NORTHEAST NOW (Assamese)

বলিউড : নিজৰ মেক আপ মেনৰ বিষয়ে অনিল কাপুৰৰ আৱেগভৰা টুইট, চাওক!

March 18, 2021 7:13 pm · এন ই নাও নিউজ

বলিউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰৰ এটা টুইটক লৈ অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে।

কাপুৰৰ মেকআপ মেন দীপক চৌহানলৈ উচৰ্গা কৰা টুইটটোত তেওঁ অনুৰাগীসকলক জানিবলৈ দিয়ে যে চৌহানে যোৱা ৩৮ বছৰ ধৰি অভিনেতাজনৰ স’তে কাম কৰি আহিছে।

তদুপৰি লণ্ডনৰ প্ৰখ্যাত মেডাম টুচো মিউজিয়ামত থকা অভিনেতাজনৰ মমৰ মূৰ্তিটো সাজোতেও চৌহানে আগভাগ লোৱা বুলি তেওঁ জানিবলৈ দিয়ে।

টুইটটোৰ স’তে চৌহান আৰু তেওঁৰ তিনিখনকৈ ফটো সংলগ্ন কৰি কাপুৰে চৌহানক নিজৰ ভাতৃ সম্বোধন কৰিছে।

তিনিখন ফটোৰ দুখনত কাপুৰ আৰু চৌহানে কৰ্মৰত অৱস্থাত থকাৰ বিপৰীতে আন এখন ফটোত চৌহান অকলে আছে।

উল্লেখযোগ্য অনিল কাপুৰৰ উপৰিও আন কেইবাজনো বলিউড তাৰকাই মেক আপ মেনকে ধৰি নিজৰ ব্যক্তিগত কৰ্মীসকল দীৰ্ঘদিন ধৰি লগত ৰাখি আহিছে।

ইয়াৰ ভিতৰত অন্যতম অমিতাভ বচ্ছন।

২০২০ চনৰ জানুৱাৰীত বচ্ছনে এটা টুইটযোগে জনাইছিল যে দীপক সাৱন্ত নামৰ মেক আপ মেনজন তেওঁৰ স’তে ৪৭ বছৰ ধৰি কাম কৰি আহিছে।

Related News