কৰ’না ভাইৰাছৰ বাবে কা বিৰোধী আন্দোলন সাময়িকভাৱে বাতিল; ঘোষণা আছু আৰু অ.জা.যু.ছা.প.ৰ

AASU News

আছু আৰু এজেৱাইচিপিৰ বৈঠকৰ দৃশ্য

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত বিভিন্ন জাতি আৰু জনগোষ্ঠীয় দল সংগঠনে অব্যাহত ৰখা প্ৰতিবাদী কাৰ্য্যসূচী সন্দৰ্ভত আজি উজানবজাৰস্থিত শ্বহীদ ভৱনত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া সকলে এখন ৰুদ্ধদ্বাৰ বৈঠকত অংশগ্ৰহণ কৰে।

বৈঠকত কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে কা বিৰোধী আন্দোলন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আনহাতে, ১৯ মাৰ্চত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া সকলে জিলা ভিত্তিত আলোচনা অনুষ্ঠিত কৰিব বুলিও বৈঠকত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

২০ মাৰ্চত গুৱাহাটীত যৌথ আলোচনা সভা আৰু ২২ মাৰ্চত ৰাজ্যত আঞ্চলিক পৰ্যায়ত সামূহিক সংগ্ৰামী মঞ্চ গঠন কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়।

২৩ মাৰ্চত কেন্দ্ৰীয়ভাৱে সামূহিক সংগ্ৰামী মঞ্চ গঠনৰ লগতে উক্ত দিনাই সামূহিক সংগ্ৰামী মঞ্চৰ নাম ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

তদুপৰি, ১ এপ্ৰিলত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী নতুন আন্দোলন কাৰ্য্যাসূচী ঘোষণা কৰা হ’ব বুলিও বৈঠকত সংগঠন দুটাই জানিবলৈ দিয়ে।

১ এপ্ৰিলৰ পাছত ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটীতো তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি বৈঠকত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

এই আন্দোলনত ছাত্ৰ সমাজ, শিল্পী সমাজকে ধৰি সকলো দল-সংগঠনে সহযোগ আগবঢ়াব বুলিও বৈঠকত ছাত্ৰ সংগঠন দুটাৰ প্ৰতিনিধি সকলে উল্লেখ কৰে।

বৰ্তমান পৰীক্ষাৰ বাবে কা বিৰোধী আন্দোলন বন্ধ থকাৰ পাছত বিহুৰ সময়তো আন্দোলন অব্যাহত থাকিব বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখযোগ্য যে, বৈঠকৰ পৰাই জাতীয় সংগঠনৰ নেতৃত্বই কৰ’না ভাইৰাছ ৰোধ কৰাৰ বাবে চৰকাৰক বিশেষ ব্যৱস্থা হাতত লবলৈ আহ্বান জনোৱাৰ লগতে ৰাজ্যত অধিক পৰীক্ষাগাৰ স্থাপন আৰু কৰ’না ভাইৰাছ প্ৰতিৰোধী সামগ্ৰী সমূহ ৰাইজক বিনামূলীয়াকৈ বিতৰণৰ বাবে দাবী জনায়।