NORTHEAST NOW (Assamese)

প্ৰচণ্ড শীতৰ বাবে টিকৰি সীমান্তত পুনৰ এগৰাকী প্ৰতিবাদী কৃষকৰ মৃত্যু

January 2, 2021 11:03 am · এন ই নাও নিউজ

বৃহস্পতিবাৰে নিশা দিল্লী সীমান্তত পুনৰ এগৰাকী প্ৰতিবাদী কৃষকৰ মৃত্যু হয়।

দিল্লী সীমান্তৰ টিকৰিৰ প্ৰতিবাদস্থলীত বৃহস্পতিবাৰে নিশা ৬৪ বছৰীয়া হাৰিয়ানাৰ কৃষক গৰাকীৰ মৃত্যু হয়।

মৃত্যু হোৱা ৬৪ বছৰীয়া কৃষক গৰাকীৰ নাম ৰাজ কুমাৰ বুলি জানিব পৰা গৈছে।

হাৰিয়ানৰ ভানা গাঁৱৰ কৃষক গৰাকীৰ মৃতদেহ বৃহস্পতিবাৰে নিশা প্ৰতিবাদস্থলীৰ অস্থায়ী জুপুৰিৰ ভিতৰত উদ্ধাৰ হয় বুলি আৰক্ষীয়ে সদৰী কৰে।

ৰাজ কুমাৰ বিগত ২০ দিন ধৰি তিকৰি সীমান্তত কেন্দ্ৰ চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছিল।

‘‘কৃষক গৰাকীয়ে মগজুৰ পক্ষাঘাতত আক্ৰান্ত হৈ আৰু প্ৰচণ্ড শীতৰ বাবেই মৃত্যু বৰণ কৰিবলগীয়া হৈছে বুলি ধাৰণা হৈছে…..আমি চিকিৎসকৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে অপেক্ষা কৰিছো,’’ আৰক্ষীৰ তৰফৰ পৰা এইদৰে উল্লেখ কৰা হয়।

ইয়াৰ পূৰ্বে দিল্লী সীমান্তৰ প্ৰতিবাদস্থলীত শীতৰ বাবে বহু কেইগৰাকী কৃষকে মৃত্যুক আকোৱালি ল’বলগীয়া হৈছে।

উল্লেখযোগ্য যে, কেন্দ্ৰ চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে দিল্লী সীমান্তত বিগত প্ৰায় এমাহতকৈয়ো অধিক সময় কৃষক সকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

এই সময়ছোৱাত কেন্দ্ৰ চৰকাৰৰ সৈতে প্ৰতিবাদী কৃষকৰ বহু কেইলানি আলোচনা অনুষ্ঠিত হৈছে যদিও এতিয়ালৈ কোনোধৰণৰ স্থায়ী সমাধান ওলোৱা নায়।

Related News