• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“এফালে বিজেপিৰ মুখ্য কাৰ্য্যালয়ত মুখ্যমন্ত্ৰীৰ হাঁহি, আনফালে মাজুলীবাসীৰ মৃত্যুৰ ভয়ত কিৰিলি”: ভূপেন কুমাৰ বৰা

মাজুলীবাসীৰ ভোটৰ মূল্য আছে, জীৱনৰ কিন্তু মূল্য নাই

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
September 9, 2021 3:04 pm
WhatsApp Image 2021-09-09 at 1.42.55 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই বুধবাৰে হৈ যোৱা নাও দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লগতে বিজেপি চৰকাৰৰ প্ৰতি উজাৰিলে ক্ষোভ।

তেওঁ কয় যে “এফালে বিজেপিৰ মুখ্য কাৰ্য্যালয়ত মুখ্যমন্ত্ৰীৰ হাঁহি, আনফালে মাজুলীবাসীৰ কিৰিলি। বিজেপি চৰকাৰখনৰ বাবে কেৱল মাজুলীবাসীৰ ভোটৰ  মূল্য হে আছে কিন্তু সেই ভোটৰ বিনিময়ত দিয়া প্ৰতিশ্ৰুতিৰ কিন্তু কোনো মূল্য নাৰাখিলে এইখন বিজেপি চৰকাৰে।‘’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুযায়ী ৬০ বছৰে নোহোৱা কাম ৫ বছৰত কৰিম বুলি কোৱা সেই প্ৰতিশ্ৰুতিও সোঁৱৰাই দিয়ে ভূপেন বৰাই।

আনহাতে, বিজেপি চৰকাৰৰ শাসন কালত এইদৰে দুবাৰকৈ নাও দুৰ্ঘটনা হোৱাৰ পাছত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পদত্যাগ দাবী জনায় অসম প্ৰদেশ কংগ্ৰেছে। লগতে নাও দুৰ্ঘটনাৰ খবৰ ওলোৱাৰ পাছত পূৰ্বৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বুধবাৰে সেই নিৰ্ধাৰিত নাও দুৰ্ঘটনাৰ পাছতেই কৰা এক টুইটক লৈ ধিক্কাৰ দিয়ে ভূপেন বৰাই।

তেওঁ পুনৰ কয় “বিজেপি চৰকাৰৰ ভূমি পূজা আৰু নমামি ব্ৰহ্মপুত্ৰ আৰু বহুত হ’ল, প্ৰকৃত সমস্যাৰ ওপৰত গুৰুত্ব দিয়ক।‘’

বৰাই কয়, ‘’এই শোকাকূল পৰিবেশত দুৰ্ভাগ্যজনক এই দুৰ্ঘটনাত প্ৰদেশ কংগ্ৰেছে ৰাজনীতি কৰিব বিচৰা নাই। কিন্তু একেসময়তে বিৰোধী দল হিচাপে আমি নিৰ্বাচনৰ সময়ত মাজুলী আৰু যোৰহাটবাসীক বাৰে বাৰে দিয়া প্ৰতিশ্ৰুতি সমূহ মনত পেলাই দিয়াটো আমাৰ নৈতিক দায়িত্ব।‘’

২০১৮ চনত উত্তৰ গুৱাহাটীত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ পৰা শিক্ষা নোলোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। এই ঘটনাৰ পিছত বিজেপি চৰকাৰখনে কোনো ধৰণৰ প্ৰতিৰোধ মূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই নিমাতিঘাটত নাও দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে।

প্ৰথমতে, সংকটৰ সময়ত অতিকৈ তাৎক্ষণিকভাৱে  প্ৰয়োজন হোৱা নিৰাপত্তাৰ সঁজুলি, লাইফ জেকেট, চুইমিং টিউব দেখা পোৱা নগ’ল, যিটো আচলতে থকাটো অত্যন্ত জৰুৰী আছিল। কোনো এগৰাকী উদ্ধৰকাৰী কৰ্মীক দেখা নগ’ল।

দুৰ্ঘটনা হোৱাৰ এক ঘণ্টা পিছতহে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ কৰ্মী ঘটনাস্থলীত উপস্থিত হৈছিল।

বানপানীৰ সময়ত এনেবোৰ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবৰ বাবে নদীৰ পৰিবহন বিভাগে জল পৰিবহন ব্যৱস্থা নিৰীক্ষণ কৰাটো দৰকাৰী নাছিল নেকি? মাজুলী-নিমাতীঘাটৰ মাজৰ জল পৰিবহন ব্যৱস্থা পৰিদৰ্শন কৰাৰ বাবে আৰক্ষী চকী আছে নে নাই, সেয়াহে এক ডাঙৰ প্ৰশ্ন।

দ্বিতীয়তে, অনুকূল বতৰৰ মাজত দিনৰ পোহৰতে কেনেকৈ দুখন নাও/ফেৰীয়ে মুখামুখি খুন্দা মাৰিব পাৰে? জল পৰিবহন বিভাগে নাৱ্যপথ সঠিকভাৱে নিৰূপণ কৰিছিল নে? নাও/ফেৰী ড্ৰাইভাৰৰ লাইচেঞ্চ আছিল নে?  কোনে ফেৰী আৰু নাওঁৰ  বহন ক্ষমতা নিৰীক্ষণ কৰিছিল নে, যিহেতু নাও আৰু ফেৰী সমূহে নিজৰ ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িওৱা বুলি সততে চৰ্চা হৈ থাকে? নাও/ফেৰী সমূহে যাত্ৰী কঢ়িৱাব পৰাকৈ উপযুক্ত হৈ আছিল নে নাই, কোনে পৰীক্ষা কৰিছিল?

এইটো আটাইতকৈ লজ্জাজনক বিষয় যে যোৱা তিনিবছৰত দুবাৰকৈ নিলম্বিত হোৱা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ কাৰ্যকৰী অভিযন্তা গৰাকীৰ হাততে দায়িত্ব ন্যস্ত আছিল। উত্তৰ গুৱাহাটীৰ ফেৰী দুৰ্ঘটনাৰ সময়ত নিলম্বন হোৱা সেই একেগৰাকী বিষয়াৰ হাততে কিয় পুনৰ মানুহৰ জীৱন মৃত্যুৰ লগত জড়িত দায়িত্ব ন্যস্ত কৰা হৈছিল?

তৃতীয়তে, যোৰহাট আৰু মাজুলীবাসী ৰাইজক বিজেপি চৰকাৰখনে নিৰ্বাচনী প্ৰতিশ্ৰুতি দি আহিছে আৰু সেইবোৰ এতিয়াও প্ৰতিশ্ৰুতি হৈয়েই আছে। ২০১৬ চনত কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰেদি মাজুলী-যোৰহাট সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰিছিল, কিন্তু সুদীৰ্ঘ যোৱা পাঁচ বছৰত দলঙৰ  নামত এটা শিলগুটিও নপৰিল।

এই আধাৰশিলা দেখি তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কৈছিল- ” ডিপিআৰ প্ৰস্তুত নকৰাকৈয়ে কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে ২০১৬ ৰ ব্ৰহ্মপুত্ৰৰ ওপৰেদি মাজুলী-যোৰহাট সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰি এনডিএ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ চকুত চমক সৃষ্টি কৰিব বিচাৰিছে। বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনৰ দৰে ডিপিআৰ প্ৰস্তুত নকৰাকৈ আধাৰশিলা স্থাপন কৰা কেন্দ্ৰীয় চৰকাৰ আগতে কেতিয়াও দেখা নাছিলোঁ।”

চতুৰ্থতে, ২০১৮ চনৰ অক্টোবৰ মাহত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই কমলাবাৰী ঘাটত ৰোল অন ৰোল অফ (ৰো-ৰো) সেৱাৰ শুভ আৰম্ভণি কৰিছিল। ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (IWAI) য়ে ৯.৪৬ কৌটি টকা ব্যয়েৰে ৰো-ৰো সেৱাত এম বি ভূপেন হাজৰিকাৰ নামত নামাকৰণ কৰিছিল।

এই ফেৰীয়ে একেলগে ১০০ জন যাত্ৰীৰ লগতে ৮ খন ট্ৰাক কঢ়িয়াব পাৰে। এয়া অতি দুৰ্ভাগ্যজনক যে আজিলৈকে কিয় ৰো ৰো ফেৰী সেৱা আৰম্ভ কৰা হোৱা নাই, অসম চৰকাৰেহে ভালকৈ জানিব।

পঞ্চমত, আটাইতকৈ ডাঙৰ প্ৰৱঞ্চনাটো হৈছে যে, ২০২১ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই পুনৰ ধুমধামেৰে ৰো-ৰো ফেৰী সেৱাৰ উদ্ঘাটন কৰিছিল, কিন্তু নিৰ্বাচনৰ পিছত কি হ’ল কোনেও গ’ম নাপায়।

সদৌ শেষত, একেলেখিয়াকৈ বিগত ২০২১ ৰ নিৰ্বাচনৰ আগমুহূৰ্তত কেন্দ্রীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে পুনৰ এবাৰ যোৰহাট-নিমাতীঘাট সংযোগী সেই একেখন দলঙৰ আধাৰশিলা স্থাপন কৰিছে। এয়া অত্যন্ত দুৰ্ভাগ্যজনক যে বিজেপিয়ে নিৰ্বাচনৰ আগমুহূৰ্ততহে দীৰ্ঘদিন ধৰি কৰি অহা দাবীবোৰ মনত পেলায় আৰু নিৰ্বাচন শেষ হ’লে সকলো পাহৰি যায়।

এই উন্মোচন আৰু পুনৰ উন্মোচনৰ কাৰ্যই প্ৰমাণ কৰিছে যে মাজুলিবাসীৰ লগতে সমগ্ৰ অসমবাসীকে বিজেপিয়ে মিছা প্ৰতিশ্ৰুতিৰে মূৰ্খ সজাই আহিছে। তেওঁলোকে ভাবিছে যে মানুহে কম সময়ৰ ভিতৰত সকলো পাহৰি পেলাব আৰু একেইটা কামৰে দুবাৰ-তিনিবাৰ আধাৰশিলা স্থাপন কৰিলেও জনসাধাৰণে মানি ল’ব।

বৰাই উল্লেখ কৰে যে অসমৰ মানুহ সচেতন নাগৰিক, পৰ্যবেক্ষণশীল নাগৰিক আৰু এইসকলক সকলো সময়তে মূৰ্খ সজাব নোৱাৰে। প্ৰতিশ্ৰুতিতকৈ মানুহৰ জীৱনৰ মূল্য অধিক। বিজেপিয়ে এই কথা ভালকৈ মনত ৰখা উচিত। নিৰীহ মানুহে প্ৰাণ হেৰুৱাবলগীয়া হৈছে, ইয়াৰ বাবে দায়ী তেওঁলোকেই।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই লগতে কয়, ‘’উক্ত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ ২৫ লাখ টকাৰ এককালীন সাহায্য আগবঢ়াবলৈ বিজেপি চৰকাৰক আমি অসম প্ৰদেশ কংগ্রেছ কমিটিৰ তৰফৰ পৰা দাবী জনাইছো। ৰো-ৰো ফেৰী সেৱাৰ ওপৰত আৰু মাজুলী-যোৰহাট সংযোগী দলং কি অৱস্থাত আছে, তাৰ ওপৰত তেওঁলোকে স্পষ্ট কৰিব লাগে। এই বৰ্ষৰ আৰম্ভণিতে  ৯২৫.৪৭ কোটি টকা আবন্টন দিয়া হৈছিল বুলি বাতৰি কাকতত প্ৰকাশ পাইছিল আৰু যোৱা ৮ ফেব্ৰুৱাৰী,২০২১ তাৰিখে এই কাম মেচাৰ্ছ ইউপি ষ্টেট ব্ৰিজ কৰ্পোৰেচন লিমিটেড নামৰ কোম্পানীক দিয়া হৈছিল। টকা অনুমোদন দিয়া আৰু টকা ব্যৱহাৰ কৰা হিচাবে কামৰ অগ্ৰগতি কি?’’

বৰাই লগতে দাবী কৰি কয় যে আগলৈ চৰকাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত চলি থকা নাও আৰু ফেৰীৰ বীমা আৰু লাইচেন্সৰ ব্যবস্থা কৰিব লাগে। কেৱল লাইচেন্স থকা চালকে যাতে ফেৰী সমূহ চলাই, তাৰ প্ৰতিও তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে।

এনেকুৱা ফেৰী আৰু নাওঁৰ প্ৰতিগৰাকী যাত্ৰীৰ বাবে লাইফ জেকেট ৰখাটো বাধ্যতামূলক কৰিব লাগে। নাওৰ ওপৰত উদ্ধাৰকাৰী থকাটো বাধ্যতামূলক কৰিব লাগে। দুৰ্ঘটনা ৰোধ কৰাৰ বাবে নদীত আৰক্ষীৰ দল, আৰু কৌশলগতভাৱে এন দি আৰ এফ আৰু এছ দি আৰ এফৰ কৰ্মীৰ কিছুমান ষ্টেচন হোৱাটো অত্যন্ত দৰকাৰী।

বিজেপি চৰকাৰৰ ভূমি পূজন আৰু নমামি ব্ৰহ্মপুত্ৰ আৰু বহুত হ’ল। তেওঁলোকে অসমৰ সাধাৰণ জনতাৰ জীৱনৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

August 17, 2025 4:53 pm
আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

August 17, 2025 4:20 pm
ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

August 17, 2025 3:55 pm
‘আস্থাভিত্তিক শাসন’ নে ‘অপৰাধীক সুৰক্ষা প্ৰদানৰ কৌশল! লোকসভাত উত্থাপন হ’ব জন বিশ্বাস (সংশোধনী) বিধেয়ক-২০২৫

‘আস্থাভিত্তিক শাসন’ নে ‘অপৰাধীক সুৰক্ষা প্ৰদানৰ কৌশল! লোকসভাত উত্থাপন হ’ব জন বিশ্বাস (সংশোধনী) বিধেয়ক-২০২৫

August 17, 2025 3:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

August 17, 2025 4:53 pm
আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

August 17, 2025 4:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd