NORTHEAST NOW (Assamese)

এ পি এছ চি কেলেংকাৰি : অভিযুক্ত ২২জনক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ

August 14, 2018 8:50 am · এন ই নাও নিউজ
এপিএছচিৰ কেলেংকাৰিত অভিযুক্ত বিষয়া। ফাইল ফটো

এ পি এছ চিৰ ধনৰ বিনিময়ত চাকৰি ক্ৰয় কেলেংকাৰিত অভিযুক্ত ২২জনক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। অলপতে গ্ৰেপ্তাৰ কৰা উক্ত ২২ জন অভিযুক্তক সোমবাৰে বিশেষ আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

আদালতে কাৰাগাৰালৈ প্ৰেৰণ কৰা অভিযুক্তসকলৰ ভিতৰত আছে ২০জন ৰাজপত্ৰিত বিষয়া আৰু দুজন দালাল।

যোৱা ১৮ জুলাইত ১৯জন ৰাজপত্ৰিত বিষয়াক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত ২৩ জুলাইত গ্ৰেপ্তাৰ কৰিছিল অন্য এজন ৰাজপত্ৰিত বিষয়াক। তদুপৰি, প্ৰাৰ্থী বাছনিৰ নামত মধ্যভোগীৰ ভূমিকা লোৱা দুজন দালালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

শেহতীয়াকৈ ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত উক্ত ২০জন ৰাজপত্ৰিত বিষয়াক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। কিন্তু ন্যায়িক জিম্মাৰ ম্যাদ উকলি যোৱাৰ পাছত সোমবাৰে আটাইকেইজনক আদালতত হাজিৰ কৰোৱাত আদালতে পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

আনহাতে, ডিব্ৰুগড় আৰক্ষীয়ে আন কেইজনমান বিষয়া গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনাৰ কথা সদৰী কৰিছে। শীঘ্ৰেই কেইজনমান বিষয়া গ্ৰেপ্তাৰ হোৱাৰ লগতে কেইজনমান দালালো গ্ৰেপ্তাৰ হ’ব বুলি আৰক্ষীয়ে সদৰী কৰিছে।

ইপিনে গ্ৰেপ্তাৰ হোৱাৰ আশংকাত কেইবাজনো দালালে আত্মগোপন কৰাত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে।

Related News