পুনৰ অঘটন! উৰিষ্যাত মালবাহী জাহাজত উদ্ধাৰ আন এগৰাকী ৰাছিয়ান নাগৰিকৰ মৃতদেহ

ফটো সৌজন্য : টাইমছ অফ ইণ্ডিয়া।

Another Russian national found dead উৰিষ্যাত এজন আইন প্ৰণেতাসহ দুজন ৰাছিয়াৰ নাগৰিকৰ মৃত্যু হোৱাৰ পিছত মঙলবাৰে ৰাজ্যখনৰ জগতসিংপুৰ জিলাৰ পাৰাদ্বীপ বন্দৰত আন এজন ৰাছিয়াৰ নাগৰিকক এখন মালবাহী জাহাজত (কাৰ্গো শ্বিপ)মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। টাইমছ অৱ ইণ্ডিয়াৰ বাতৰিত এই তথ্য প্ৰকাশ পাইছে।

আৰক্ষীয়ে সন্দেহ কৰিছে যে ৫১ বছৰীয়া চেৰ্জি মিলিয়াকভ বুলি চিনাক্ত কৰা লোকজন হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।

জগতসিংপুৰৰ আৰক্ষী অধীক্ষক অখিলেশ্বৰ সিঙে জিনবলৈ দি কয়,”আমি জানিব পাৰিছো যে তেওঁ মালবাহী জাহাজখনৰ এজন ক্ৰু সদস্য আছিল। তেওঁৰ মৃত্যুৰ কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব।”

লগতে পঢ়ক: ইজৰাইলী সংবাদ মাধ্যমক সাক্ষাৎকাৰ দিয়াৰ ‘অপৰাধ’; লেখকক মৃত্যুদণ্ড ইৰাণ প্ৰশাসনৰ

ইয়াৰ পূৰ্বে যোৱা ২৪ ডিচেম্বৰত ৬৫ বছৰীয়া পাভেল এণ্টভৰ ৰায়গাডাৰ এখন হোটেলৰ তৃতীয় মহলাৰ পৰা পৰি মৃত্যু হয়। আনহাতে তেওঁৰ বন্ধু ৬১ বছৰীয়া ভ্লাদিমিৰ বিডেনভক ২২ ডিচেম্বৰত তেওঁৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (NHRC) চাৰি সপ্তাহৰ ভিতৰত এক ব্যৱস্থা গ্ৰহণ প্ৰতিবেদন (এটিআৰ) বিচাৰি ৰায়গদা আৰক্ষী অধীক্ষকক জাননী জাৰি কৰিছে।

ৰায়গদাৰ সদৰ আৰক্ষী থানাত অপ্ৰাকৃতিক মৃত্যুৰ দুটা পৃথক গোচৰ ৰুজু কৰা হৈছে। মৃত্যুৰ তদন্তত চিআইডিক সহায় কৰিবলৈ দুজন ফৰেনচিক বিশেষজ্ঞসহ চাৰিজনীয়া অপৰাধ শাখাৰ এটা দল গঠন কৰা হৈছে।

লগতে পঢ়ক: নতুন বছৰৰ আৰম্ভণিতে দুঃসংবাদ! কৰ্কট ৰোগত আক্ৰান্ত কিংবদন্তি টেনিছ খেলুৱৈ নাভ্ৰাটিলোভা

এক চৰকাৰী বিবৃতি অনুসৰি, তদন্তকাৰী সংস্থাটোৱে ৰায়াগদাৰ ওচৰৰ শ্মশানৰ পৰা এণ্টভ আৰু বিডেনভৰ দেহৰ পোৰা অৱশিষ্ট অংশও সংগ্ৰহ কৰিছে।