• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাজোঁটৰ এখোজ! যৌথ সংবাদমেল পাতি বিজেপিক থকা-সৰকা ৰিপুন বৰা-অজিত ভূঞাৰ

একেখন মঞ্চত দেখা গ’ল প্ৰদেশ কংগ্ৰেছ, আঞ্চলিক গণমৰ্চা, চিপিআই আৰু চিপিআইএমৰ নেতাক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 1, 2020 7:48 pm
e4c74dff-35d8-4f75-b28d-4ae147be1748

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ ৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ এআইয়ুডিএফ, আঞ্চলিক গণ মৰ্চা, চিপিআই, চিপিআইএমৰ মিত্ৰতা তথা মহাজোঁটৰ বাবে যেন এখোজ আগবাঢ়িছে।

গুৱাহাটী প্ৰেছক্লাৱত যৌথভাৱে প্ৰদেশ কংগ্ৰেছ, আঞ্চলিক গণমৰ্চা, চিপিআই আৰু চিপিআইএমৰ নেতাই সম্বোধন কৰা এক সংবাদমেলেই তাৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰিলে।

Apply Now

২০২১ ৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত একত্ৰিত হোৱাৰ যেন পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে আজিৰ এই সংবাদমেলত।

যৌথভাৱে সম্বোধন কৰা এই সংবাদমেলত প্ৰথমে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই নিজৰ বক্তব্য ৰাখে আৰক্ষীৰ SIৰ কেলেংকাৰিৰ বিৰুদ্ধে।

বৰাই কয়, ‘গোটেই প্ৰশাসন ব্যৱস্থা আৰ.এছ.এছে হস্তগত কৰাটোৱেই তেওঁলোকৰ মূল এজেণ্ডা। সেইকাৰণে বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত অনানুষ্ঠানিকভাৱে OSD দিছে। এই OSD জন আৰ.এছ.এছৰ প্ৰতিনিধি হিচাপে চৰকাৰৰ লগত থাকে।‘

‘এই গোপন এজেণ্ডাৰ জৰিয়তে চৰকাৰী ব্যৱস্থাটোকে গেৰুৱাকৰণ কৰিছে। বিশেষকৈ তেওঁলোকে পুলিচ বিভাগটো নিৰ্বাচিত কৰি লৈছে। সেয়েহে তেওঁলোকে আগতীয়াকৈ তেওঁলোকৰ কেডাৰ বিলাকৰ মাজত প্ৰশ্ন কাকত ফাদিল কৰি এটা মক ট্ৰায়েল পাতিছিল।‘ সংবাদমেলত এইদৰে কয় ৰিপুন বৰাই।

ইপিনে, লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ নিৰ্দিষ্ট সময়ৰ পূৰ্বে মকট্ৰায়েল বহু ঠাইতে পাতিছিল বুলি দাবী কৰি তেওঁ লগতে কয় ‘কিন্তু থেংক ইউ লজৰ কথাটোহে পোহৰলৈ আহিল। আমাৰ হাতত বহু তথ্য আছে। যদি এই বিষয়ত তদন্ত হয় আমি এই তথ্যবোৰ যোগান ধৰিম।‘

ৰিপুন বৰাৰ মতে ‘আৰক্ষীয়েই আৰক্ষীৰ বিৰুদ্ধে তদন্ত কৰিবলৈ দিছে। গতিকে এই তদন্ত কেতিয়াও নিৰপেক্ষ নহয়।‘

‘প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত নিযুক্তি বৰ্ডৰ অধ্যক্ষজনৰ দায়িত্ব থাকে। কিন্তু এতিয়ালৈকে অধ্যক্ষজনক জবাবদিহি কৰা নাই। তেওঁ স্ব-ইচ্ছাৰে পদত্যাগ কৰি গুছি গৈছে।‘ বৰাই এইদৰে কয়।

ইপিনে, গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰী আছে, তেওঁৰ কাৰ্য্যালয়ৰ পৰাই এই কেলেংকাৰি হৈছে বুলি দাবী কৰি বৰাই লগতে কয় ‘তেওঁৰ বিভাগৰ বিৰুদ্ধে CID য়ে তদন্ত কৰাৰ কি সাহস আছে? তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্ত কৰাৰ কোনো সাহস নাই।‘

