• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মানৱতাৰ অপমৃত্যু! প্ৰেমিকৰ কামনা পূৰণ কৰিবলৈ গৈ নাবালিকা কন্যাক ধৰ্ষণত সহায় মাতৃৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 2, 2021 10:18 am

2 min read

135314ff8e28c20ebd8b4052c6a25f9e

প্ৰতিনিধিত্বমূলক ফটো।

674
VIEWS
Share on FacebookShare on Twitter

যেন হেৰাই গ’ল মাতৃত্বৰ সংজ্ঞা। পৃথিৱীৰ আটাইতকৈ নিৰাপদ মাতৃৰ আশ্ৰয়ো হৈ পৰিল জীৱনৰ নিষ্ঠুৰ সময়ৰ সাক্ষী। নিজৰ কন্যাৰ জীৱনৰ সৰ্বনাশ কৰা ঘটনাৰ কাৰণ হৈ পৰিল চেন্নাইৰ এগৰাকী মাতৃ।

নিজৰ কন্যাক ধৰ্ষণ কৰাত প্ৰেমিকক সহায় কৰা এই মহিলাগৰাকীৰ বাবেই গৰ্ভৱতী হ’বলগীয়া হয় ১৫বছৰীয়া নাবালিকাগৰাকী।

বৰ্তমান চৰকাৰী ‘হোম’ত এটি সন্তানৰ জন্মও দিছে নাবালিকাগৰাকীয়ে। এই ঘটনাত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।

ঘটনা অনুসৰি, অভিযুক্ত মহিলাগৰাকীৰ কেইবছৰমান পূৰ্বে বিবাহ বিচ্ছেদ ঘটিছিল। ইয়াৰ পাছতে শেখৰ নামৰ এজন ৰং মিস্ত্ৰীৰ সৈতে মহিলাগৰাকী প্ৰেমৰ সম্পৰ্কত জড়িত হৈ পৰে।

ইয়াৰ মাজতে মহিলাগৰাকীৰ সৈতে দেখা কৰিবলৈ অহা সেই প্ৰেমিকে মহিলাগৰাকীৰ ১৫ বছৰীয়া কন্যাকো যৌন নিৰ্যাতন কৰিবলৈ লয়।

মাকক কথাটো জনায় যদিও মহিলাগৰাকীয়ে কন্যাক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে সেয়া মানি ল’বলৈহে কয়। তাৰ পাছত ব্যক্তিগৰাকীৰ নিৰ্যাতন বৃদ্ধি পাই গৈ থাকে আৰু তাৰ মাজতে নাবালিকাগৰাকী গৰ্ভৱতী হৈ পৰে।

কথাটো জানিব পাৰি অভিযুক্ত মহিলাগৰাকীয়ে কন্যাক তেওঁৰ ভায়েকৰ ঘৰত থৈ আহে যদিও তাই গৰ্ভৱতী হোৱাৰ কথা জানিব দিয়া নাছিল।

পাছত নাবালিকাগৰাকীয়ে মোমায়েকক সকলো ঘটনা বিবৰি কয়। মোমায়েকে ইয়াৰ পাছত ভনীয়েকৰ সৈতে কথা পতাৰ চেষ্টা কৰে যদিও যোগাযোগ কৰিব নোৱাৰি অৱশেষত আৰক্ষীৰ কাষ চাপে।

আৰক্ষীয়ে লগে লগে কাৰ্যব্যৱস্থা গ্ৰহণ কৰি পস্কো আইনত দুয়োজনৰ নামত গোচৰ তৰে। অভিযুক্ত দুয়োজনক গ্ৰেপ্তাৰো কৰা হয়।

ইপিনে, নাবালিকাগৰাকীক এখন ‘নাৰীগৃহ’লৈ প্ৰেৰণ কৰা হয়। তাত এটি সন্তানৰো জন্ম দিয়ে। ঘটনাতো পোহৰলৈ অহাৰ পাছতে মাতৃগৰাকীৰ নিন্দাত মুখৰ হৈ পৰিছে বহুতেই। দোষীৰ উপযুক্ত শাস্তিক দাবী তুলিছে।

চৰিত্ৰহীন প্ৰেমিকৰ লগতে এগৰাকী মাতৃৰ এনে গৰ্হিত কাৰ্যক সকলোৱে একমুখে ধ্বিকাৰ দিছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd