NORTHEAST NOW (Assamese)

বিজেপিৰ মন্ত্ৰী হিমন্ত, ৰণজিৎ দাসেৰে মিটিঙ পাতি শলঠেকত কংগ্ৰেছী নেতা বিশ্বজিৎ ৰায়!

November 15, 2020 8:20 pm · কল্পজ্যোতি শইকীয়া

বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সৈতে ৰাজনৈতিক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ বাবে শলঠেকত পৰিছে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ বিশ্বজিৎ ৰায়।

যোৱা ১৩ নৱেম্বৰৰ দিনা কোকৰাঝাৰৰ চালাকাটিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ সৈতে একেশাৰীতে দেখা গৈছিল কংগ্ৰেছী বিশ্বজিতক।

উক্ত ফটোখন মুহূৰ্ততে ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মেডিয়াত।

তাৰ পাছতে আজি প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰঞ্জন বৰাৰ স্বাক্ষৰ সম্বলিত এক জাননীযোগে তিনিদিনৰ ভিতৰত অৰ্থ্যাৎ অহা ১৮ নৱেম্বৰৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে।

উক্ত জাননীত কিয় বিশ্বজিতে দলীয় অনুশাসন ভংগ কৰিলে তাৰ কাৰণো দৰ্শাবলৈ জনোৱা হৈছে।

ইপিনে, এই সন্দৰ্ভত বিশ্বজিত ৰায়ে জনজাতিকৰণৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক আলোচনাৰ কৰিবলৈ মতা বাবেহে উপস্থিত আছিল বুলিহে উদ্ভুট যুক্তি দিয়ে।

Related News