কাৰ্বি আংলঙ জিলাত পাম্প ষ্টৰেজ নিৰ্মাণৰ নামত দখল কৰিব খোজা হৈছে শ শ বিঘা অৰণ্যৰ ভূমি। এই প্ৰকল্পৰ বিৰোধিতা কৰিছে আইন বিশেষজ্ঞ আৰু ভূমি অধিকাৰ কৰ্মীসকলে। তেওঁলোকে অভিযোগ কৰিছে যে ৰাজ্য চৰকাৰে ষষ্ঠ অনুসূচীভুক্ত এলেকাত কৰ্পৰেটৰ প্ৰৱেশ সহজ কৰি তুলিবলৈ এপিডিচিএলক ব্যৱহাৰ কৰিছে।
অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সে অসম চৰকাৰে বনভূমিৰ শ্ৰেণীৰ পৰিবৰ্তন কৰিব খোজা প্ৰস্তাৱৰ বিৰোধিতা কৰিছে। সংঠনটোৱে অভিযোগ কৰিছে যে বনভূমিৰ শ্ৰেণীৰ পৰিবৰ্তন কৰিবৰ বাবে অসম চৰকাৰে এপিডিচিএলক ঢাল হিচাপে ব্যৱহাৰ কৰিছে। সংগঠনটোৰ অভিযোগ অনুসৰি, এপিডিচিএলৰ নামত ভূমি দখল কৰিব খোজা হৈছে যদিও এই প্ৰকল্পৰ পৰা আচলতে বহিৰাগত তথা ব্যক্তিগত খণ্ডৰ কোম্পানীহে লাভাম্বিত হ’ব।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰে চৰকাৰ এই প্ৰস্তাৱৰ বিৰোধিতা কৰি কয় যে পাম্প ষ্ট’ৰেজ প্ৰকল্পৰ বাবে যি বনভূমিৰ শ্ৰেণীৰ পৰিবৰ্তন কৰিব খোজা হৈছে, তাত বসবাস কৰি থকা লোকসকলৰ কি হ’ব? এয়া হৈছে প্ৰথম প্ৰশ্ন। জনজাতীয় লোকসকলৰ অধিকাৰৰ সমস্যা সমাধান নকৰাকৈয়ে নতুন প্ৰকল্পৰ বাবে ভূমিৰ শ্ৰেণীৰ পৰিবৰ্তনৰ পৰিকল্পনা কৰা হৈছে। আনহাতে, জনজাতীয় লোকসকলৰ অধিকাৰৰ বিষয়টো কি হ’ব সেয়া স্পষ্ট নহয়।”
তেওঁ কয় যে ভূমিৰ শ্ৰেণীৰ পৰিবৰ্তনৰ বিষয়ে কোনো আলোচনা কৰাৰ আগতে জনজাতীয় মানুহৰ অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰাতো জৰুৰী।
তেওঁ লগতে কয়, “প্ৰথমে তেওঁলোকৰ অধিকাৰ নিষ্পত্তি কৰিব লাগে আৰু তাৰ পিছতহে ভূমিৰ শ্ৰেণীৰ পৰিবৰ্তনৰ প্ৰসংগ আহিব লাগে। এই বিষয়বোৰ স্পষ্ট নকৰাকৈ ভূমিৰ শ্ৰেণী পৰিবৰ্তনৰ বিষয়টো উত্থাপন কৰা ভুল।”
বৰঠাকুৰে সতৰ্ক কৰি দিয়ে যে এই প্ৰকল্পসমূহে ষষ্ঠ অনুসূচীৰ অধীনত থকা সাংবিধানিক সুৰক্ষাত আঘাত কৰিব।
তেওঁ কয়, “ষষ্ঠ অনুসূচী হৈছে জনজাতীয় লোকসকলৰ সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক আৰু ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে প্ৰণয়ন কৰা এক আইন। কিন্তু চৰকাৰে তাত বৃহৎ পৰিসৰৰ প্ৰকল্প আৰম্ভ কৰিছে। এই প্ৰকল্পসমূহে তেওঁলোকক স্থানচ্যুত কৰিব। ই ষষ্ঠ অনুসূচীৰ ধাৰণাটোক লঘু আৰু বিকৃত কৰিব।”
এপিডিচিএলৰ নেতৃত্বত উত্থাপন কৰা এই প্ৰস্তাৱসমূহক অবৈধ আখ্যা দি অধিবক্তাগৰাকীয়ে অভিযোগ কৰে যে কৰ্পৰেট স্বাৰ্থ পূৰণৰ বাবে পৰিকল্পিতভাবে আইনৰ অপব্যৱহাৰ কৰা হৈছে।
বৰঠাকুৰে কয়, “এই ক্ষেত্ৰত অসম চৰকাৰে কৰ্পৰেট সংস্থাসমূহক মাটি আবণ্টন দিওঁতে আইনৰ অপব্যৱহাৰ কৰিছে। চৰকাৰে সম্পূৰ্ণ অবৈধভাৱে এই মাটি কৰ্পৰেটৰ হাতত তুলি দিবলৈ পৰিৱেশৰ অনুমতি লাভৰ বাবে এপিডিচিএলক (APDCL) এক প্ৰতিনিধি হিচাপে ব্যৱহাৰ কৰিছে। এয়া কৰ্পৰেট ভূমি দখলৰ এক প্ৰচেষ্টাৰ বাহিৰে আন একো নহয়।” তেওঁ লগতে কয় যে ষষ্ঠ অনুসূচীভুক্ত এলেকাত কৰ্পৰেটৰ বাবে প্ৰত্যক্ষভাৱে মাটি আবণ্টন দিয়াত থকা আইনী বাধাৰ বাবে এপিডিচিএলক “ঢাল” হিচাপে ব্যৱহাৰ কৰা হৈছে।
একেই উদ্বেগ প্ৰকাশ কৰি যৌথ ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ আহ্বায়ক সুব্ৰত তালুকদাৰে অভিযোগ কৰে যে কৰ্পৰেট শোষণৰ বাবে কাৰ্বি আংলঙক পদ্ধতিগতভাৱে মুকলি কৰি দিয়া হৈছে। তালুকদাৰে কয়, “কাৰ্বি আংলং আদানি, আম্বানি, গোদৰেজ, পতঞ্জলি, গ্ৰীণকো আদি কৰ্পৰেট হাউচৰ বাবে এটা কলনিত পৰিণত কৰা হৈছে। ২০২১ চনত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পৰাই কাৰ্বি আংলঙৰ প্ৰায় ১.৫ লাখ বিঘা মাটি কৰ্পৰেট সংস্থাসমূহক হস্তান্তৰ কৰাৰ পৰিকল্পনা চলি আছে।”
তেওঁ দাবী কৰে যে পৰম্পৰাগত কৃষিভূমি বাহিৰৰ বণিয়াৰ হাতলৈ যোৱাৰ ফলত স্থানীয় অৰ্থনীতি, ৰাজনীতি আৰু সংস্কৃতি ধ্বংস হ’বলৈ আৰম্ভ ধৰিছে।
তালুকদাৰে পিএছপি (PSPs)ৰ সৈতে জড়িত শেহতীয়া উচ্ছেদৰ চেষ্টাৰ কথাও উল্লেখ কৰে।
তেওঁ কয়, “শেহতীয়াকৈ পাম্প ষ্ট’ৰেজ প্ৰকল্প নিৰ্মাণৰ বাবে কাৰ্বি আংলঙৰ কেইবাখনো গাঁৱৰ পৰা মানুহক উচ্ছেদ কৰাৰ চেষ্টা চলোৱা হৈছে। বৃহৎ প্ৰকল্প হাতত লোৱাৰ বাবে স্থানীয় লোকসকলৰ সৈতে কোনো ধৰণৰ আলোচনা কৰা হোৱা নাই। এই প্ৰকল্পসমূহে পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত কি প্ৰভাৱ পেলাব, সেই বিষয়েও কোনো অধ্যয়ন কৰা হোৱা নাই।”
তেওঁৰ মতে, স্থানীয় প্ৰতিৰোধৰ বাবে এতিয়ালৈকে কেইবাটাও প্ৰকল্পৰ কাম স্তব্ধ হৈ আছে।
তালুকদাৰে পিএছপি (PSPs) সমূহক স্থায়ীভাৱে বাতিল কৰাৰ দাবী জনাই কয়, “কাৰ্বি আংলঙৰ স্থানীয় ৰাইজে গণতান্ত্ৰিকভাৱে ইয়াৰ বিৰুদ্ধে যুঁজ দি আছে, কিন্তু চৰকাৰে এই কথাত কোনো গুৰুত্ব দিয়া নাই। ৰাইজৰ গণতান্ত্ৰিক আন্দোলনৰ বাবেই চৰকাৰে এতিয়ালৈকে বহু প্ৰকল্প ৰূপায়ণ কৰিব পৰা নাই।”
সচেতন লোকসকলে অসম চৰকাৰ আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ ওপৰত চাপ বৃদ্ধি কৰিছে। সক্ৰিয় কৰ্মী সকলে সতৰ্ক কৰি দিছে যে ব্যক্তিগত কৰ্পৰেটৰ বাবে এপিডিচিএলক সন্মুখত ৰাখি কাম কৰিবলৈ অনুমতি দিলে বনাঞ্চল অধিকাৰ আইন (Forest Rights Act) ভংগ হোৱাৰ লগতে ষষ্ঠ অনুসূচীৰ সুৰক্ষাক দুৰ্বল কৰিব পাৰে।





