NORTHEAST NOW (Assamese)

আন এজন RTI কৰ্মী, দুলাল বৰাৰ সহযোগী দিলীপ নাথক গ্ৰেপ্তাৰ

February 29, 2020 11:42 am · এন ই নাও নিউজ
Updated: February 29, 2020 11:43 am
প্রতিনিধিত্বমূলক ফটো

বন বিভাগৰ ৰেঞ্জাৰ বীৰেন বৈশ্যৰ এজাহাৰৰ ভিত্তিত অসম আৰক্ষীৰ চি আই ডি শাখাই আন এজন আৰ টি আই কৰ্মী দিলীপ নাথক গ্ৰেপ্তাৰ কৰিছে।

দিলীপ নাথৰ ঘৰ ঢেকীয়াজুলিত আৰু তেওঁৰ বিৰুদ্ধে চৰকাৰী বিষয়াক ব্লেক মেইলিং কৰাৰ অভিযোগ উত্থাপন হৈছে।

একে ধৰণৰ অভিযোগত ইতিপূৰ্বে গ্ৰেপ্তাৰ হৈ কাৰাগাৰত থকা আন এজন আৰ টি আই কৰ্মী দুলাল বৰাৰ সহযোগী আছিল নাথ, আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

২৮ ফেব্ৰুৱাৰিত ঢেকীয়াজুলি আৰক্ষীৰ সহযোগত চি আই ডিয়ে নাথক তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। এজাহাৰ দিয়া ৰেঞ্জাৰজনৰ উপৰি আন কোন কোন চৰকাৰী বিষয়াক দিলীপ নাথে ব্লেক মেইলিং কৰিছিল সেই তথ্য উলিয়াবৰ বাবে চি আই ডিয়ে জেৰা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে আৰ টি আই আৱেদন কৰি সততে সংবাদমেল আয়োজনেৰে জনাজাত হৈ পৰা দুলাল বৰা নামৰ ব্যক্তিজনে বহুতো চৰকাৰী বিষয়াক ব্লেক মেইলিং কৰি নিয়মীয়াকৈ বৃহৎ অংকৰ ধন সংগ্ৰহ কৰি আহিছিল।

শেহতীয়াকৈ এজন বিষয়াক ৫ লাখ টকা দাবী কৰাৰ পিছতে তেওঁক হাতীগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু পিছত একাধিক বন বিষয়াৰ এজাহাৰৰ ভিত্তিত চি আই ডিয়েও তেওঁক নিজৰ জিম্মাত লয়।

চি আই ডিয়ে বৰাৰ ঘৰৰ পৰা বহুতো আপত্তিজনক নথি-পত্ৰ জব্দ কৰাৰ লগতে এখন বিলাসী গাড়ীও জব্দ কৰে।

আনহাতে বৰাৰ স্বীকাৰোক্তিৰ ভিত্তিত তেওঁক নিয়মীয়াকৈ ধন দি অহা দুৰ্নীতিপৰায়ণ বন বিষয়াৰ বিৰুদ্ধেও চি আই ডিয়ে নিজা ববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Related News