• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মীন বিভাগত বৃহৎ ছিণ্ডিকেটৰাজ! ছিণ্ডিকেটত মন্ত্ৰী পীযুষ হাজৰিকা জড়িত থকাৰ অভিযোগ অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 4, 2019 8:39 pm
Chalani-fishes-being-sold-in-Silchars-biggest-market-Fatak-Bazaar-on-second-day-of-its-ban-by-Assam-Government

শিলচৰৰ ফটক বজাৰত বিক্ৰী কৰিছে চালানী মাছ। ফাইল ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’ৰাজ্যৰ মীন বিভাগত চলি আছে এক বৃহৎ ছিণ্ডিকেট । ছিণ্ডিকেটৰ সৈতে জড়িত হৈ আছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা।‘’ গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই গুৰুতৰ অভিযোগ আনে অসম অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থাই।

উক্ত সংবাদমেলত সংগঠনটোৰ সাধাৰণ সম্পাদক নিত্যানন্দ দাসে ৰাজ্যৰ মীন বিভাগত ছিণ্ডিকেটৰাজ চলি আছে বুলি উল্লেখ কৰি লগতে কয়, “যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে ফৰ্মেলীনযুক্ত মাছ খাব নালাগে বুলি প্ৰচাৰ চলাইছিল পীযুষ হাজৰিকাই । আনকি হোটেলতো তেওঁ তালাচী চলাইছিল। কিন্তু বৰ্তমান অসমৰ প্ৰতিখন বজাৰত ফৰ্মেলীন যুক্ত মাছ বিক্ৰী কৰি আহিছে। তাত তেওঁ কোনো কানসাৰ দিয়া নাই। সেইসময়ত তেওঁ টকা ঘটিবৰ কাৰণে সেই ব্যৱস্থা গ্ৰহণ কৰিছিল।‘’

Apply Now

তেওঁ লগতে কয়, ‘’যিটো সময়ত অসমত ২০০০ তকৈ অধিক বিল-জলাশয় আছে , ১৮৫ খন মীন উন্নয়ন নিগমৰ অধীনত বিল আছে, সেই বিলসমূহত মাছ উৎপাদনৰ বিভিন্ন স্থল থকা স্বত্বেও মীন বিভাগে চকু মুদা কুলিৰ ভাও ধৰি বিলসমূহ বাংলাদেশীৰ হাতত তুলি দি থলুৱা মানুহক বৃত্তিৰ পৰা আঁতৰাই দিছে।‘’

ইপিনে, যোৱা ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ মাছ মৰা বন্ধৰ সময়ছোৱাত ৰাজ্য চৰকাৰৰ মীন বিভাগে মাছ মৰা বন্ধ কৰি ৰখাক কেন্দ্ৰ কৰি তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰে।

তেওঁ কয়, ‘’মাছ মৰা বন্ধ কৰি ৰখাৰ সময়ছোৱাত প্ৰতিটো মাছুৱৈৰ পৰিয়ালক ২০,০০০ টকা ভাট্টা দিব লাগে। অধিক হাৰত মীন বিভাগে বিলসমূহ ডাকত দিয়া বন্ধ কৰিব লাগে । লীজত বা ডাকত লোৱা মীন মহলৰ কোনো মহলদাৰে পানী সিঁচি মীন মহল শুকাই পেলাব নোৱাৰিব।‘’

উক্ত সংবাদমেলৰ জৰিয়তে তেওঁ মুখ্য মন্ত্ৰীলৈ অনুৰোধ জনাই কয়, ‘’ৰাজ্যৰ মীন বিভাগত চলি থকা ছিণ্ডিকেট যাতে বন্ধ কৰে। ৰাজ্যৰ মীন বিভাগত এতিয়া শূণ্য সহনশীলতা চলা নাই।‘’

আনহাতে, একে প্ৰজাতিৰ মাছৰ মূল্য ৰাজ্যৰ বিভিন্ন প্ৰান্তত বেলেগ বেলেগ বুলি অভিযোগ তুলি দাসে লগতে কয়,’‘ঠিক সেইদৰে মহানগৰীৰ বজাৰ সমূহতো মাছৰ মূল্য ভিন্ন ভিন্ন। উজান বজাৰত যদি এটা মাছ ১২০ টকা মূল্যত ক্ৰয় কৰা হয় সেই মাছটো ভেটাপৰাত ৩০০ টকা মূল্যত ক্ৰয় কৰিব লগা হয়।‘’

‘‘কিয় এই ব্যৱস্থা হৈছে? যোগান বিভাগ বা মীন বিভাগৰ মাজত কোনো সম্পৰ্ক নাই নেকি ?’’ এইদৰে প্ৰশ্ন কৰি তেওঁ লগতে কয়, ‘’মূল্য নিয়ন্ত্ৰণ এই কাৰণেই কৰিব পৰা নাই যে তেওঁলোকে তাৰ পৰাই মোটা কমিছনৰ অংক লাভ কৰে।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd