• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অখিল গগৈক মুক্তি আৰু কা বাতিলৰ দাবীত তিনিচুকীয়া কঁপালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিসহ প্ৰতিবাদকাৰীয়ে

"৭ মাহ নহয়, ৭ বছৰ কাৰাগাৰত ৰাখিলেও কা মানি লোৱা নহব।" - বিতু সোণোৱাল

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , December 30, 2020 6:24 pm

3 min read

IMG-20201230-WA0016(1)
121
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব (সংশোধনী) আইন-২০১৯ বাতিলৰ আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত তিনিচুকীয়া জিলাৰ দহতীয়া চুক বিহুতলীৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

অসমবাসীৰ ব্যাপক প্ৰতিবাদৰ পিছতো বিজেপি চৰকাৰে ‘কা’ গৃহীত কৰি কোটি কোটি বাংলাদেশীক নাগৰিকত্ব দিবলৈ যো-জা চলাই অসমৰ ৰাজনীতি, অৰ্থনীতি, ভাষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

এই বিতৰ্কিত ‘কা’ বিৰুদ্ধে যাতে জনগণক সজাগ কৰি সংগঠিত কৰিব নোৱাৰে আৰু  ২০২১ চনৰ নিৰ্বাচিনত যাতে সন্মুখৰ পৰা নেতৃত্ব দিব নোৱাৰে সেইবাবেই অখিল গগৈক প্ৰায় ৩৮৫ দিন ধৰি কাৰাবন্দী কৰি ৰাখিছে। ‘কা’ বিৰুদ্ধে সমগ্ৰ অসমৰ ৰাইজে প্ৰতিবাদ কৰিছিল যদিও কেৱল অখিল গগৈক এন আই এ ৰ অধীনত বছৰ বছৰ ধৰি কাৰাবন্দী কৰি থোৱা কাৰ্যই প্ৰমাণ কৰে যে বিজেপি চৰকাৰখন অখিল গগৈৰ ভয়ত কম্পমান। এই অভিযোগ প্ৰতিবাদকাৰীসকলৰ।

তিনিচুকীয়াৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰতিবাদী ৰাইজে অখিল গগৈক মুক্তি দিয়ক, ‘কা’ আমি নামানো, অমিত শ্বাহৰ গুণ্ডাগিৰী নচলিব, বিজেপি চৰকাৰ হুচিয়াৰ, আৰএছএছ হুচিয়াৰ আদি শ্লোগানেৰে আকাশ বতাহ কপাই তোলে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱালে বিজেপি চৰকাৰখনক প্ৰত্যাহ্বান জনাই কয়, “বিজেপিৰ যদি দম আছে তেনেহ’লে অখিল গগৈক মুক্তি দি ২১ৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ দেখাওক। বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰি দিয়া হ’ব। ‘কা’ বিৰুদ্ধে আন্দোলন কৰাৰ বাবে ৭ মাহ আমাক জেইলত দিছিল, কিন্তু আমি স্পষ্ট কৰি দিছো ৭ মাহ নহয়, ৭ বছৰ কাৰাগাৰত ৰাখিলেও ‘কা’ মানি লোৱা নহব।”

গৃহমন্ত্ৰী অমিত শ্বাহে আন্দোলন কৰিলে শ্বহীদৰ সংখ্যা বাঢ়িব বুলি এখন জনসভাত দিয়া মন্তব্যৰ সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ-সভাপতি লক্ষ্যজ্যোতি গগৈয়ে কয়, “অসমৰ মানুহে অমিত শ্বাহৰ দাদাগিৰীলৈ ভয় নকৰে, অসমীয়া জাতিয়ে আন্দোলন কৰি প্ৰাপ্য অধিকাৰ কাঢ়ি আনিব জানে, অসমীয়া জাতিক ভয় দেখুৱাই লাভ নাই, অমিত শ্বাহক বুঢ়া আঙুলি দেখুৱাই আজি আন্দোলন কৰিবলৈ ওলাই আহিছো।”

প্ৰতিবাদৰ নেতৃত্ব বহন কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পাপু দত্তই কয়, “বিজেপি চৰকাৰখনে ক্ষমতালৈ অহাৰ আগত জাটি-মাটি-ভেটি ৰক্ষাৰ কথা কৈছিল। কিন্তু শাসনত অধিষ্ঠিত হৈয়ে চৰকাৰখনে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰাৰ যো-জা চলাইছে। এফালে কা আন্দোলনত সক্ৰিয় নেতৃত্ব বহন কৰা অখিল গগৈক কাৰাৰুদ্ধ কৰি চৰকাৰখনে নামনি জলবিদ্যুৎ প্ৰকল্প, টোল গেট মুকলিকে আৰম্ভ কৰি এটাৰ পিছত এটাকৈ অসমবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ প্ৰত্যুত্তৰ আগন্তক নিৰ্বাচনত অসমবাসী ৰাইজে নিশ্চয়কৈ দিব।”

নাগৰিকত্ব সংশোধনী আইন বাতিল, কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীৰ উপৰিও বিতৰ্কিত তিনিখন কৃষি আইন বাতিল কৰিবলৈ, দুখীয়া ৰাইজক মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিবলৈ, বিদ্যুৎ খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰিবলৈ আৰু দধীয়া লাইকাবাসী ৰাইজক সংস্থাপন দিবলৈ দাবী জনায় অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনকেইটাই।

প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি মানৱ চেতিয়া, সাধাৰণ সম্পাদক ক্ৰমে বিমান গগৈ, ৰুদ্ৰ দহতীয়া, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদিকা সবিতা হাজৰিকা, চুমী গগৈ উপস্থিত থাকে।

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd