NORTHEAST NOW (Assamese)

জু-ৰোড গ্ৰেনেড বিস্ফোৰণত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ আন এজন প্ৰাক্তন আলফা কেডাৰ

May 17, 2019 4:43 pm · এন ই নাও নিউজ
Updated: May 17, 2019 6:00 pm
অমৃত বল্লভ গোস্বামী। উৎস-ইণ্টাৰনেট

জু-ৰোডৰ গ্ৰেনেড বিস্ফোৰণ সন্দৰ্ভত দিনে নতুন নতুন তথ্য লাভ কৰিছে অসম আৰক্ষীয়ে। বৃহস্পতিবাৰে আৰক্ষীয়ে পাঞ্জাবাৰীৰ পৰা আলোচনা পন্থী আলফা নেতা প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়া নামৰ এগৰাকী মহিলাক গ্ৰেনেড বিস্ফোৰণৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পাছত আজি গোলাঘাটৰ পৰা আন এগৰাকী প্ৰাক্তন আলফা সদস্য অমৃত বল্লভ গোস্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে আজি অভিযান চলাই গোলাঘাটৰ জামুগুৰিৰ লক্ষীজুৰিৰ নিজৰ বাসগৃহৰ পৰা প্ৰাক্তন আলফা সদস্যগৰাকীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জাহ্নৱী শইকীয়াৰ লগত যোগাযোগ ৰক্ষা কৰি থকাৰ অভিযোগত অমৃত বল্লভক গ্ৰেপ্তাৰ কৰে বুলি উল্লেখ কৰে। পৰৱৰ্তী সময়ৰ তদন্তত সকলো দিশ পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

উল্লেখযোগ্য যে, ১৫ মে’ৰ সন্ধিয়া গুৱাহাটীৰ মহানগৰীৰ সদাব্যস্ত জু-ৰোডৰ চেণ্ট্ৰল মাৰ্কেটৰ সন্মুখত অচিনাক্ত দুৰ্বৃত্তই সংঘটিত কৰা গ্ৰেনেড বিস্ফোৰণত দুজন চি আৰ পি এফৰ জোৱানকে ধৰি মুঠ ১২গৰাকী লোক আহত হৈছিল।

আনহাতে, গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছদিনাই আৰক্ষীয়ে মহানগৰীৰ এটা ভাড়াঘৰত অভিযান চলাই বহু পৰিমাণৰ বিস্ফোৰকসহ প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক গ্ৰেপ্তাৰ কৰিছিল।

Related News