদৰে লিখে- ‘‘মোৰ বাবে অতিকে গুৰুত্বপূৰ্ণ তথা মৰমৰ কেইটিমান গীত কাইলৈ মুকলি কৰিবলৈ ওলাইছো। এই গীতবোৰ মোৰ সংগীত জীৱনৰ আৰম্ভণি, মোৰ প্ৰথম খোজ।

আচলতে মই মোৰ প্ৰথমটো শ্ৰব্য এলবাম ‘জোনাকী ৰাতি’ মুকলি কৰাৰ বহু আগতেই কেইটামান গীত দেউতা খগেন মহন্তই প্ৰযোজনা কৰিছিল। সেই গীতসমূহৰ ভিতৰত কেইটিমান গীতত মা অৰ্চনা মহন্তয়ো কণ্ঠদান কৰিছিল। মোৰ কণ্ঠ সেই সময়ত পৈণত আছিল বুলি ক’ব নোৱাৰি। কিন্তু দূৰ্ভাগ্যজনকভাৱে সেই গীতসমূহৰ কাম সম্পূৰ্ণ হৈ উঠা নাছিল। গায়কীৰ দিশৰ পৰাও চূড়ান্ত পৰ্যায়ত কাম হোৱা নাছিল তথা শব্দ সংমিশ্ৰণো হোৱা নাছিল। এনেকৈয়ে সময় বাগৰি গৈ থাকিল।

হঠাৎ এদিন মই এই গীতসমূহৰ টেপ মোৰ পুৰণা ট্ৰাংক এটাত বিচাৰি পালো। তাৰ পৰাই আৰম্ভ হ’ল মোৰ বুকুৰ আপোন সেই পুৰণা গীতবোৰৰ এক নতুন যাত্ৰা। গীতসমূহ টেপৰ পৰা উদ্ধাৰ কৰি ডিজিটাইজড্ কৰি শুনিব পৰা ব্যৱস্থা কৰিলো। সেই গীতসমূহেই মই কাইলৈ অনলাইনত মুকলি কৰিবলৈ ওলাইছো।

এয়া দেউতাৰ সেই আন্তৰিক প্ৰয়াস তথা তেওঁ তাহানিতে দেখা সপোনটোৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি। তেওঁ এতিয়া আমাৰ মাজত নাই, কিন্তু তেওঁ নিশ্চয় দূৰৈৰ পৰা সকলো চাই আছে। গীতবোৰ তেওঁৰ চৰণতে সঁপিলো। কাইলৈ মোৰ ইউটিউব চেনেলতে গীতবোৰ উপলব্ধ হ’ব”।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd