NORTHEAST NOW (Assamese)

দেশখনত চতুৰ্থটো শক্তিশালী ভূমিকম্প; আজি পুনৰ ভূমিকম্পই জোকাৰি গ’ল তুৰস্ক

February 7, 2023 12:05 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি পুনৰ এক শক্তিশালী ভূমিকম্পই জোকাৰি গৈছে তুৰস্ক। এইবাৰ ভূমিকম্পটোৱে দেশৰ কেন্দ্ৰীয় অংশত আঘাত কৰিছে। মঙলবাৰৰ ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৫.৬।

ইউৰো-মেডিটেৰেনিয়ান চিচমোলজিকেল চেণ্টাৰ (ইএমএছচি)ৰ উদ্ধৃতি দি বিবিচিয়ে এই তথ্য প্ৰকাশ কৰিছে।

প্ৰতিবেদন অনুসৰি, মঙলবাৰে হোৱা ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৬। ভূমিকম্পটো ২ কিলোমিটাৰ গভীৰতাত আছিল। সোমবাৰে সংঘটিত প্ৰথম ভূমিকম্পৰ পিছত কেইবাটাও আফটাৰ শ্বকৰ আশংকা কৰা হৈছিল।

মিচিগান টেকন’লজিকেল ইউনিভাৰ্চিটিৰ দ্বাৰা ব্যৱহৃত ভূমিকম্পৰ স্কেল অনুসৰি ৫.৬ প্ৰাবল্যৰ ভূমিকম্পই অট্টালিকা আৰু অন্যান্য আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা আছে।

সোমবাৰে ২৪ ঘণ্টাত তুৰস্ক আৰু চিৰিয়াত হোৱা তিনিটা ভূমিকম্পৰ ফলত প্ৰায় ৪,৫০০ লোক নিহত হোৱাৰ লগতে হাজাৰ হাজাৰ লোক আহত হৈছে। ধ্বংসাৱশেষত আৱদ্ধ লোকসকলৰ সন্ধানত বিভিন্ন অঞ্চলত উদ্ধাৰ অভিযান চলি আছে।

তুৰ্কীৰ দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মুৰব্বী ইউনুছ চিজাৰে জনায় যে দুয়োটা ভূমিকম্পৰ পিছত ২৪৩ টা আফটাৰশ্বক হৈছিল। তেওঁ কয় যে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ১৬,৪০০ উদ্ধাৰকাৰী কৰ্মীয়ে কাম কৰি আছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ মতে স্থানীয় সময় অনুসৰি সোমবাৰে ৰাতিপুৱা দক্ষিণ তুৰ্কীত ৭.৮ প্ৰাবল্যৰ ভূমিকম্প হোৱাৰ পিছত ৪ বা ততোধিক প্ৰাবল্যৰ কমেও ১০০ টা আফটাৰশ্বক সংঘটিত হৈছে। মুখ্য ভূমিকম্পৰ সময় যিমানে বৃদ্ধি হয়, আফটাৰ শ্বকৰ তীব্ৰতা সিমানে হ্ৰাস পায়।

Related News