• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

আনুষ্ঠানিকভাৱে উল্লেখ কৰা হৈছে যে আন্তঃগাঁথনিৰ বাবে দেশৰ এক লাখৰো অধিক পেট্ৰ’ল পাম্পত বিশুদ্ধ ই ১০ আৰু ই ২০ পেট্ৰ’ল একেলগে পোৱাটো সম্ভৱ নহয়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2026 9:44 am
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইথানল মিশ্ৰিত পেট্ৰ’লে (E20) বাহনৰ মাইলেজ কিছু পৰিমাণে হ্ৰাস কৰে। অৱশেষত এই কথা স্বীকাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে। এক বিবৃতিত পেট্ৰলিয়াম মন্ত্ৰালয়ে কয় যে কমেও ৫ শতাংশ মাইলেজ কমে। কিন্তু কম ইথানল (E10) মিহলি কৰা পেট্ৰ’লতকৈ ই বিশুদ্ধ আৰু পৰিষ্কাৰ। অন্যান্য প্ৰদৰ্শনৰ ক্ষেত্ৰতো ইয়াৰ মানদণ্ড উন্নত।

সম্পূৰ্ণ পেট্ৰ’ল চালিত যানবাহনত E20 ব্যৱহাৰ কৰিলে যান্ত্ৰিক ক্ষতি হয় বুলি কোৱাটো শুদ্ধ নহয়। ২০০২ চনৰ পৰা এই সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা চলি আহিছে। যোৱা ১৩ বছৰৰ পৰীক্ষাত নিশ্চিত হৈছে যে ইথানল মিহলি কৰা পেট্ৰ’লে ইঞ্জিনৰ কোনো ক্ষতি নকৰে।

Apply Now

ইয়াৰ উপৰিও আনুষ্ঠানিকভাৱে উল্লেখ কৰা হৈছে যে আন্তঃগাঁথনিৰ বাবে দেশৰ এক লাখৰো অধিক পেট্ৰ’ল পাম্পত বিশুদ্ধ ই ১০ আৰু ই ২০ পেট্ৰ’ল একেলগে পোৱাটো সম্ভৱ নহয়।

আগতে দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ গৃহিণীৰ এটা কাম আছিল চাউলৰ পৰা শিলগুটি আঁতৰোৱা। নিৰ্দিষ্ট মূল্যত চাউল ক্ৰয় কৰিলেও চাউলৰ লগত শিলগুটি মিহলি আছিল। দাঁতত লাগিলে মানুহে বিৰক্তি আৰু বিষৰ অনুভুতিত ভুগিছিল। শিলগুটি মিহলি কৰাটো আছিল দুৰ্নীতি। ই অবৈধ আছিল।

কিন্তু আধুনিক ভাৰতত মোডী চৰকাৰে আনুষ্ঠানিকভাৱে পেট্ৰ’লত ইথানল মিহলাই বিক্ৰী কৰে। আৰু মূল্য লোৱা হয় বিশুদ্ধ পেট্ৰ’লৰ। ইয়াৰ ফলত বিৰোধী ৰাজনৈতিক দল আৰু সাধাৰণ ৰাইজৰ মাজত তীব্ৰ ক্ষোভ, বিৰক্তি আৰু প্ৰশ্ন উত্থাপিত হৈছে।

কিন্তু পেট্ৰলিয়াম মন্ত্ৰালয়ে শুকুৰবাৰে স্পষ্ট কৰি দিছে যে কম মূল্য লোৱা সম্ভৱ নহয়। কাৰণ, পেট্ৰলত ইথানল মিহলোৱাৰ প্ৰকৃত উদ্দেশ্য দেশৰ শক্তি সুৰক্ষা বৃদ্ধি কৰা, মূল্য হ্ৰাস কৰা নহয়। তদুপৰি কৃষকৰ উচিত প্ৰাপ্য নিশ্চিত কৰিবলৈ চৰকাৰে লাভজনক মূল্যত ইথানল ক্ৰয় কৰে। বিশ্ব বজাৰত বৰ্তমান খাৰুৱা তেলৰ যি মূল্য, তাত বিশুদ্ধ পেট্ৰ’লতকৈ ই-২০ উৎপাদনৰ খৰচ বেছি।

এই মুহূৰ্তত মূল অভিযোগ হ’ল পেট্ৰ’লৰ সৈতে ২০ শতাংশ ইথানল মিহলি কৰিলে গাড়ীৰ ইঞ্জিনৰ ক্ষতি হয়। মাইলেজ কমি যায়। চৰকাৰে এই তত্ত্ব একাধিকবাৰ খণ্ডন কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে বছৰ বছৰ ধৰি গাড়ীত ইথানল ব্যৱহাৰৰ আটাইতকৈ ডাঙৰ যুক্তি আগবঢ়াই আহিছে।

বিৰোধীৰ অভিযোগ যে এতিয়া স্পষ্ট হৈ পৰিছে নীতিন গাডকাৰীয়ে কিয় যোৱা ১২ বছৰ ধৰি ইথানলৰ সমৰ্থক আৰু প্ৰচাৰক! কাৰণ তেওঁৰ দুয়োজন পুত্ৰৰ ইথানল উৎপাদন কোম্পানী আছে। অৱশ্যে গাডকাৰীয়ে এই অভিযোগ মানি ল’বলৈ অনিচ্ছুক।

শেহতীয়াকৈ ইথানলৰ ব্যৱহাৰৰ বিৰুদ্ধে হঠাতে হুলস্থুলৰ সৃষ্টি হৈছে। সেয়ে, এইবাৰ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়েও জনাইছে যে আটাইকেইটা আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় গাড়ী নিৰ্মাতাই ইথানলে কোনো ক্ষতি নকৰে বুলি উল্লেখ কৰিছে। যদিও এইবাৰ প্ৰথমবাৰৰ বাবে মন্ত্ৰালয়ে এক বিবৃতিত স্পষ্ট কৰি দিছে যে মাইলেজ কমে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd