• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তামিলনাডুত নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত: দুদিনৰ পাছতে তামিলনাডুত নতুন দল ঘোষণা কৰিব নেকি প্ৰাক্তন আইপিএছগৰাকীয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2026 9:05 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ প্ৰাক্তন বিজেপি সভাপতি তথা প্ৰাক্তন আই পি এছ বিষয়া কে. আন্নামালাইয়ে দল ত্যাগ কৰি এক নতুন ৰাজনৈতিক দল গঠন কৰিব বুলি চলি থকা জল্পনা-কল্পনাই ৰাজ্যখনৰ ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সোমবাৰে তেওঁ দলৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰাৰ উদ্দেশ্যে চেন্নাইৰ পৰা নতুন দিল্লীলৈ ৰাওনা হোৱাৰ পাছতেই এই চৰ্চাই অধিক তিব্ৰতা লাভ কৰিছে। ইণ্টাৰনেট আৰু সামাজিক মাধ্যমত তেওঁৰ পৰৱৰ্তী ৰাজনৈতিক ভৱিষ্যতক লৈ ব্যাপক আলোচনা অব্যাহত থকাৰ মাজতে তেওঁ অতি সোনকালেই এক নতুন ৰাজনৈতিক মঞ্চ গঠনৰ আনুষ্ঠানিক ঘোষণা কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।

দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত তেওঁৰ ৰাজনৈতিক ভৱিষ্যতক লৈ চলি থকা উৰাবাতৰি সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন উত্থাপন কৰে। বিজেপি ত্যাগ আৰু নতুন দল গঠনৰ প্ৰসংগত পোনে পোনে কোনো উত্তৰ নিদি আন্নামালাইয়ে কেৱল কয় যে সকলোৱে অনুগ্ৰহ কৰি দুদিন অপেক্ষা কৰক আৰু দুদিনৰ ভিতৰতে তেওঁলোকে একেলগে বহি এই বিষয়ত কথা পাতিব। তেওঁৰ এই মন্তব্যই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰাৰ সমান্তৰালভাৱে আন এক ঘটনাই বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছে। চেন্নাই বিমানবন্দৰলৈ যোৱা আন্নামালাইৰ বাহনখনত ভাৰতীয় জনতা পাৰ্টীৰ কোনো দলীয় পতাকা নাছিল, যিটো বিষয়ক ৰাজনৈতিক বিশ্লেষকসকলে এক তাৎপৰ্যপূৰ্ণ ইংগিত হিচাপে গ্ৰহণ কৰিছে।

Apply Now

ইফালে, অহা ৪ জুনত হ’বলগীয়া আন্নামালাইৰ জন্মদিনৰ পূৰ্বে চেন্নাইৰ প্ৰধান পথ আৰু বিভিন্ন স্থানত তেওঁৰ সমৰ্থকসকলে ব্যাপক হাৰত পোষ্টাৰ লগোৱা পৰিলক্ষিত হৈছে। এই পোষ্টাৰসমূহত ‘আমাৰ নেতা, আহক আৰু আমাক নেতৃত্ব দিয়ক’ আদি শ্লোগান ব্যৱহাৰ কৰা হৈছে, যিয়ে তেওঁৰ সমৰ্থকসকলৰ সক্ৰিয়তা আৰু এক নতুন ৰাজনৈতিক যাত্ৰাৰ প্ৰতি থকা আগ্ৰহকে প্ৰতিফলিত কৰিছে। শেহতীয়াকৈ সমাপ্ত হোৱা ২০২৬ চনৰ তামিলনাডু বিধানসভা নিৰ্বাচনৰ পাছতেই এই সামগ্ৰিক ৰাজনৈতিক প্ৰেক্ষাপট গঢ় লৈ উঠিছে, য’ত টিভিকে দলে নিজৰ প্ৰথমটো নিৰ্বাচনতেই ১০৮ খন আসন লাভ কৰি ৰাজ্যখনৰ ৰাজনীতিৰ গতিপথ সলনি কৰি দিছে। এনে এক গুৰুত্বপূৰ্ণ সময়ত সকলোৰে চকু এতিয়া আন্নামালাইৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত নিবদ্ধ হৈ আছে।

উল্লেখযোগ্য যে, ২০২০ চনত এগৰাকী প্ৰাক্তন আই পি এছ বিষয়া হিচাপে কে. আন্নামালাইয়ে বিজেপিত যোগদান কৰিছিল আৰু ২০২১ চনৰ পৰা ২০২৫ চনলৈকে তেওঁ দলটোৰ তামিলনাডু ৰাজ্যিক সভাপতি হিচাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰিছিল। নিজৰ কাৰ্যকালত তেওঁ ৰাজ্যখনত বিজেপিৰ আটাইতকৈ জনপ্ৰিয় আৰু প্ৰভাৱশালী মুখ হিচাপে পৰিগণিত হোৱাৰ লগতে যুৱপ্ৰজন্ম আৰু সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰীসকলৰ মাজত ব্যাপক সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান আন্নামালাইৰ দিল্লী ভ্ৰমণ আৰু দলীয় নেতৃত্বৰ সৈতে হ’বলগীয়া বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰা হয়, সেয়া পৰৱৰ্তী দুদিনৰ ভিতৰত সম্পূৰ্ণৰূপে স্পষ্ট হৈ পৰাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd