NORTHEAST NOW (Assamese)

এন আৰ চিৰ শুনানিৰ নামত হাৰশাস্তি ভোগা জনতাৰ হৈ হাজেলাক সাক্ষাৎ এ পি চি চিৰ ১১ জনীয়া প্ৰতিনিধি দলৰ

August 5, 2019 10:07 pm · শান্তনু শইকীয়া
এ পি চি চিৰ সংবাদমেল

ৰাজীৱ ভৱনত সোমবাৰে অনুষ্ঠিত এখন সংবাদমেলত প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ মুখপাত্র দুৰ্গা দাস বড়োয়ে এন আৰ চিৰ শুনানিৰ নামত হাৰশাস্তি ভোগকৰা জনতাৰ হকে এ পি চি চি ১১ জনীয়া এটা প্ৰতিনিধি দলে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষৎ কৰে বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, প্ৰতিনিধিৰ দলটোৱে হাজেলাক সাক্ষাৎ কৰি স্মাৰক পত্ৰও প্ৰদান কৰে বুলি উল্লেখ কৰে।

সংবাদমেলত যোৱা নিশা ন-মাইলৰ ঘটনাটো উল্লেখ কৰি তেওঁ কয়, ‘মাত্ৰ ৪৮ ঘন্টাৰ কম সময়ত এন আৰ চিৰ শুনানিৰ নামত খাতি খোৱা লোকক হাৰাশাস্তি কৰি এনেদৰে শুনানিৰ বাবে জাননী জাৰি কৰাৰ ফলশ্ৰুতিতে দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে’’।

এইক্ষেত্ৰত প্ৰতিনিধি দলটোৱে সোমবাৰে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি এন আৰ চি শুনানিৰ নামত ৪৮ ঘন্টাত হাজিৰ হ’ব নোৱাৰা লোকসকলৰ বাবে পুনৰ সুযোগ দিয়াৰ কাৰণে আহ্বান জনাই বুলি তেওঁ কয়।

হাজেলাই তেওঁলোকৰ দাবী সমূহ গ্ৰহণ কৰি দুৰ্ঘটনা সংঘটিত হোৱা লোকসকলৰ বাবে তেওঁলোকৰ জিলালৈ  গৈ এন আৰ চিৰ শুনানিৰ কাম কৰিব বুলি আশ্বাস দিয়ে।

তাৰোপৰি,  এন আৰ চি শুনানিৰ বাবে পৰবৰ্তী সময়ত ৪৮ ঘন্টাৰ সময়সীমা বৃদ্ধি কৰা হ’ব বুলিও প্ৰতিনিধি দলটোক প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Related News