DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, March 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশখনত চতুৰ্থটো শক্তিশালী ভূমিকম্প; আজি পুনৰ ভূমিকম্পই জোকাৰি গ’ল তুৰস্ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2023 12:05 pm
153
VIEWS
Share on FacebookShare on Twitter

আজি পুনৰ এক শক্তিশালী ভূমিকম্পই জোকাৰি গৈছে তুৰস্ক। এইবাৰ ভূমিকম্পটোৱে দেশৰ কেন্দ্ৰীয় অংশত আঘাত কৰিছে। মঙলবাৰৰ ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৫.৬।

ইউৰো-মেডিটেৰেনিয়ান চিচমোলজিকেল চেণ্টাৰ (ইএমএছচি)ৰ উদ্ধৃতি দি বিবিচিয়ে এই তথ্য প্ৰকাশ কৰিছে।

প্ৰতিবেদন অনুসৰি, মঙলবাৰে হোৱা ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৬। ভূমিকম্পটো ২ কিলোমিটাৰ গভীৰতাত আছিল। সোমবাৰে সংঘটিত প্ৰথম ভূমিকম্পৰ পিছত কেইবাটাও আফটাৰ শ্বকৰ আশংকা কৰা হৈছিল।

মিচিগান টেকন’লজিকেল ইউনিভাৰ্চিটিৰ দ্বাৰা ব্যৱহৃত ভূমিকম্পৰ স্কেল অনুসৰি ৫.৬ প্ৰাবল্যৰ ভূমিকম্পই অট্টালিকা আৰু অন্যান্য আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা আছে।

সোমবাৰে ২৪ ঘণ্টাত তুৰস্ক আৰু চিৰিয়াত হোৱা তিনিটা ভূমিকম্পৰ ফলত প্ৰায় ৪,৫০০ লোক নিহত হোৱাৰ লগতে হাজাৰ হাজাৰ লোক আহত হৈছে। ধ্বংসাৱশেষত আৱদ্ধ লোকসকলৰ সন্ধানত বিভিন্ন অঞ্চলত উদ্ধাৰ অভিযান চলি আছে।

তুৰ্কীৰ দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মুৰব্বী ইউনুছ চিজাৰে জনায় যে দুয়োটা ভূমিকম্পৰ পিছত ২৪৩ টা আফটাৰশ্বক হৈছিল। তেওঁ কয় যে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ১৬,৪০০ উদ্ধাৰকাৰী কৰ্মীয়ে কাম কৰি আছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ মতে স্থানীয় সময় অনুসৰি সোমবাৰে ৰাতিপুৱা দক্ষিণ তুৰ্কীত ৭.৮ প্ৰাবল্যৰ ভূমিকম্প হোৱাৰ পিছত ৪ বা ততোধিক প্ৰাবল্যৰ কমেও ১০০ টা আফটাৰশ্বক সংঘটিত হৈছে। মুখ্য ভূমিকম্পৰ সময় যিমানে বৃদ্ধি হয়, আফটাৰ শ্বকৰ তীব্ৰতা সিমানে হ্ৰাস পায়।

Recent News

Rahul Gandhi

“মোৰ নাম চাভাৰকাৰ নহয়, গান্ধী; ক্ষমা নোখোজোঁ”: ৰাহুল গান্ধীৰ প্ৰত্যুত্তৰ

সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ শংকিত প্ৰধানমন্ত্ৰী; সেয়ে মোৰ সাংসদ পদ খাৰিজ কৰা হ’ল: ৰাহুল গান্ধী

সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ শংকিত প্ৰধানমন্ত্ৰী; সেয়ে মোৰ সাংসদ পদ খাৰিজ কৰা হ’ল: ৰাহুল গান্ধী

‘মোডী মানে দুৰ্নীতি’: ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পিছতে ভাইৰেল বিজেপি নেত্ৰীৰ পুৰণি টুইট

‘মোডী মানে দুৰ্নীতি’: ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পিছতে ভাইৰেল বিজেপি নেত্ৰীৰ পুৰণি টুইট

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ; গুৱাহাটীত আটক কেইবাজনো কংগ্ৰেছী বিধায়ক

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ; গুৱাহাটীত আটক কেইবাজনো কংগ্ৰেছী বিধায়ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd