অসমজুৰি শিথিল সান্ধ্য আইন, ইণ্টাৰনেট বন্ধ বাহাল

Independence Day: Himanta Biswa Sarma offers aid for ICU patients in Assam

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ছবি।

অসম চৰকাৰে সোমবাৰে ৰাজ্যজুৰি সান্ধ্য আইন শিথিল কৰিছে, কিন্তু ম’বাইল ইণ্টাৰনেট বন্ধ বাহাল আছে।

সন্ধিয়া ৯ বজাৰ পৰা পুৱা ৬ বজালৈকে নৈশ সান্ধ্য আইন কিছুদিনলৈ বাহাল থাকিব।

নাগৰিকত্ব (সংশোধন) আইন ২০১৯ বিৰোধিতাৰে উত্তপ্ত অসমৰ আইন-শৃংখলাজনিত পৰিস্থিতি কিছু উন্নত হোৱাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে জনায়।

“আইন-শৃংখলাজনিত পৰিস্থিতি প্ৰতিদিনে পুনৰীক্ষণ কৰি থকা হৈছে আৰু ম’বাইল ইণ্টাৰনেটৰ ওপৰত থকা নিষেধাজ্ঞা সোনকালেই শিথিল কৰা হ’ব,” শৰ্মাই কয়।

শৰ্মাই কয় যে কেববিৰোধী প্ৰতিবাদত ১০ ডিচেম্বৰত গুৱাহাটীত সংঘটিত হিংসাত্মক ঘটনাৰ আৰক্ষীয়ে তদন্ত কৰি আছে। আৰু ৰাজ্যজুৰি মুঠ ১৩৬টা গোচৰ ৰুজু আৰু ১৯০ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

চৰকাৰে দুই এদিনতে এই সন্দৰ্ভত অনুসন্ধানৰ বাবে বিশেষ তদন্তকাৰী গোট গঠন কৰিব পাৰে, শৰ্মাই জনায়।

তেওঁৰমতে, গুৱাহাটীৰ বাসিন্দাই শান্তি হেৰুৱাব খোজা নাছিল, বৰঞ্চ বাহিৰৰ পৰা অহা প্ৰতিবাদকাৰীয়ে হিংসাত্মক ঘটনা সংঘটিত কৰিছিল।

তেওঁ কয় যে চৰকাৰে অসমৰ ৰাজধানীত সংঘটিত হিংসাত্মক ঘটনাৰ গোচৰসমূহ গুৰুত্বসহকাৰে লৈছে আৰু হিংসাত উচতনি দিয়াসকলৰ চিনাক্তকৰণ আৰু আটক কৰাৰ বাবে ভিডিঅ’ ফুটেজসমূহ পৰীক্ষা কৰি থকা হৈছে।

“আমি পোৱা ভিজুৱেল প্ৰমাণমতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হোৱা প্ৰতিবাদ আৰু  দিচপুৰত হোৱা প্ৰতিবাদত এটা পেটাৰ্ন আছে। হাতীগাঁৱত হোৱা প্ৰতিবাদতো বেলেগ এক পেটাৰ্ন আছে,” শৰ্মাই কয়।

অহিংস গণতান্ত্ৰিক প্ৰতিবাদ গ্ৰহণযোগ্য বুলি মন্তব্য কৰি শৰ্মাই কয় যে একাংশই কোটি কোটি বিদেশী আহিব বুলি কেববিৰোধী প্ৰতিবাদত চলোৱা প্ৰচাৰত অন্য অভিপ্ৰায় থাকিব পাৰে।

গুৱাহাটীত সংঘটিত হিংসাত্মক ঘটনাত এটা নিৰ্দিষ্ট ৰাজনৈতিক দল থকা বুলি তেওঁ ইংগিত দিয়ে, কিন্তু কোনো দলৰ তেওঁ নাম লোৱা নাই।

আনহাতে প্ৰতিবাদত হতাহতৰ সন্দৰ্ভত তেওঁ কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত গুলী লগা ২৭জন লোকক ভৰ্তি কৰোৱা হৈছে।

“২৭জনৰ ভিতৰত চাৰিজনৰ চিকিৎসালয়ত মৃত্যু হৈছে আৰু আন ১৩ জনক হস্পিটেলৰ পৰা যাবলৈ দিয়া হৈছে। আঘাতপ্ৰাপ্ত আন দহজন এতিয়াও চিকিৎসাধীন অৱস্থাত আছে আৰু তেওঁলোক বিপদমুক্ত,” তেওঁ কয়।

আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত তেওঁ জনাই যে অসম চৰকাৰে এই বিষয়টো এন আই এক জনাইছিল। আৰু এন আই এই ইয়াক গ্ৰহণ কৰিছে আৰু তদন্ত কৰি আছে।