‘মুখ্যমন্ত্ৰী চকীত থকালৈকে এই তদন্ত নিৰপেক্ষ হ’ব নোৱাৰে। এই কেলেংকাৰিৰ বিৰুদ্ধে উচ্চ ন্যায়ালৰ ন্যায়াধীশৰ দ্বাৰা ন্যায়িক তদন্ত হ’ব লাগে আৰু তদন্ত সমাপ্ত নোহোৱালৈকে মুখ্যমন্ত্ৰী চকীখনৰ পৰা আঁতৰি থাকিব লাগে।‘ এইদৰে কয় বৰাই।

ইপিনে, উক্ত সংবাদমেলত উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ নেতা অজিত ভুঞাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰে।

‘প্ৰধান মন্ত্ৰীয়ে সংসদত প্ৰৱেশ কৰিয়েই সাষ্টাঙ্গে সেৱা কৰিছিল কিন্তু তেওঁ গণতন্ত্ৰ ৰক্ষা কৰিব পৰা নাই। কিন্তু বাকী প্ৰধানমন্ত্ৰীসকলে সেৱা কৰা নাছিল যদিও গণতন্ত্ৰ ৰক্ষা কৰিছিল। তেওঁ সেৱা কৰাটোও যে এক নাটক আছিল সেয়া পাছত প্ৰমাণ পোৱা গৈছিল।‘ ভূঞাই এইদৰে কয়।

তদুপৰি, সংসদতো প্ৰশ্নোত্তৰ শিতান আৰু প্ৰাইভেট মেম্বাৰ বিল আঁতৰাই দিয়া হ’ল বুলি উল্লেখ কৰি ভূঞাই কয় ‘মাত্ৰ দুটা স্পেচিয়েল মেনশ্যন আৰু শূণ্যকালীন ঘন্টা ৰখা হৈছে। যিটোত আমাৰ দৰে নিৰ্দলীয় সাংসদে কথা কোৱাৰ বাবে মাত্ৰ এক-ডেৰ মিনিট সময় পাওঁ।‘

‘দেশত যিখিনি গণতন্ত্ৰ আছিল তাকো হত্যা কৰা হৈছে। সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাটো প্ৰধানমন্ত্ৰীয়ে উপলুঙা কৰিছে। এইখন চৰকাৰৰ প্ৰতিটো কথা প্ৰতিটো পদক্ষেপত মিথ্যাচাৰ আৰু জনসাধাৰণক মুৰ্খ জ্ঞান কৰা কথাটোৱেই প্ৰতিফলিত হৈছে।‘ বিজেপি চৰকাৰক সমালোচনা কৰি এইদৰে কয় ভূঞাই।

ইপিনে, বিজেপিয়ে ৰাজনীতিক অপৰাধীকৰণ কৰিছে বুলি অভিযোগ তুলি তেওঁ লগতে কয় ‘ডিমা হাচাওৰ গাৰ্লোছাৰ বিৰুদ্ধে পুৰ্ণেন্দু লাংথাচা আৰু নিন্দু লাংথাচাক হত্যা কৰাৰ বাবে ইতিমধ্যে চাৰ্জশ্বীট হৈছে। কিন্তু বিজেপিয়ে এইবোৰ কেয়াৰ কৰা নাই আৰু তেওঁক ৰাখি থৈছে। বেছি হিন্দুত্ব দেখুৱাবলৈ গৈ তেওঁ ডিমা-হাচাওত মুছলমান শূণ্য কৰাৰ কথা ক’বলৈ সাহস কৰিছে। এই কথা ৰাজ্যসভাত মই উত্থাপন কৰিছিলো। শুনিছো ৰাজ্যৰ মুখ্য সচিবৰ পৰা এই সন্দৰ্ভত উত্তৰ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে।‘

‘বিজেপিয়ে গাৰ্লোছাৰ দৰে মানুহ ক্ষমতাত ৰাখি প্ৰমাণ কৰিছে যে তেওঁলোকে সংবিধান, গণতন্ত্ৰ একোৱেই বিশ্বাস নকৰে।‘ ভূঞাই কয়।

উক্ত সংবাদমেলত চিপিআই(এম) ৰ হৈ সাধাৰণ সম্পাদক বিবেক দাস আৰু চিপিআইৰ সাধাৰণ সম্পাদক মুনীন মহন্ত উপস্থিত থাকে।

আজিৰে পৰাই চাৰিওটা ৰাজনৈতিক দলে বিজেপি চৰকাৰৰ জন বিৰোধী নীতিৰ বিৰুদ্ধে একেলগে প্ৰতিবাদ তথা সংগ্ৰাম কৰি যাব বুলি নেতৃত্বই সদৰী কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026 1:32 pm
নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

June 20, 2026 12:55 pm
ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026 1:32 pm
নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

June 20, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd