DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

হাতীৰ আক্ৰমণত যুৱকৰ মৃত্যুক লৈ চামগুৰিত উত্তেজনা; বন-বিভাগৰ কাৰ্যালয়ত ক্ষুব্ধ লোকৰ আক্ৰমণ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
June 1, 2020 8:50 am
2.8k
VIEWS
Share on FacebookShare on Twitter

বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি দেওবাৰে নিশা নগাঁও জিলাৰ চামগুৰিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

একাংশ উত্তেজিত লোকে চামগুৰিৰ উদমৰি উপ খণ্ড বন-বিষয়া কাৰ্য্যালয়ত আক্ৰমণ কৰাৰ লগতে জুই লগাই দিয়াৰো চেষ্টা চলায়। আনহাতে তেওঁলোকৰ এই কাৰ্য্যক বাধা দিবলৈ যোৱা একাংশ স্থানীয় লোককো দলটোয়ে ভাবুকি দিয়ে।

ঘটনা অনুসৰি যে কালি সন্ধ্যা এজন সতীৰ্থৰ সৈতে চাইকেলৰে উদমাৰিৰ পৰা ন’নৈ চাহ বাগিচাৰ নতুন লাইনত থকা নিজৰ ঘৰলৈ গৈ থকাৰ অৱস্থাত বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত ৰতন কৰ্মকাৰ নামৰ এজন যুৱক থিতাতে নিহত হৈছিল।

ইয়াক কেন্দ্ৰ কৰি বাগিচাখনৰ লোকসকল বন-বিভাগৰ বিৰুদ্ধে যথেষ্ট ক্ষুব্ধ হৈ পৰিছিল।

বন-বিভাগৰ সহযোগত শালনা আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী চকীলৈ আনি থকাৰ সময়তে একাংশ ক্ষুব্ধ লোকে উদমাৰি উপ খণ্ড বন-বিষয়াৰ কাৰ্যালয়ত হাতে হাতে চোকা অস্ত্ৰলৈ আক্ৰমণ চলায়।

ইপিনে পৰিস্থিতিৰ উমান পাই আগতীয়াকৈ চামগুৰি আৰক্ষীক বন-বিভাগৰ লোকে ঘটনাৰ বিষয়ে অৱগত কৰিছিল যদিও আৰক্ষীৰ লোক পলমকৈ ঘটনাস্থলীত উপস্থিত হয় বুলি কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীসকলে অভিযোগ কৰে।

উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলটোত বিগত সময়ছোৱাত কেইবাবাৰ বনৰীয়া হাতীৰ আক্ৰমণত স্থানীয় লোকৰ মৃত্যু হৈছে। ফলত, উত্তেজিত লোকে ইয়াৰ পূৰ্বেও এইদৰে কাৰ্যালয়টোত আক্ৰমণ চলোৱাৰ ঘটনা সংঘটিত হৈছে।

Recent News

Dog killed three-day-old baby in Panipat

চিকিৎসালয়ৰ বিচনাৰ পৰা তুলি নি তিনিদিনীয়া কেঁচুৱাক হত্যা কৰিল কুকুৰে

ONGC Helicopter accident

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Mohammed Zubair

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd