NORTHEAST NOW (Assamese)

বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

December 3, 2024 10:34 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 3, 2024 6:59 pm

কেন্দ্ৰীয় চৰকাৰৰ ভুল বৈদেশিক নীতিৰ বাবেই বহিঃৰাষ্ট্ৰসমূহত থকা ভাৰতীয় মূলৰ লগতে হিন্দু সম্প্ৰদায়ৰ লোক আজি নিৰাপত্তাহীনতাত ভুগিছে। বিজেপি চৰকাৰৰ ভুল বৈদেশিক নীতিক সমালোচনা কৰি আজি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰে অসম প্ৰদেশ কংগ্ৰেছে।

শ শ কংগ্ৰেছ নেতা-কৰ্মীয়ে আজি দিনৰ ১১ বজাত হেঙেৰাবাৰীত থকা কামৰূপ মহানগৰ আয়ুক্তৰ কাৰ্যালয়ৰ সমুখত উপস্থিত হৈ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ পুত্তলিকা দাহ কৰে আৰু বিজেপি চৰকাৰ হায় হায় ধ্বনিৰে আকাশ-বতাহ কঁপাই তোলে।

কংগ্ৰেছ নেতা-কৰ্মীসকলে বাংলাদেশত হিন্দু ভাই-ভনীক নিৰাপত্তা দিয়ক, বাংলাদেশত সংখ্যালঘুৰ ওপৰত উৎপীড়ন নচলিব, চুবুৰীয়া ৰাষ্ট্ৰৰ হিন্দুসকলক সুৰক্ষিত কৰক আদি ধ্বনি দি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ দিশে আগুৱাই যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে।

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ, বিপুল গগৈ, ৰামান্না বৰুৱা, ৰাজেশ যোশী, গোপাল শৰ্মা, বালিকা পেগু, ৰূপা দেউৰী, বেদব্ৰত বৰা প্ৰমুখ্যে নেতাসকলৰ নেতৃত্বত যোৱা কংগ্ৰেছ কৰ্মীসকলে বহু সময় ধৰি বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে ধ্বনি দিয়ে। এই কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি গুণকান্ত গগৈ, সাধাৰণ সম্পাদক উদয়ভানু দাস, সম্পাদক উমেশ ডেকা, সেৱা দলৰ সভাপতি দীপ বায়ন প্ৰমুখ্যে লোকসকলে অংশগ্ৰহণ কৰে।

Related News