• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনসাধাৰণক সংবিধানৰ মূল্য জনোৱাৰ উদ্দেশ্যে গণতন্ত্ৰ দিৱসৰ দিনাই গুৱাহাটীত সংবিধান সুৰক্ষা দিৱস

‘যি ধৰণৰ শাসন চলিছে সংবিধানৰ মূল্য ৰাইজে পাহৰি পেলাইছে’ ড০ হীৰেণ গোহাঁই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 25, 2020 6:54 am
716832d9-3abc-4afe-a54e-2ce8fb7b9a79

গুৱাহাটীত শুকুৰবাৰে নাগৰিকত্ব সংশোধনী আইন(কা) বিৰোধী সমন্বয় সমিতিৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

5.8k
VIEWS
Share on FacebookShare on Twitter

জনসাধাৰণক সংবিধানৰ মূল্য পুনৰবাৰ সোঁৱৰাই দিয়াৰ উদ্দেশ্যে গণতন্ত্ৰ দিৱসৰ দিনাই গুৱাহাটীত সংবিধান সুৰক্ষা দিৱস অনুষ্ঠিত কৰিব নাগৰিকত্ব সংশোধনী আইন(কা) বিৰোধী সমন্বয় সমিতিয়ে।

শুকুৰবাৰে গুৱাহাটীৰ হেদায়েৎপুৰস্থিত NCP ৰ ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে বিশিষ্ট বুদ্ধিজীবী ড০ হীৰেণ গোহাঁইয়ে।

‘অহা ২৬ জানুৱাৰিত সংবিধান সুৰক্ষা দিৱস পালন কৰা হ’ব। এই সংবিধানে গণতান্ত্ৰিক ধাৰা বৰ্তাই ৰাখিছে। সংবিধান খনে এনে এক ব্যৱস্থা দাঙি ধৰিলে যি ব্যৱস্থাৰ জৰিয়তে শাসন কৰিলে জনতাৰ মঙ্গল হ’ব।’ সংবাদমেলত গোহাঁইয়ে কয়।

উক্ত দিনটোত গুৱাহাটীৰ আমবাৰীস্থিত লক্ষীধৰ বৰা ক্ষেত্ৰত ১১ বজাত সংবিধান সুৰক্ষা দিৱস অনুষ্ঠিত হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

‘যি ধৰণৰ শাসন চলিছে সংবিধানৰ মূল্য ৰাইজে পাহৰি পেলাইছে। নামত থকা সংবিধানৰ মূল্য ৰাইজৰ আগত দাঙি ধৰিবলৈ এই সংবিধান দিৱস।‘ সংবিধান দিৱসৰ লক্ষ্য উদ্দেশ্য দাঙি ধৰি গোহাঁইয়ে এইদৰে কয়।

ইপিনে, বিজেপি চৰকাৰখনে এক স্বৈৰাচাৰী আৰু জনবিৰোধী শাসন নীতি চলোৱা বুলি সদৰী কৰি গোহাঁইয়ে লগতে কয় ‘এনেকুৱা দিন আহিব যে এই সংবিধান নস্যাত কৰি চৰকাৰে নতুন সংবিধান প্ৰস্তুত কৰিব, এনে এক আশংকা হয়। অসম বাসীৰ ক্ষোভ প্ৰতিবাদৰ পাছতো কা আইনখন চৰকাৰে আমাৰ ওপৰত জাপি দিছে। আমাৰ চকুৰ সন্মুখতে গণতন্ত্ৰ লোপ কৰিব বিচৰা হৈছে।’

ইপিনে, ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াই কৃষক নেতা অখিল গগৈকে ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্য নেতাসকলক গ্ৰেপ্তাৰ কৰাটোৰ গৰিহনা দিয়ে বিশিষ্ট বুদ্ধিজীবীগৰাকীয়ে।

তেওঁ আৰু কয়, ‘নিয়াৰ গোচৰবোৰ অদ্ভুত গোচৰ। এইয়া আইনৰ অপপ্ৰয়োগ। কোনো চার্জশ্বীত নোহোৱাকৈ বছৰ বছৰ ধৰি আন্দোলনকাৰী নেতাক সন্ত্ৰাসবাদী সজাই জেইলত ভৰাই থৈছে।‘

আনহাতে, সমিতিৰ আন এজন আহ্বায়ক দেবেন তামুলীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাক গ্ৰেপ্তাৰ কৰাটোক চৰকাৰৰ এক ষড়যন্ত্ৰ বুলি আখ্যা দিয়ে।

‘এই আন্দোলন আৰম্ভ হোৱা দিন ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাক ষড়যন্ত্ৰমূলকভাৱে নিয়াৰ গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰিছে। ২০২১ ৰ নিৰ্বাচনলৈকে কৃষক মুক্তিৰ নেতাৰ ওপৰত উৎপীড়ণ চলাই যাব বুলি সন্দেহ। এই কথাৰ গৰিহণা দিছো। ষড়যন্ত্ৰ বন্ধ কৰক আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ আৰু অন্য নেতাক মুকলি কৰি দিবলৈ আহ্বান জনাইছো।‘ তামুলীয়ে এইদৰে কয়।

Recent News

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd