NORTHEAST NOW (Assamese)

ৰাজ্যত ক’ৰ’নাত আক্ৰান্ত বিজেপিৰ দ্বিতীয়জন বিধায়ক

July 1, 2020 7:18 pm · কল্পজ্যোতি শইকীয়া
মুখ্যমন্ত্ৰীৰ সৈতে বিধায়ক নাৰায়ণ ডেকা

বিজেপিৰ আৰু এগৰাকী বিধায়ক মাৰাত্মক কোভিড-১৯ পজিটিভ বুলি চিনাক্ত হৈছে।

বিধায়ক নাৰায়ণ ডেকা ক’ৰ’নাত আক্ৰান্ত বুলি খবৰ আহিছে।

বৰক্ষেত্রী সমষ্টিৰ শাসকীয় বিজেপি দলৰ বিধায়ক নাৰায়ণ ডেকা।

বিজেপিৰ এক উচ্চস্তৰীয় সূত্ৰই জনাইছে এই কথা।

বুধবাৰে তেওঁ COVID19 ৰ দ্বাৰা আক্ৰান্ত বুলি ৰিজাল্ট অহা বুলি সূত্ৰটোৱে কয়।

জানিব পৰা মতে, মঙ্গলবাৰে কিছু অসুস্থতা অনুভৱ কৰাত বিধায়কজনে স্বাৱ টেষ্ট কৰাইছিল।

তাৰ পাছৰে পৰা বিধায়ক আৱাসত কোৱেৰেন্টাইন হৈ আছিল নাৰায়ণ ডেকা।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে আন এগৰাকী বিজেপি বিধায়ক কৃষেন্দু পালৰ COVID19 পজিটিভ চিনাক্ত হৈছিল।

পাথাৰকান্দি সমষ্টিৰ বিজেপি বিধায়ক কৃষেন্দু পাল।

তেওঁ ইতিমধ্যে সুস্থ হৈ ঘৰতে কোৱাৰেন্টাইন হৈ থকা বুলি জানিব পৰা গৈছে।

ইয়াৰোপৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ চাৰিজনকৈ দেহৰক্ষীও COVID19 ত আক্ৰান্ত হৈছে।

ৰঞ্জিত দাসেও ইতিমধ্যে স্বাৱ পৰীক্ষা কৰাইছে, কিন্তু তেওঁৰ ফলাফল এতিয়াও পোৱা হোৱা নাই।

অসমত, বিশেষকৈ গুৱাহাটী মহানগৰীত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে COVID19 ত আক্ৰান্তৰ সংখ্যা।

যোৱা ২৪ ঘন্টাত আক্ৰান্তৰ সংখ্যা ৫০০ ৰো অধিক বুলি সংবাদমেলত জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Related News