• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

৯৭তম অস্কাৰঃ আন’ৰা  

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
March 24, 2025 4:48 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন’ৰা ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি চৰ্চিত এটি নাম। আজিৰ ছবি আন’ৰা, যিয়ে ৯৭তম অস্কাৰ বঁ‌টা প্ৰতিযোগিতাত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক,শ্ৰেষ্ঠ অভিনেত্ৰী,শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ সম্পাদনাৰ বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও কাঁ‌ চলচ্চিত্ৰ মহোৎসৱত Palme d’or বঁ‌টাও লাভ কৰিবলৈ সক্ষম হৈছিলে। আমেৰিকান মুলৰ ছবিখন প্ৰথমে কাঁ‌ চলচ্চিত্ৰ মহোৎসৱতে প্ৰিমিয়াৰ কৰা হৈছিল ২১মে’,২০২৪ ত। পৰৱৰ্তী সময়ত ২০২৪ ৰে অক্টোবৰ মাহৰ ২৪ তাৰিখে ছবিখন দৰ্শকৰ বাবে মুকলি কৰি দিয়া হয়। পাঁ‌চোটিকৈ অস্কাৰৰে জিলিকাৰ লগতেই অন্যান্য বঁ‌টা-বাহন তথা মনোনয়ন লাভ কৰিবলৈয়ো সক্ষম হৈছে আন’ৰাই।

ছবিখন বৰ্তমান দৰ্শকৰ বাবে জি ফাইভত উপলব্ধ। আন’ৰাৰ পৰিচালনা কৰিছে টাঞ্জাৰিন,ৰেড ৰকেটৰ দৰে আদি বহুল চৰ্চিত ছবিৰ পৰিচালক শ্বন বেকাৰে। ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্যও লিখিছে শ্বন বেকাৰেই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰুকলিনৰ এটি ষ্ট্ৰীপ ক্লাবত কাম কৰা এক্স’টিক ডান্সাৰ(ক্লাবলৈ অহাসকলৰ আগত তৰপ তৰপকৈ দেহৰ বস্ত্ৰ গুচাই,মনোৰঞ্জন প্ৰদান কৰা নৰ্তকী) এনিৰ কাহিনী আন’ৰা।

Apply Now

ছবিৰ আৰম্ভণি হয় ষ্ট্ৰীপ ক্লাৱত এনিৰ গতানুগতিক নৈশচৰ্যাৰে। তাৰ মাজতেই ২৩ বছৰীয়া এনিয়ে লগ পাই এজন ২১ বছৰীয়া ৰাছিয়ান যুৱক ইভানক। ইভান,যিয়ে ভালদৰে ইংৰাজী ক’ব নোৱাৰে আৰু এনি যিয়ে ৰাছিয়ান বুজি পোৱাৰ লগতে,ভঙা ভঙাকৈ ক’বও পাৰে। দুয়োৱে লগ পাই আৰু এই লগ পোৱাই এনিৰ জীৱনলৈ এক বিৰাট পৰিৱৰ্তন আনিবলৈ ধৰে। দুয়োৱে ক্লাৱৰ বাহিৰত,ইভানৰ আমেৰিকাৰ ঘৰত পিছদিনা লগ হয়। দুয়োৰে মাজত কায়িক নৈকট্য বাঢ়ে। আৰু বাঢ়ি বাঢ়ি এনে এক পৰ্যায় পাইগৈ যে ইভানে এনিক এসপ্তাহৰ বাবে তাৰ প্ৰেয়সী হৈ থাকিবৰ বাবে অনুৰোধ কৰে। অৰ্থৰ বিনিময়ত মান্তি হোৱা এনিয়ে অৱশেষত ইভানৰ এক অভাৱনীয় প্ৰস্তাৱৰ সন্মুখীন হয়। ইভানে এনিক বিবাহৰ প্ৰস্তাৱ দিয়ে। হতভম্ব এনিয়ে অৱশেষত ইভানৰ প্ৰস্তাৱত মান্তি হয় আৰু দুয়ো লছ এঞ্জেলছত বিবাহপাশত আৱদ্ধ হয়।

ইভানৰ বিবাহৰ খবৰ দিগগজ ক’লা ব্যৱসায়ী ইভানৰ পিতৃৰ কাণত পৰাৰ লগে লগে হাহাকাৰ লাগে। কাহিনীয়ে গতি সলায়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ইভানৰ স্থিতি কি হয়,এনিয়ে কি কৰে,কিদৰে সিহঁত দুয়োৰে সম্পৰ্ক প্ৰচুৰ প্ৰতিকূলতাৰ মাজেৰে যায়,তাক লৈয়েই ছবিখন আগবাঢ়ে। বিশেষকৈ জটিল সময়খিনিত এই যেন এনি ভাগি পৰাৰ ৰূপ এটা দেখিবলৈ পোৱা যাব এনে লাগি থাকে যদিও,পোৱা নেযায়। অন্তৰ্নিহিত সেই আৱেগৰ বহিঃপ্ৰকাশ ছবিৰ অন্তিম দৃশ্যত ঘটে। যিহেতু ষ্ট্ৰীপ ক্লাৱ,এক্স’টিক নৰ্তকীৰ কথা আছে গতিকেই স্বাভাৱিকতেই ছবিখনত ইন্দ্ৰিয় উদ্দীপক কিছু দৃশ্যাংশৰ উপস্থাপন কৰা হৈছে,কিন্তু এক সুষম মাত্ৰাত। আৰম্ভণিৰ হৈ-চৈ,আনন্দময় পৰিবেশ মধ্যাংশৰ পৰা যতি পৰে আৰু শেষাংশলৈ ই এক বিষাদময় পৰিবেশলৈ পৰিৱৰ্তিত হয়। আৰু ক্ৰমশঃ ছবিখনৰ মনোগ্ৰাহিতা বৃদ্ধি পাই। ছবিখনৰ কি দিশৰ প্ৰশংসা নকৰিম সি এক বিষয়। এখন সুষম গতিৰ চলচ্চিত্ৰৰ বাবে এখন গতিশীল আৰু সু-সংৰচিত চিত্ৰনাট্য,ছবিখনৰ সম্পাদনাৰ দিশ,চিনেমেট’গ্ৰাফী,আৱহ সংগীত সকলো দিশেই প্ৰশংসনীয়। ছবিখনৰ সম্পাদনাও কৰিছে পৰিচালক শ্বন বেকাৰেই।

এতিয়া আহিছো অভিনয়ৰ দিশলৈ। প্ৰথমেই নাম ল’ব লাগিব ছবিখনৰ নামভূমিকাত অভিনয় কৰা এনি বা আন’ৰা অৰ্থাৎ মিকি মেডিচনৰ সাৱলীল অভিনয়ৰ কথা। সকলো পৰিস্থিতিতেই মিকি মেডিচন নিজৰ চৰিত্ৰটোত এনেদৰে একাত্ম হৈ আছিল যে সেই চৰিত্ৰটোত মেডিচনৰ বাদে আন কাৰো কথা ভবাৰ থলেই নাই। লগতে ইভানৰ চৰিত্ৰত অভিনয় কৰা মাৰ্ক ইডেলষ্টিনৰ অভিনয়ো শলাগনীয়। মুঠতে কোনো দিশৰে পৰাই আন’ৰা ছবিখন চাই নিৰাশ নহয় আপুনি। ।

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd