• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ল’কডাউনৰ সময়ত সাহায্য বিতৰণত বিজেপিয়ে কৰিছে গেৰুৱাকৰণ : ৰিপুন বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 8, 2020 8:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল’কডাউনৰ সময়ছোৱাত বিজেপিয়ে দৰিদ্ৰ লোকক সাহায্য বিতৰণৰ ক্ষেত্ৰত গেৰুৱাকৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

‘দৰিদ্ৰ লোকক আঁচনি বিতৰণৰ গোটেই প্ৰক্ৰিয়াটো গেৰুৱাকৰণ হৈছে। বিজেপিৰ কৰ্মীক বাছি বাছি তেওঁলোকে আঁচনিত অন্তৰ্ভুক্ত কৰিছে। অবিজেপি লোকসকলক সম্পূৰ্ণৰূপে বঞ্চিত কৰিছে। সংশ্লিষ্ট বিভাগক পঞ্চায়তৰ অন্তৰ্গত লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিদি এই দায়িত্ব বিজেপিৰ নেতাক দিছে।‘ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা ভিডিঅ’ত ৰিপুন বৰাই এইদৰে কয়।

Apply Now

ইয়াৰোপৰি ‘বিজেপি চৰকাৰে মাছৰ তেলৰে মাছ ভাজিছে’ বুলি উল্লেখ কৰি বৰাই লগতে কয় ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত দৰিদ্ৰ পৰিয়ালে ৫ কিঃ গ্ৰাঃ চাউল লাভ কৰি আহিছে। এই আঁচনিৰ লগত ল’কডাউন বা কৰ’না ভাইৰাচৰ কোনো সম্পৰ্ক নাই। কিন্তু চৰকাৰে এই আঁচনিৰ চাউল বিতৰণ কৰি তেওঁলোকে ল’কডাউনৰ ক্ষতিপূৰণ হিচাপে দি আভুৱা ভাৰিছে।‘

ল’কডাউনৰ ক্ষতিপূৰণ হিচাপে নিৰ্মলা সীতাৰমণে ঘোষণা কৰা পাঁচ কেজি চাউল আৰু ১ কিঃ গ্ৰাঃ দালি অসমৰ দুখীয়া জনসাধাৰণে লাভ কৰা নাই বুলিও বৰাই গুৰুতৰ অভিযোগ তোলে।

বৰাই বিজেপিৰ মন্ত্ৰী-বিধায়কসকলৰ বিৰুদ্ধে অভিযোগ তুলি কয়, ‘বিজেপিৰ মন্ত্ৰী-বিধায়কসকলে ঠাই বিশেষে ৰাজহুৱাভাৱে বিতৰণ কৰিবলগীয়া চাউল সমবায়সমূহক ভয়-ভিতী দেখুৱাই এটা অংশ চাউল কৰ্তন কৰি লৈ গৈছে। সেই চাউলখিনি দলৰ ফালৰ পৰা বিতৰণ কৰা বুলি ৰাইজৰ মাজত বিতৰণ কৰিছে।‘

‘মানৱ জাতিৰ আজি জীয়াই থকাৰ সন্ধিক্ষণ আহিছে। এইখিনি সময়ত বিজেপি দলে ক্ষুদ্ৰ ৰাজনৈতিক লাভালাভৰ বাবে এনেকুৱা অমানৱীয় আচৰণ কৰিছে। সেয়া অতি লজ্জাজনক কথা।‘ বিজেপিক কটাক্ষ কৰি বৰাই কয়।

আনহাতে, ক্ষুদ্ৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰি যিসকল লোকে জীৱিকা নিৰ্বাহ কৰি আছিল সেইসকৱল ল’কডাউনৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে বুলি বৰাই উল্লেখ কৰি লগতে কয় ‘এইসকল লোকক অনুদান দিবৰ বাবে চৰকাৰে কোনোধৰণৰ আঁচনি লোৱা নাই। এইসকল লোককো সাহায্য প্ৰদান কৰিব লাগে বুলি চৰকাৰক দাবী জনাইছো।’

তদুপৰি চৰকাৰৰ কৃষি বিভাগে কৃষক ৰাইজক জলসিঞ্চনৰ বাবে প্ৰয়োজনীয় ডিজেল বিনামূলীয়াকৈ বা সুলভ মূল্যত যোগান ধৰিবলৈ বৰাই দাবী জনায়।

বৰাই আৰু কয় ‘কংগ্ৰেছ কৰ্মীসকলে দুখীয়া ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি আহিছে যদিও প্ৰশাসনে তেওঁলোকক অনুমতি দিয়া নাই। অন্য হাতেদি বিজেপিৰ কৰ্মীসকলক ল’কডাউনৰ নিয়ম ভংগ কৰি বা সামাজিক ব্যৱধানৰ নিয়ম ভংগ কৰি জাকে জাকে মানুহ ওলাই ৰাইজৰ মাজত সাহায্য বিতৰণৰ বাবে চৰকাৰে সুবিধা কৰি দিছে।‘

ওপৰোক্ত দাবীসমূহৰ লগতে মুঠ ১৫ টা দাবী পূৰণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই আজি অসম প্ৰদেশ কংগ্ৰেছে প্ৰধান মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd