কিছুদিন পূৰ্বে এগৰাকী অসম আৰক্ষীৰ সহকাৰী পৰিদৰ্শকে আৰক্ষী চকীৰ ভিতৰত তিনিগৰাকী মহিলাক প্ৰহাৰ কৰা ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতে নামনি অসমৰ বৰপেটা জিলাত আন এক অনুৰূপ ঘটনা সংঘটিত হৈছে।
জানিব পৰা মতে, বৰেপটা জিলাত এগৰাকী আৰক্ষী সহ পৰিদৰ্শকে এগৰাকী গৰ্ভৱতী মহিলাকে ধৰি চাৰিগৰাকী লোকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
বৃহস্পতিবাৰে নিশা বৰপেটা জিলাৰ নিচুকা গাঁৱত সহ পৰিদৰ্শক বিনোদ চৌধুৰীৰ নেতৃত্বত এটা আৰক্ষীৰ দল উপস্থিত হৈ ছোৱালী পলুৱাই নিয়া সংক্ৰান্তত সোধ পোছ কৰি ২৫ বছৰীয়া গৰ্ভৱতী ছুখিয়া খাতুনকে ধৰি আন তিনিগৰাকী লোকক মাৰ পিট কৰাৰ অভিযোগ উত্থাপন হৈছে।
‘‘আমাৰ এগৰাকী আত্মীয় ছহিদুল ইছলামক বিচাৰি নিশা আৰক্ষীৰ এটা দলে বলপূৰ্বকভাৱে আমাৰ ঘৰত প্ৰৱেশ কৰে আৰু তেওঁক বিচাৰি নাপায় আমাকৰ ওপৰতে অত্যাচাৰ আৰম্ভ কৰে। তেওঁলোকে ৰাতিপুৱালৈ আমাক প্ৰহাৰ কৰি থাকে,’’ এখন বাতৰি কাকতত এনেদৰে ছুখিয়া খাতুনৰ ভাষ্য লিপিবদ্ধ কৰা হৈছে।
আনহাতে, আৰক্ষীৰ প্ৰহাৰত পেৱা আঘাতৰ ফলত গৰ্ভৱতী ছুখিয়াই গৰ্ভাৱস্থাৰ ক্ষেত্ৰত জটিলতা আহি পৰি গৰ্ভপাত হোৱা বুলি জানিবলৈ দিয়ে।
ছুখিয়াৰ ভতিজাক ছহিদুলে এগৰাকী ছোৱালী পলুৱাই নিয়া ঘটনা সংক্ৰান্তত ছোৱালীৰ পৰিয়ালৰ লোকে চিৰাং জিলাৰ আমগুৰি আৰক্ষী থানাত ৰুজু কৰা অভিযোগৰ ভিত্তিতে বৃহস্পতিবাৰে আৰক্ষীৰ দল উপস্থিত হৈছিল।
বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ৰবিন কুমাৰে ইতিমধ্যে ঘটনা সন্দৰ্ভত সহকাৰী আৰক্ষী পৰিদৰ্শক বিনোদ চৌধুৰীৰ বিপক্ষে বৰপেটা ৰোড আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে বুলি কয়।
উল্লেখযোগ্য যে, এমাহৰ ভিতৰত নিশা মহিলাৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ সংঘটিত হোৱা এয়া দ্বিতীয়টো ঘটনা।