NORTHEAST NOW (Assamese)

CAA বিৰোধী প্ৰতিবাদে বিজেপিক ২০২১ ত সহায়হে কৰিব : হিমন্ত বিশ্ব শৰ্মা

December 25, 2019 6:55 pm · এন ই নাও নিউজ
হিমন্ত বিশ্ব শৰ্মা

সমগ্ৰ অসম নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰতিবাদত উত্তাল হৈ থকাৰ সময়ত বুধবাৰে বিজেপিয়ে বৰপেটাত শান্তি সমদল অনুষ্ঠিত কৰে।

শান্তি সমদলক সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ নিৰ্বাচনত বিজেপি দলৰ অধিক লাভহে হ’ব বুলি কয়।

‘‘অসমৰ জনসাধাৰণ আমাৰ লগত আছে আৰু তেওঁলোকে জানে CAA অসমীয়া ভাষা, সংস্কৃতি আৰু পৰিছয়ত কোনোধৰণৰ ক্ষতি নকৰে,’’ হিমন্তৰ মন্তব্য।

‘‘২০২১ বিধানসভা নিৰ্বাচনত আমি অভিলেখ সংখ্যক আসন দখল কৰি চৰকাৰ গঠন কৰিম,’’ হিমন্তই লগতে কয়।

হিমন্তই বিজেপি দলে ২০২১ নিৰ্বাচনত ১০০ খন আসন দখল কৰিব বুলিও কয়।

আনহাতে, নাগৰিকত্ব (সংশোধনী) আইন সম্পৰ্কত মত প্ৰকাশ কৰি হিমন্তই ইয়াৰ দ্বাৰা অধিক হিন্দু বাংলাদেশী প্ৰৱেশ কৰিব পাৰিব বুলি কোৱা কথাক মিছা আখ্যা দিয়ে।

তেওঁ লগতে প্ৰতিবাদী সকলক ঠাট্টা কৰি শীঘ্ৰেই প্ৰতিবাদে গ্ৰিনিজ বুক ৰেকৰ্ডত স্থান অধিকাৰ কৰিবলৈ সক্ষম হ’ব বুলি জনায়।

‘‘মিছা বাতৰিৰে CAA ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছে আৰু মই নিশ্চিত যে শীঘ্ৰে এই প্ৰতিবাদে গ্ৰিনিজ বুকত অভিলেখ স্থাপন কৰিব,’’ শৰ্মাই কয়।

Related News