পশ্চিমবংগত কংগ্ৰেছক এলাগী! অসমত তৃণমূলৰ সৈতে আসন ভাগ-বতৰা পুনৰ্বিবেচনা কৰিব প্ৰদেশ কংগ্ৰেছে

ফটোঃ এক্স (টুইটাৰ)।

তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগত আসন ভাগ-বতৰা সন্দৰ্ভত কংগ্ৰেছৰ সৈতে আলোচনাৰ দুৱাৰ বন্ধ কৰি দিছে। অৱশ্যে কংগ্ৰেছ দলৰ মুখপাত্ৰ জয়ৰাম ৰমেশে আশা কৰে যে তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে পুনৰ আলোচনাৰ দুৱাৰ মুকলি কৰিব।

তেওঁ পুনৰ আসন ভাগ-বতৰাৰ বিষয়টো বিবেচনা কৰিব বুলি আশা কৰিছে। কিন্তু তৃণমূল নেত্ৰী মমতাই পশ্চিম বংগত ‘একলা চালো’ নীতি ঘোষণা কৰাৰ পাছতে অসম কংগ্ৰেছে ৰাজ্যখনত আসনৰ বুজাবুজিৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিছে।

শনিবাৰে অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লোকসভা নিৰ্বাচনত তৃণমূলৰ সৈতে হোৱা আসন বুজাবুজিৰ চুক্তিও পুনৰ বিবেচনা কৰিব বুলি কয়। বৰ্তমান বৰাক উপত্যকা ভ্ৰমণত আছে ভূপেন বৰা।

লগতে পঢ়কঃ বিজেপিয়ে খিলঞ্জীয়া মানুহৰ ভূমি কাঢ়ি নি পুঁজিপতিক দান কৰে : ঝাৰখণ্ডত ৰাহুল গান্ধী

বৰাকত বৰাই সংবাদ মাধ্যমৰ আগত কয় যে, “বংগৰ ৪২খন আসনৰ ভিতৰত কংগ্ৰেছে ছখন আসন বিচাৰিছিল, কিন্তু তৃণমূলে দুখন আসন দিবলৈ সন্মত হৈছে। তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে মিত্ৰতাৰ সম্ভাৱনাক নুই কৰিছে। ইয়াৰ পৰাই  অসমত আমাৰ স্থিতি বুজিব পাৰিব। য’ত মুঠ ১৪ খন আসন আছে।”

বৰাই আওপকীয়াকৈ বুজাই দিলে যে যিহেতু বংগত কংগ্ৰেছৰ সৈতে তৃণমূলৰ আসনৰ আপোচ নহ’ল, গতিকে অসমতো তেওঁলোকে আসনৰ সৈতে আপোচ নকৰে৷ অৱশ্যে যিহেতু এতিয়া দলটোৰ শীৰ্ষ নেতৃত্বই আসন বুজাবুজিৰ পথ খোলা ৰাখিছে, সেয়েহে পোনপটীয়াকৈ তেওঁ কোনো মন্তব্য দিব নিবিচাৰিলে।

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ সৈতে সংঘাত! পদত্যাগ পঞ্জাৱৰ ৰাজ্যপালৰ, দেখুৱালে ব্যক্তিগত কাৰণ

শেহতীয়াকৈ মমতা বেনাৰ্জীয়েও ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক উপহাস কৰি ‘ফটোশ্বুট’ বুলি অভিহিত কৰিছে। ইয়াৰ উপৰিও মমতাই প্ৰত্যাহ্বান জনাইছে যে কংগ্ৰেছে দেশৰ ৪০ খন আসনো লাভ কৰিব নোৱাৰিব।

উল্লেখ্য যে ২০১৯ চনত অসমত বিজেপিয়ে ৯খন আসন লাভ কৰিছিল। তেওঁলোকৰ মিত্ৰ দল অগপ আৰু বি পি এফে এখনো আসন লাভ কৰিব নোৱাৰিলে। আনহাতে, কংগ্ৰেছে লাভ কৰে তিনিখন আসন। AIUDF আৰু নিৰ্দলীয়ই এখনকৈ আসন লাভ কৰে। এইবাৰ আসনৰ সংখ্যা বৃদ্ধি হ’ব বুলি আশাবাদী কংগ্ৰেছ শিৱিৰ।

লগতে পঢ়কঃ ‘স্বামীৰ উপাৰ্জনক লৈ কৰা কটুক্তি মানসিক নিৰ্যাতন যাৰ ফলত হ’ব পাৰে বিবাহ বিচ্ছেদ’-উচ্চ ন্যায়ালয়

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কংগ্ৰেছৰ সদস্যসকলক বৰাক উপত্যকাত দলৰ স্থিতি শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ নিৰ্ধাৰিত বুথসমূহৰ ব্যক্তিগতভাৱে দায়িত্ব ল’বলৈ আহ্বান জনায়।