NORTHEAST NOW (Assamese)

হলিউদতো ৰাণু মণ্ডল! লছ এঞ্জেলছৰ ষ্টেশ্যনত গান গাই ভাইৰেল হ’ল আৰু এগৰাকী মহিলা

October 21, 2019 9:02 am · এন ই নাও নিউজ

ৰাণাঘাট ৰেইল ষ্টেশ্যনত গান গোৱা ভিক্ষা বৃত্তিৰে জীৱন নিৰ্বাহ কৰা মহিলাগৰাকীক ছচিয়েল মিডিয়াই  নিশাৰ ভিতৰতে দেশজুৰি জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত কৰাইছিল।

প্ৰচাৰৰ অভাৱতে এনে সুপ্ত প্ৰতিভা পৃথিৱীৰ চূকে কোণে কিমান যে পৰি আছে সেই কথা সকলোৱে ভাবিবলৈ বাধ্য হৈছিল। কিয়নো সেই ৰাণু মণ্ডল এতিয়া বলীউদৰ নতুন চাঞ্চল্য।

হিমেশ ৰেশমিয়াৰ ছবিত তিনিটাকৈ গানত কণ্ঠদান কৰিছে ৰাণু মণ্ডলে। শুনিবলৈ পোৱা মতে মালয়ালম ছবিতো হেনো গান গোৱাৰ অ’ফাৰ পাইছে ৰাণু মণ্ডলে।

ৰাণু মণ্ডলৰ দৰেই পৃথিৱীৰ অন্য এক প্ৰান্তৰ আমেৰিকাত বিচাৰি পোৱা গৈছে আন এগৰাকী ৰাণু মণ্ডলক। ষ্টেশ্যনত আশ্ৰয় লৈ জীৱন নিৰ্বাহ কৰা এই মহিলাগৰাকীৰ যাদুকৰী কণ্ঠইয়ো ইতিমধ্যে ছচিয়েল মিডিয়াত জোকাৰণি তুলিছে।

ভিক্ষাবৃত্তিকে জীৱন নিৰ্বাহৰ অৱলম্বন কৰি লোৱা এমিলি জামোৰ্কা নামৰ মহিলাগৰাকীয়ে আমেৰিকাৰ লছ এঞ্জেলছৰ এটি ষ্টেশ্যনত একান্তমনে গান গাই গৈছে।

সম্প্ৰতি মহিলাগৰাকীৰ গান গোৱাৰ এটি ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এমিলিৰ গানত সকলোৱে এনেদৰে মুগ্ধ যে হলিউদৰ সংগীত উদ্যোগৰ এজেন্টে ইতিমধ্যে তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ আৰম্ভ কৰি দিছে।

ভিডিঅ’টোত দেখা গৈছে যে এমিলিয়ে এটি কঠিন তালৰ গীত পৰিৱেশন কৰি ষ্টেশনটোত সুৰৰ মায়াজাল সৃষ্টি কৰিছে।

এমিলিৰ সেই গান গোৱা দৃশ্য কেমেৰাত বন্দী কৰি এগৰাকী যাত্ৰীয়ে ছচিয়েল মিডিয়াত পোষ্ট কৰিছে। এমিলিৰ সেই যাদুকৰী কণ্ঠৰ সংগীতত মুগ্ধ হৈ আনকি লছ এঞ্জেলছৰ আৰক্ষী বিভাগেও ভিডিঅ’টো শ্বেয়াৰ কৰিছে।

ইয়াৰ পাছতে মাৰ্কিন সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকসকল এমিলিৰ সন্ধানত সেই ষ্টেশ্যনটোত উবুৰি খাই পৰে।

এমিলৰ বয়স বৰ্তমান ৫২ বছৰ। গানৰ আনুষ্ঠানিক শিক্ষা লোৱা নাই যদিও এমিলিয়ে সৰুকালত চখতে অলপো পিয়ানো আৰু বেহেলা বজোৱা শিকিছিল।

নিজৰ ২৪ বছৰ বয়সত এমিলি ৰাছিয়াৰ পৰা আমেৰিকালৈ গুচি আহিছিল। শিশুসকলক বাদ্যযন্ত্ৰৰ শিকাই কোনোমতে জীৱন নিৰ্বাহ কৰি আছিল এমিলিয়ে।

এবছৰমান পূৰ্বে হঠাতে অসুস্থ হৈ পৰাৰ পাছত এমিলিয়ে জীৱনৰ প্ৰায় সৰ্বস্ব হেৰুৱাবলগীয়া হয়। তাৰ পাছৰে পৰা এই ষ্টেশ্যনেই পৰিচয় হৈ পৰে এমিলিৰ।

ষ্টেশ্যনত আৰু লগতে পথত গান গাই জীৱন নিৰ্বাহ কৰি চলি থকা এমিলিৰ জীৱনৰ একমাত্ৰ সপোন এতিয়া এটুকুৰা আশ্ৰয় স্থল আৰু অলপ বাদ্যযন্ত্ৰ। সেয়া পালে তেওঁ সকলোৰে প্ৰতি কৃতজ্ঞ হৈ থাকিব।

Related News