• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শিৱসাগৰ সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ‘কা’ বিৰোধী শক্তিক একত্ৰিত হ’বলৈ আহ্বান ৰিপুন বৰাৰ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , February 9, 2020 3:57 pm

1 min read

শিৱসাগৰ সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ‘কা’ বিৰোধী শক্তিক একত্ৰিত হ’বলৈ আহ্বান ৰিপুন বৰাৰ
5k
VIEWS
Share on FacebookShare on Twitter

আজি অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শিৱসাগৰ সমষ্টিৰ বিধায়ক প্ৰয়াত প্ৰণৱ কুমাৰ গগৈৰ ঘৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা সজাতি দল উপস্থিত হয়।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাসহ এটি সজাতি দলে শিৱসাগৰ নগৰৰ ৰেডক্ৰচ ৰোডত থকা গগৈৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক দেখা কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে প্ৰয়াত নেতাজনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায়।

আনহাতে বিধায়কগৰাকীৰ মৃত্যুত খালী হৈ পৰা শিৱসাগৰ বিধানসভা সমষ্টিৰ আসনখনৰ বাবে হ’বলগীয়া উপ নিৰ্বাচন অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে।

বৰাই কয়, ‘প্ৰণৱ গগৈৰ মৃত্যুত আমি অতি দুখিত। তেওঁৰ মৃত্যুত খালি হোৱা শিৱসাগৰ সমষ্টিৰ উপ নিৰ্বাচন অসম নহয় ভাৰতৰ বাবেই গুৰুত্বপূৰ্ণ। যিহেতু সমগ্ৰ ভাৰতৰ লগতে ‘কা’ৰ বিৰোধিতাৰে অসমতো তীব্ৰ আন্দোলন গঢ়ি উঠিছে। ৰাজনৈতিক দল হিচাপে আন আন সংগঠনৰ লগত কংগ্ৰেছ দলে সন্মুখৰ পৰা ‘কা’ৰ বিৰুদ্ধে নেতৃত্ব লৈ আহিছে।’

‘কা’ বিৰোধী সকলো অনুষ্ঠান প্ৰতিষ্ঠান, আছু, শিল্পীসমাজ, আন আন জাতীয় সংগঠনে দল মত পৰিহাৰ কৰি জাতীয় স্বাৰ্থত, সংবিধানৰ স্বাৰ্থত একত্ৰিত হৈ এগৰাকী প্ৰাৰ্থী নিৰ্বাচন কৰি উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাব লাগে বুলি উল্লেখ কৰি তেওঁ এইক্ষেত্ৰত কংগ্ৰেছ দলে পূৰ্ণ সহযোগীতা আগবঢ়াব বুলি কয়।

Recent News

VideoCapture_20210123-074110

পুৰণিগুদামত নিশা দুৰ্ঘটনাগ্ৰস্ত তীৰ্থযাত্ৰীৰ বাছ; আহত প্ৰায় কুৰি জনৰো অধিক তীৰ্থযাত্ৰী

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd