NORTHEAST NOW (Assamese)

তেজপুৰৰ জি আই এম টিত বাৰ্ষিক সমাৰোহৰ আয়োজন

February 4, 2019 3:43 pm · এন ই নাও নিউজ
ফটো : নৰ্থ-ইষ্ট নাও

অসমৰ আগশাৰীৰ অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি, তেজপুৰৰ বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহখনি অহা ৫ ফেব্ৰুৱাৰিৰ পৰা তিনিদিনিয়া বৰ্ণাধ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।

‘Avante Coureur 2019’ শীৰ্ষক সমাৰোহৰ অংশ হিচাপে নানা ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচীৰ লগতে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব। আন্তঃ মহাবিদ্যালয় কুইজ, তৰ্ক, নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতাত অন্যান্য বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও অংশগ্ৰহণ কৰিব পাৰিব বুলি কৰ্তৃপক্ষই জনায়।

দ্বিতীয় দিনাৰ কাৰ্যসূচী অৰ্থাৎ ৬ ফেব্ৰুৱাৰীত কৰ্তৃপক্ষই বিনামূলীয়া কেৰিয়াৰ কাউন্সিলিং অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে থাকিব আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁই।

ইফালে বাৰ্ষিক সমাৰোহৰ অন্তিম দিনা অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক কাৰ্যসূচীত তেজপুৰ থেচপিয়ান গ্ৰুপৰ লগতে ‘North East Breeze’য়ে অনুষ্ঠান পৰিৱেশন কৰিব বুলি আয়োজক মণ্ডলীয়ে জানিবলৈ দিছে।

Related News