NORTHEAST NOW (Assamese)

কা-বিৰোধিতাত অসমৰ বন্যপ্ৰাণীকো লগত ল’ব জুবিনে!

December 19, 2019 8:58 pm · কল্পজ্যোতি শইকীয়া
Updated: December 19, 2019 9:11 pm
জুবিন গাৰ্গৰ ফাইল ছবি।

অসমৰ বনৰীয়া জীৱ-জন্তুও নাগৰিকত্ব (সংশোধন) আইন ২০১৯-বিৰোধী প্ৰতিবাদত চামিল হোৱাৰ দিশে আগবাঢ়িছে।

উত্তাল অসমৰ পিছতে দেশজুৰি বিয়পি পৰা কা-বিৰোধিতাৰ মাজতে শিল্পী জুবিন গাৰ্গে বৃহস্পতিবাৰে এই বাৰ্তা দিছে।

“মানুহ লৈ পেলাই কৰি আছো। এতিয়া জন্তুখিনিকো ইনক্ল্যুদ কৰিম,” জীৱ-জন্তুখিনিক লগত লৈ হাবিৰ পৰা প্ৰতিবাদ কৰিব বুলি ধেমেলীয়া উল্লেখেৰে গাৰ্গে কয়।

তথ্যচিত্ৰৰ কামৰ বাবে তেওঁ ২২ ডিচেম্বৰত হাবিত সোমাব বুলি জনোৱা গাৰ্গে অসম চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰা এককালীন সাহায্যৰ “সময়”ক লৈয়ো প্ৰশ্ন তুলিছে।

বানপানীৰ দৰে দুৰ্য্যোগৰ সময়ত অসমৰ আক্ৰান্ত ৰাইজৰ কাষত থিয় দিয়া শিল্পীজনৰ ধেমেলীয়া, খোলা মন্তব্যসমূহেও মানুহৰ মাজত বিভিন্ন সময়ত চৰ্চা লাভ কৰি আহিছে।

কা-বিৰোধী প্ৰতিবাদৰ মাজত এই চৰকাৰী সাহায্যক জনপ্ৰিয় শিল্পীজনে “টোপ” বুলি অভিহিত কৰিছে।

গাৰ্গে কয় তেওঁৰ গুৰু ৰমণী ৰয়ৰ নামত যোৱা ২, ৩ বছৰে নিজে লাগিও সাহায্য আদায় কৰিব নোৱাৰিলে।

Related News