• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমজুৰি শিথিল সান্ধ্য আইন, ইণ্টাৰনেট বন্ধ বাহাল

অনুপ শৰ্মা by অনুপ শৰ্মা
December 16, 2019 7:02 pm
Independence Day: Himanta Biswa Sarma offers aid for ICU patients in Assam

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে সোমবাৰে ৰাজ্যজুৰি সান্ধ্য আইন শিথিল কৰিছে, কিন্তু ম’বাইল ইণ্টাৰনেট বন্ধ বাহাল আছে।

সন্ধিয়া ৯ বজাৰ পৰা পুৱা ৬ বজালৈকে নৈশ সান্ধ্য আইন কিছুদিনলৈ বাহাল থাকিব।

Apply Now

নাগৰিকত্ব (সংশোধন) আইন ২০১৯ বিৰোধিতাৰে উত্তপ্ত অসমৰ আইন-শৃংখলাজনিত পৰিস্থিতি কিছু উন্নত হোৱাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে জনায়।

“আইন-শৃংখলাজনিত পৰিস্থিতি প্ৰতিদিনে পুনৰীক্ষণ কৰি থকা হৈছে আৰু ম’বাইল ইণ্টাৰনেটৰ ওপৰত থকা নিষেধাজ্ঞা সোনকালেই শিথিল কৰা হ’ব,” শৰ্মাই কয়।

শৰ্মাই কয় যে কেববিৰোধী প্ৰতিবাদত ১০ ডিচেম্বৰত গুৱাহাটীত সংঘটিত হিংসাত্মক ঘটনাৰ আৰক্ষীয়ে তদন্ত কৰি আছে। আৰু ৰাজ্যজুৰি মুঠ ১৩৬টা গোচৰ ৰুজু আৰু ১৯০ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

চৰকাৰে দুই এদিনতে এই সন্দৰ্ভত অনুসন্ধানৰ বাবে বিশেষ তদন্তকাৰী গোট গঠন কৰিব পাৰে, শৰ্মাই জনায়।

তেওঁৰমতে, গুৱাহাটীৰ বাসিন্দাই শান্তি হেৰুৱাব খোজা নাছিল, বৰঞ্চ বাহিৰৰ পৰা অহা প্ৰতিবাদকাৰীয়ে হিংসাত্মক ঘটনা সংঘটিত কৰিছিল।

তেওঁ কয় যে চৰকাৰে অসমৰ ৰাজধানীত সংঘটিত হিংসাত্মক ঘটনাৰ গোচৰসমূহ গুৰুত্বসহকাৰে লৈছে আৰু হিংসাত উচতনি দিয়াসকলৰ চিনাক্তকৰণ আৰু আটক কৰাৰ বাবে ভিডিঅ’ ফুটেজসমূহ পৰীক্ষা কৰি থকা হৈছে।

“আমি পোৱা ভিজুৱেল প্ৰমাণমতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হোৱা প্ৰতিবাদ আৰু  দিচপুৰত হোৱা প্ৰতিবাদত এটা পেটাৰ্ন আছে। হাতীগাঁৱত হোৱা প্ৰতিবাদতো বেলেগ এক পেটাৰ্ন আছে,” শৰ্মাই কয়।

অহিংস গণতান্ত্ৰিক প্ৰতিবাদ গ্ৰহণযোগ্য বুলি মন্তব্য কৰি শৰ্মাই কয় যে একাংশই কোটি কোটি বিদেশী আহিব বুলি কেববিৰোধী প্ৰতিবাদত চলোৱা প্ৰচাৰত অন্য অভিপ্ৰায় থাকিব পাৰে।

গুৱাহাটীত সংঘটিত হিংসাত্মক ঘটনাত এটা নিৰ্দিষ্ট ৰাজনৈতিক দল থকা বুলি তেওঁ ইংগিত দিয়ে, কিন্তু কোনো দলৰ তেওঁ নাম লোৱা নাই।

আনহাতে প্ৰতিবাদত হতাহতৰ সন্দৰ্ভত তেওঁ কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত গুলী লগা ২৭জন লোকক ভৰ্তি কৰোৱা হৈছে।

“২৭জনৰ ভিতৰত চাৰিজনৰ চিকিৎসালয়ত মৃত্যু হৈছে আৰু আন ১৩ জনক হস্পিটেলৰ পৰা যাবলৈ দিয়া হৈছে। আঘাতপ্ৰাপ্ত আন দহজন এতিয়াও চিকিৎসাধীন অৱস্থাত আছে আৰু তেওঁলোক বিপদমুক্ত,” তেওঁ কয়।

আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত তেওঁ জনাই যে অসম চৰকাৰে এই বিষয়টো এন আই এক জনাইছিল। আৰু এন আই এই ইয়াক গ্ৰহণ কৰিছে আৰু তদন্ত কৰি আছে।

অনুপ শৰ্মা

অনুপ শৰ্মা

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd